গ্রামোন্নয়নৰ মঞ্চ

dainik janambhumi April 29, 2025

ডিজিটেল ডেস্ক : সু-শাসন শব্দটোৰ আজিকালি যথেষ্ট চর্চা হয়। জনসাধাৰণৰ প্ৰয়োজন আৰু আশা-আকাংক্ষাৰ প্ৰতি ৰাষ্ট্ৰৰ মনোযোগ আৰু এই ক্ষেত্ৰত চৰকাৰী প্রতিষ্ঠানসমূহৰ ভূমিকাৰ ওপৰত ভিত্তি কৰি নিৰ্ণয় হয় সু-শাসন, অপশাসনৰ সংজ্ঞা। সন্মানসহকাৰে জীয়াই থাকিব পৰাকৈ জনসাধাৰণে উন্নয়নৰ অধিকাৰসমূহ যথোচিতভাৱে পোৱাৰ তথা ব্যৱহাৰ কৰাৰ সুযোগ-সুবিধা পাইছে নে নাই, সমাজৰ ৰূপান্তৰ প্ৰক্ৰিয়াটোত জনসাধাৰণৰ অংশগ্রহণ সুনিশ্চিত কৰা হৈছে নে নাই, মানবাধিকাৰক সন্মান জনোৱা হৈছে নে নাই, আইনৰ শাসন চলিছে নে নাই সেয়া নিশ্চিত কৰিব পৰা শাসনেই হৈছে সু-শাসন। স্বৰাজ লাভৰ পাছত আমাৰ দেশৰ নেতাসকলে গণতান্ত্রিক শাসন ব্যৱস্থাটোক বাছি লৈছিল স্বাধীন ভাৰতত সু-শাসন প্ৰৱৰ্তনৰ লক্ষ্যৰেই। অৱধাৰিতভাৱে সেই সময়ৰ গৰিষ্ঠসংখ্যক নেতাৰ চিন্তা-চৰ্চাক মহাত্মা গান্ধীয়ে প্রভাৱিত কৰিছিল। 

গান্ধীজীয়ে গণতান্ত্রিক বিকেন্দ্ৰীকৰণৰ পথটোক গুৰুত্ব প্রদান কৰিছিল যাৰ ভিত্তি আছিল তেওঁৰ সত্য, অহিংসাৰ লগতে ব্যক্তি স্বাধীনতাৰ প্ৰতি থকা গভীৰ বিশ্বাস। তেওঁ এই গণতান্ত্রিক বিকেন্দ্ৰীকৰণৰ সপোন দেখিছিল গ্রাম স্বৰাজ বা পঞ্চায়তীৰাজৰ প্রতিষ্ঠাৰ জৰিয়তে। জাতিৰ পিতাগৰাকীয়ে প্রতিখন গাঁবকেই একোখন স্ব-শাসিত অঞ্চললৈ ৰূপান্তৰ কৰাটো বিচাৰিছিল যিয়ে গাঁওবাসীৰ সকলো প্রয়োজন পূৰণ কৰিবলৈ সক্ষম হ'ব। এক অৰ্থত গাঁওবিলাকলৈ ৰাজনৈতিক ক্ষমতা প্ৰসাৰিত হোৱাটো কামনা কৰিছিল গান্ধীজীয়ে। পঞ্চায়তীৰাজেই সু-শাসনৰ আধাৰ হ'ব বুলি তেওঁ বিশ্বাস কৰিছিল। আমাৰ সমাজত এষাৰ কথা প্রচলিত আছে- সেই ৰামো নাই অযোধ্যাও নাই। একে সুৰতে ক'ব পাৰি সেই গান্ধীও নাই সেই ভাৰতো নাই। আমাৰ ৰাজ্যত এতিয়া গাঁৱে গাঁৱে পঞ্চায়ত নিৰ্বাচনৰ উখল-মাখল পৰিৱেশ। ভিন্ন ৰঙী প'ষ্টাৰ-বেনাৰেৰে গাঁওবিলাক ৰঙীন হৈ পৰিছে। সৰু-বৰ নিৰ্বাচনী সভা, পদযাত্রা, গাড়ী যাত্রা, ভাষণ, প্রতিশ্রুতিৰে পৰিৱেশ এনেকুৱা হৈ পৰিছে যে বিধানসভাৰ নিৰ্বাচন হৈছে নে পঞ্চায়তৰ নিৰ্বাচন সেয়া ধৰিবই নোৱাৰি। মাৰপিটো হৈছে বহু ঠাইত। দেওবাৰে নগাঁও জিলাৰ এঠাইত ক'লা কাপোৰেৰে মুখ বন্ধা দুর্বৃত্তই লাঠী-জোং লৈ কৰা এক আক্ৰমণত কংগ্ৰেছৰ এগৰাকী সাংসদ আৰু এগৰাকী মহিলা বিধায়কৰ কথমপিহে প্ৰাণৰক্ষা পৰিল। এনেকুৱা পৰিৱেশ-পৰিস্থিতিয়ে পঞ্চায়ত নির্বাচনটোও এটা গুৰুত্বপূৰ্ণ নির্বাচনলৈ পৰিণত হোৱা তথা ইয়াৰ দায়িত্ব লোৱাৰ বাবে মাত্ৰাধিক আগ্রহক প্রতিফলিত কৰিছে যদিও এনেকুৱা নির্বাচনেৰে নিৰ্বাচিত প্রতিনিধিসকলে তিনি তৰপীয়া পঞ্চায়ত ব্যৱস্থাটোক জনসাধাৰণৰ আশা-আকাংক্ষা আৰু প্রয়োজনক পূৰণ কৰিবলৈ কিমান দূৰ সক্ষম হ'ব সেইটোহে গুৰুত্বপূৰ্ণ প্রশ্ন। 

