আজিৰ সম্পাদকীয়,স্থায়ী ৰক্ষাকৱচ
Dainik Janambhumi
November 21, 2024
ডিজিটেল ডেস্কঃ অসমৰ নাগৰিকৰ মাজত সততে উচ্ছাৰণ হৈ থকা অসম চুক্তি, চুক্তিৰ ৬নং দফা, এন আৰ চি, ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শ আদি গোটেই বিষয়বোৰ জড়িত হৈ আছে এটা মাত্ৰ কেন্দ্ৰবিন্দুত৷ সেইটো হৈছে– বিদেশী সমস্যা৷ বিদেশী বুলি কওঁতে এতিয়া আৰু নেপাল, ভূটান, চীন আদি দেশৰ পৰা ভাৰতলৈ অৰ্থাৎ অসমলৈ প্ৰব্ৰজন ঘটাৰ পৰিৱেশ নাই৷ বাকী থাকিল বাংলাদেশ আৰু ম্যানমাৰ৷ এই দুয়োখন দেশৰ পৰা প্ৰব্ৰজিত অবৈধ বিদেশীকে অসম তথা দেশৰ ‘বিদেশী’ সমস্যা হিচাপে আখ্যায়িত কৰা হৈছে৷ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পৰৱৰ্তী প্ৰায় সত্তৰ দশক ধৰি এই দুয়োখন দেশৰ পৰা ছেগা-চোৰোকাকৈ ঘটি থকা অবৈধ প্ৰব্ৰজনে আমাৰ দেশক কিদৰে উত্তপ্ত কৰি ৰাখিছে, কিদৰে ভাৰাক্ৰান্ত কৰি ৰাখিছে সেয়া সকলোৰে বোধ-জ্ঞানৰ ভিতৰত৷ বাংলাদেশৰ পৰা হিন্দু-মুছলমান অনুপ্ৰৱেশকাৰী, ম্যানমাৰৰ পৰা অহা ৰহিঙীয়া মুছলমান, কুকি আদি প্ৰব্ৰজনকাৰীয়ে যে অশান্তিৰ বীজ সিঁচিছে সেই কথা আজিৰ তাৰিখত আৰু কাকো বুজাই কোৱাৰ প্ৰয়োজন নাই৷ এতিয়া মূল কথাটো হ’ল– এই গুৰুতৰ সমস্যাৰ সমাধানসূত্ৰ কি হ’ব ? ইতিহাসলৈ উভতি চালে দেখা যায় যে অসমত ছবছৰীয়া ৰক্তক্ষয়ী ‘অসম আন্দোলন’ হ’ল, আঠ শতাধিক শ্বহীদো হ’ল, বিনিয়মত নামত ‘অসম চুক্তি’ স্বাক্ষৰিত হ’ল ঠিকেই, কিন্তু কাৰ্যকৰী আজিপৰ্যন্ত নহ’ল৷ সেইদৰে বহিঃশক্তিৰ প্ৰবল ভাবুকিৰ পাছত দেশৰ প্ৰতিৰক্ষা শিতানত বছৰি পুঁজি বৃদ্ধি কৰি গৈ থকা হ’ল, কিন্তু সুৰক্ষাৰ স্বাৰ্থতেই আজিপৰ্যন্ত বাংলাদেশ-ম্যানমাৰকে ধৰি দেশৰ সীমান্ত ছীল কৰা নহ’ল৷ অসমৰ ৰাইজে বাৰম্বাৰ চিঞৰি থাকিল– অসম চুক্তিৰ ছয় নং দফা সম্পূৰ্ণ ৰূপায়ণ অবিহনে অসমৰ খিলঞ্জীয়া ৰাইজৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত নহয়৷ কিন্তু কাণসাৰৰ পৰিৱৰ্তে হোঁহকা-পিছলাৰ ৰাজনীতিহে চলি থাকিল৷ কোনোবাৰ যদি ‘খিলঞ্জীয়া’ৰ সংজ্ঞাক লৈ বিতৰ্কৰ সূচনা হ’ল, আন কোনোবাৰ আকৌ ‘অসমীয়া’ক লৈ হ’ল৷ কোনোবাৰ যদি চুক্তিৰ ছয় নম্বৰ দফাৰ সংশোধনৰ প্ৰশ্ন উত্থাপন হ’ল, আন কোনোবাৰ আকৌ ইয়াৰ ৰূপায়ণৰ বাবে কেন্দ্ৰীয় আইন সংশোধনৰ প্ৰয়োজনীয়তাৰ দাবী উঠিল৷ কিন্তু প্ৰতিবাৰেই তীব্ৰ বিতৰ্ক, দাবী আৰু উত্তপ্ত পৰিস্থিতিৰ মাজতেই প্ৰক্ৰিয়াটোৰ ইতি পৰিল৷ ইয়াৰ মাজতে উচ্ছতম ন্যায়ালয়ৰ হস্তক্ষেপত এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়াও আৰম্ভ হ’ল৷ ন্যায়ালয়ে ২০০৬ চনতে অসমৰ নাগৰিকপঞ্জী উন্নয়নৰ বাবে নিৰ্দেশ জাৰি কৰিছিল৷ ইয়াৰ চাৰি বছৰৰ পাছত অৰ্থাৎ ২০১০ চনত ৰাজ্য চৰকাৰে বৰপেটাত নাগৰিকপঞ্জী উন্নয়নৰ প্ৰথমটো পাইলট প্ৰজেক্ট আৰম্ভ কৰে৷ কিন্তু আমছুৱে এই প্ৰক্ৰিয়া আসোঁৱাহপূৰ্ণ আৰু পক্ষপাতিত্বমূলক বুলি অভিযোগ কৰি তীব্ৰ বাধা আৰোপ কৰিলে৷ ৰক্তক্ষয়ী-প্ৰাণনাশী প্ৰতিবাদৰ পাছত চৰকাৰে কাম স্থগিত ৰাখিবলগীয়া হ’ল৷ পৰৱৰ্তী সময়ত উচ্ছতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ বাবে বাজেটত ১৪৪ কোটি টকা ধাৰ্য কৰিলে আৰু অসম চৰকাৰৰ এগৰাকী উচ্ছ পদস্থ বিষয়া প্ৰতীক হাজেলাক সমন্বয়ৰক্ষীৰ দায়িত্বত নিয়োগেৰে কাম পুনৰ আৰম্ভ কৰে৷ পূৰ্ণগতিত চলি থাকিল কাম৷ এন আৰ চিজনিত কাৰণতে প্ৰায় ৫৩জনৰ প্ৰাণহানিও হ’ল৷ দীৰ্ঘ প্ৰতীক্ষাৰ পাছত ২০১৯ চনৰ ৩১ আগষ্টত চূড়ান্ত এন আৰ চি ঘোষিত হ’ল, য’ত আৱেদন কৰা প্ৰায় ৩.৩ কোটি লোকৰ ৩.১ কোটিৰো অধিক লোকৰ নাম অন্তৰ্ভুক্ত হ’ল৷ বাকী থকা প্ৰায় ১৯ লাখ লোক বিদেশী হিচাপে বিবেচিত হ’ল৷ কিন্তু ইয়াতো উঠিল আসোঁৱাহ-বিসংগতিৰ অভিযোগ৷ সৰৱ হৈ পৰিল বিভিন্ন পক্ষ৷ স্বয়ং বিজেপি চৰকাৰেই ঘোষণা কৰিলে যে তেওঁলোকে এইখন এন আৰ চিক কেতিয়াও গ্ৰহণ নকৰে৷ আচলতে এন আৰ চিৰ বিসংগতিসমূহ অসাধাৰণ নাছিল৷ যেনে– নথি-পত্ৰৰ বিসংগতি-অভাৱৰ বাবে বহু প্ৰকৃত নাগৰিক বঞ্চিত হোৱা; তথ্য সংগ্ৰহ-পৰীক্ষণত দুৰ্নীতি আৰু জালিয়াতি হোৱা; বিশেষভাৱে ধৰ্মীয় সংখ্যালঘুক লক্ষ্য কৰি লোৱা; সমগ্ৰ প্ৰক্ৰিয়াটো অধিক ব্যয়বহুল আৰু লেহেম হোৱা; মহিলা, বিয়াৰ পাছত নাম সলনি কৰা, বিদ্যালয়লৈ নোযোৱা লোক, উত্তৰাধিকাৰীসূত্ৰে সম্পত্তি লাভ নকৰা লোক, যাযাবৰী আৰু আদিবাসী, অনাথ আৰু পৰিত্যক্ত শিশু, নিৰক্ষৰ, বিশেষভাৱে সক্ষম লোকৰ হাৰাশাস্তি আদি৷ এইখিনি কাম পুনৰীক্ষণৰ দ্বাৰা খুব কম দিনৰ ভিতৰতে সম্ভৱ হৈ উঠিলহেঁতেন৷ কিন্তু তাকে নকৰাকৈয়ে অসম চৰকাৰে হঠাৎ লখিমপুৰত অনুষ্ঠিত কেবিনেট বৈঠকত অসম চুক্তিৰ ৬ নং দফা সম্পূৰ্ণ ৰূপত কাৰ্যকৰীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ কেবিনেটে ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ ৫৭টা পৰামৰ্শ কাৰ্যকৰী কৰাৰ বাবে অনুমোদন জনায়৷ বাকী থকা ১০টা পৰামৰ্শৰ বাবে ভাৰত চৰকাৰৰ সৈতে আলোচনাৰো সিদ্ধান্ত লয়৷ অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণৰ অৰ্থে ২০১৯ চনৰ ১৫ জুলাইত ‘কা’ আন্দোলনৰ মাজতে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিখন গঠন কৰি দিছিল৷ ইয়াৰ সদস্য হিচাপে আন ১২জন লোককো দায়িত্ব দিয়া হৈছিল৷ সমিতিখনে ৰাজ্যৰ আটাইবোৰ ৰাজনৈতিক দল-সংগঠন আৰু বিশিষ্ট ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰি ২০২০ চনৰ ১০ ফেব্ৰুৱাৰীত এখন প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়ালে, য’ত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰলৈ মুঠ ৬৭টা পৰামৰ্শ আগবঢ়োৱা হৈছিল৷ তিনি বছৰৰো অধিক কাল চৰকাৰে পৰামৰ্শসমূহ পেলাই ৰখাৰ পাছত ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসমৰ চৰকাৰে লোৱা ২০২৫ চনৰ ১৫ এপ্ৰিলৰ ভিতৰত ইয়াৰ কাৰ্যকৰী ৰূপায়ণৰ সিদ্ধান্ত ল’লে৷ এই সিদ্ধান্তই ৰাজ্যবাসীৰ মাজত আশাৰ সঞ্চাৰ কৰিলেও এটা প্ৰশ্নই অহৰহ খুন্দিয়াই ফুৰিলে৷ প্ৰশ্নটো হ’ল– এন আৰ চি অবিহনে ছয় নং দফা ৰূপায়ণৰ কাৰ্যকাৰিতা কি হ’ব? এন আৰ চি অবিহনে অসমীয়া তথা খিলঞ্জীয়াই ৰাজনৈতিক সুৰক্ষা পালেও সেই সুৰক্ষা স্থায়ী হ’বগৈনে? প্ৰকৃতপক্ষে হ’ব লাগিছিল প্ৰথমে এন আৰ চি গ্ৰহণ আৰু তাৰ পাছতহে ছয় নং দফাৰ ৰূপায়ণ৷ কিন্তু সকলো জানি-বুজিও চৰকাৰে আসোঁৱাহপূৰ্ণ বুলি পেলাই ৰখা এন আৰ চিৰ পুনৰীক্ষণৰ বাবে আজিলৈকে ন্যায়ালয়ত আৱেদনেই নজনালে৷ এতিয়া সমগ্ৰ প্ৰক্ৰিয়াটো পুনৰবাৰ বিসংগতিৰ মাজত সোমাই পৰা নাইনে? শেহতীয়াকৈ এনে আশংকাকে ব্যক্ত কৰি এন আৰ চিৰ এগৰাকী প্ৰাক্তন সমন্বয়ক হিতেশ দেৱশৰ্মাই মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে৷ পত্ৰখনত তেওঁ উল্লেখ কৰিছে যে নথি প্ৰদান কৰা বিভাগসমূহে প্ৰায় ২৪ লাখ নথি তেওঁলোকৰ প্ৰদত্ত নহয় বুলি প্ৰতিবেদন দিছে৷ ইয়াৰে ১৩ লক্ষাধিক সংখ্যালঘু লোকৰ নাম প্ৰতীক হাজেলাই ডি এম আই টি পদ্ধতিৰ যোগেদি এন আৰ চিত সুমুৱাইছিল, যাৰ ডাটা এণ্ট্ৰি অপাৰেটৰৰ পৰা বিষয়ালৈকে সকলো আছিল সংখ্যালঘু৷ এনে অসংখ্য বেমেজালি, ভুল আপল’ডিঙৰ কথা উল্লেখ কৰি তেওঁ চৰকাৰক প্ৰতিবেদন দিয়াৰ লগতে ন্যায়ালয়তো শপতনামা দাখিল কৰিছিল৷ তাৰ পাছতো কোনো পক্ষৰ পৰা একো ব্যৱস্থা নহ’ল৷ এনেক্ষেত্ৰত এন আৰ চিবিহীন ছয় নং দফা অসমীয়াৰ স্থায়ী সমাধান হ’ব নোৱাৰে বুলিও দেৱশৰ্মাই ব্যক্ত কৰিছে৷ এতিয়া দেৱশৰ্মাৰ অভিযোগৰ সত্যাসত্য বিচাৰৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ ওপৰত৷ যদি মুখ্যমন্ত্ৰীয়ে বিচাৰে তেনেহ’লে এন আৰ চিৰ পুনৰীক্ষণ বিচাৰি অসমৰ সামগ্ৰিক বিদেশী সমস্যাটোক লৈ সৃষ্টি হৈ অহা ঐতিহাসিক বেমেজালিসমূহ কাললৈকে দূৰ কৰাৰ লগতে খিলঞ্জীয়া অসমীয়াকো স্থায়ী ‘ৰক্ষাকৱচ’ দিব পৰাৰ সুযোগ আৰু সুবিধা দুয়োটাই আছে৷
Share This