তিনি তৰপীয়া পঞ্চায়ত ব্যৱস্থাটোৰ সংশ্লিষ্ট ৩টা স্তৰ ক্ৰমে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদলৈ নির্বাচিত হ'ব লগা কোনো কোনো প্রতিনিধিৰ তেওঁলোকৰ আওতাত পৰা গাঁওবিলাকৰ উন্নয়ন সাধনৰ আন্তৰিক ইচ্ছা নথকাও নহয়, কিন্তু পঞ্চায়তৰ ক্ষমতা অতি সীমিত। যিখিনি ক্ষমতা বা অধিকাৰ তেওঁলোকে পায় সেয়াও মুক্ত নহয়। চৰকাৰৰ প্ৰভাৱশালী পক্ষ, মন্ত্ৰী-বিধায়ক-সাংসদৰ ইচ্ছা অনুসৰি তেওঁলোকে কাম কৰিব লগা হয়। অন্যহাতে, এচাম নির্বাচিত পঞ্চায়ত প্রতিনিধি গ্রামোন্নয়নৰ বাবে আবণ্টিত ধনৰাশি আত্মসাৎ কৰাৰ নিকৃষ্ট পন্থাত কেনেদৰে লিপ্ত হয় তাৰ অজস্ৰ অভিযোগ বিভিন্ন মাধ্যমত প্রকাশ হৈয়ে থাকে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ আমোলত ১৯৮৩ চনত গঠন কৰা জিলা গ্রামোন্নয়ন এজেঞ্চি (ডি আৰ ডি এ)টো ইমান প্রভাৱশালী সংস্থা হৈ পৰিছিল যে গ্রামোন্নয়নৰ সমস্ত ক্ষমতা এই এজেঞ্চিৰ ওপৰতে ন্যস্ত কৰা হৈছিল। পঞ্চায়তবিলাক ঢাল-তৰোৱাল নোহোৱা নিধিৰাম চৰ্দাৰত পৰিণত হৈছিল। সেই ডি আৰ ডি এৰ বিষয়া-কৰ্মচাৰী আৰু প্ৰভাৱশালী ৰাজনৈতিক নেতা-আমোলা-বিষয়াই মিলি গ্রামোন্নয়নৰ বাবে আবণ্টিত হাজাৰ হাজাৰ কোটি টকা লুণ্ঠন কৰিছিল সেই ইতিহাস ৰাজ্যবাসীৰ অৱগত। ২০০৬ চনৰ পৰা ২০১৯ চনলৈ অবিভক্ত শিৱসাগৰ জিলাত ডি আৰ ডি এই চলোৱা ছশ কোটি টকাৰ এক বৃহৎ কেলেংকাৰি ৰাজ্য চৰকাৰৰ তদাৰকী আৰু দুর্নীতি নিবাৰক সঞ্চালকালয়ৰ তদন্তৰ অলপতে পোহৰলৈ আহিছে। ন্যায়ালয়তো বিষয়টো উত্থাপিত হৈছে। এই উদাহৰণেই বুজাই দিয়ে সমগ্ৰ ৰাজ্যত এই সংস্থাটোৰ লুণ্ঠন কেনেদৰে চলিছিল আৰু কেনেদৰে চলিছিল পঞ্চায়তীৰাজৰ ভেঁকো-ভাওনা। সেই ডি আৰ ডি এক ইতিমধ্যে অস্তিত্বহীন কৰা হৈছে যদিও গ্রামোন্নয়নৰ ধনৰ লুণ্ঠনৰ প্ৰৱণতাটোৰ জানো অৱসান ঘটিব? বৰ্তমানৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে পঞ্চায়তবিলাকলৈ অধিক ক্ষমতা প্ৰদানৰ পৰিকল্পনাৰ কথা ইতিমধ্যে ব্যক্ত কৰিছে। কোনবোৰ ক্ষমতা পঞ্চায়তলৈ নতুনকৈ দিয়া হ'ব আৰু পঞ্চায়তবোৰৰ ক্ষমতাৰ পৰিসৰ কিমান পৰ্যায়লৈ বৃদ্ধি পাব সেয়া সময়ত দেখা যাব, কিন্তু ক্ষমতা পালেই যে জনসাধাৰণৰ আকাংক্ষিত উন্নয়ন সম্ভৱ হৈ উঠিব তেনেও নহয়। উন্নয়নৰ আন্তৰিক চেতনা তথা আত্মোৎসর্গাৰ মনোভাবেৰে পঞ্চায়তলৈ নির্বাচিত সকলো প্রতিনিধিয়ে কাম কৰিলেহে আৰু প্ৰভাৱশালী পক্ষবোৰৰ পৰা পঞ্চায়তবিলাক মুক্ত হ'লেহে পঞ্চায়তীৰাজৰ প্ৰকৃত উদ্দেশ্য সফল হোৱাৰ অৱকাশ থাকিব। আচলতে কেৱল ধনৰ লেনদেনতে সীমাবদ্ধ নাথাকি পঞ্চায়তবোৰৰ নেতৃত্বত গ্রাম্য অৰ্থনীতিত বিকাশৰ এটা আন্দোলনৰ সূচনা কৰিব পৰা যায়। কৃষি ক্ষেত্ৰ, কুটীৰ শিল্পকে ধৰি গ্ৰাম্য জীৱনৰ সৈতে জড়িত জাতীয় শিল্পবিলাকক যদি পঞ্চায়তৰ জৰিয়তে ত্বৰান্বিত কৰাৰ পথ গ্ৰহণ কৰা হয় তেনেহ'লে অর্থনৈতিক বিকাশৰ সম্ভাৱনাৰ নতুন দুৱাৰ এখন মুকলি হ'ব পাৰে।

Share This