১৯১৬ চনত গুৱাহাটীত বহা অসম ছাত্ৰ সন্মিলনৰ অধিৱেশনখনকে অসমৰ ছাত্ৰ সংগঠনৰ ধাৰাটোৰ প্ৰথম পৰ্যায় বুলি ধৰা হয়। লতাশিল খেলপথাৰত ৰচনা হোৱা সেই অধ্যায়ৰ সোঁৱৰণেৰে ২০১৬ বৰ্ষত সদৌ অসম ছাত্ৰ সন্থাই লতাশিল খেলপথাৰতে অসমৰ ছাত্ৰ সংগঠনৰ শতবৰ্ষ উদযাপন কৰিছিল।
ইয়াৰ জৰিয়তে সদৌ অসম ছাত্ৰ সন্থাক সেই ধাৰাটোৰে উত্তৰাধিকাৰী বুলি প্ৰতিপন্ন কৰিব খোজা হৈছিল। যদিওবা এই এশটা বছৰত ৰাজ্যত ছাত্ৰ শক্তিৰ বহু সুঁতিৰ সৃষ্টি হ'ল, তথাপি সদৌ অসম ছাত্ৰ সন্থাকে অসম ছাত্ৰ সন্মিলনৰ ধাৰাটোৰ প্ৰধান উত্তৰাধিকাৰী বুলি আপাততঃ গণ্য কৰা হয় এইবাবেই যে সদৌ অসম ছাত্ৰ সন্থাই অসমৰ সকলো জাতি-জনগোষ্ঠীৰ উমৈহতীয়া স্বার্থ জড়িত বিষয়বিলাকক প্রাধান্য দি একাধিক জাতীয় আন্দোলনৰ নেতৃত্ব দিয়াৰ বিচিত্ৰ ইতিহাস আছে।
সেই অসম ছাত্ৰ সন্মিলনৰ প্ৰথমখন অধিৱেশনৰ সভাপতিৰ আসনৰ পৰা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই দিয়া ভাষণটো এক ঐতিহাসিক ভাষণ ৰূপে আজিও চর্চিত। সেই ভাষণত বেজবৰুৱাই কৈছিল— ‘ছাত্র শক্তি যদিও প্রবল শক্তি, সি সংযত হ’লেহে দেশহিতকৰ হ'ব, নতুবা সি অনর্থ উৎপাদন কৰে ৷ প্ৰবল ভাপ কল (ষ্টীম ইঞ্জিন) সংযত আৰু নিয়মৰ বশীভূত হ'লেহে তাৰ দ্বাৰাই মহোপকাৰ সাধিত হয় নতুবা অসংযত আৰু উদ্দাম শক্তিসমূহৰ দ্বাৰাই অনৰ্থহে সংঘটিত হয়। সংযম দুইভাৱে হ'ব লাগিব। ব্যক্তি আৰু সমষ্টিভাৱে আৰু সমাজগতভাৱে, অর্থাৎ উজুকৈ ক'বলৈ গ'লে— গাইগোটাভাৱেও আৰু সৈয়াভাৱেও। গাইগোটা সংযম ছাত্ৰসকলে দিনৌ সকলো সময়তে নিজৰ জীৱনত কৰি থকা উচিত। কিন্তু সৈয়া সংযম আজিৰ এই ছাত্ৰ সন্মিলনীৰ নিচিনা সভা-সমিতিৰ বান্ধোন আৰু শাসনৰ তলতহে ওপজে আৰু বাঢ়ে।
ঈশ্বৰে কৰক যেন অসমত প্ৰথম এই ডাঙৰ ছাত্ৰ সন্মিলনীয়ে অসমীয়া ছাত্ৰসকলৰ ওপৰত সকলো প্ৰকাৰৰ সুপ্ৰভাৱ বিস্তাৰ কৰি তেওঁলোকক ভৱিষ্যতৰ আদৰ্শ নাগৰিক কৰি গঢ়ি তোলে।' শিৱসাগৰত ২৭ জানুৱাৰী (সোমবাৰ)ৰ পৰা দুদিনীয়াকৈ সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সভা অনুষ্ঠিত হোৱাৰ ক্ষণত অসম ছাত্ৰ সন্মিলনৰ লগতে সাহিত্যৰথীৰ সেই ভাষণৰ বিষয়ে উল্লেখ কৰাৰ কাৰণ হ'ল— নিজকে এটা শতবর্ষীয় ধাৰাৰ উত্তৰাধিকাৰী বুলি গণ্য কৰা সদৌ অসম ছাত্ৰ সন্থাই এই ঐতিহ্যৰ মৰ্যাদা ৰক্ষা কৰিবলৈ প্ৰতিমুহূৰ্ততে সতৰ্ক হৈ থাকিব লাগিব। সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ সাংগঠনিক ধাৰাটোৰ সূচনা হৈছিল ১৯৬৭ চনৰ পৰা । তেতিয়ালৈকে বিভিন্ন সুঁতিৰে বৈ ৰাজ্যৰ ছাত্ৰ শক্তি বহুধা বিভক্ত হৈ পৰিছিল যদিও ইয়াৰ মাজৰ পৰা সদৌ অসম ছাত্ৰ সন্থা একক বৃহৎ ছাত্ৰ শক্তিৰ ৰূপত উজলি উঠিবলৈ সক্ষম হোৱাৰ একমাত্ৰ কাৰণ হ'ল ইয়াৰ আপোচহীন স্থিতি, সমাজমুখী ভূমিকা আৰু জাতীয় দায়বদ্ধতা।
১৯৭২ চনৰ মাধ্যম আন্দোলনৰ পৰা ১৯৭৯-ৰ বিদেশী বহিষ্কাৰৰ দাবীৰ আন্দোলনলৈকে প্ৰতিটো সংগ্ৰামত প্ৰদৰ্শন কৰা নিষ্ঠা, জাতীয় দায়বদ্ধতা আৰু ত্যাগে সদৌ অসম ছাত্ৰ সন্থাৰ ভাবমূর্তি উজ্জ্বল কৰি তুলিছিল। আঞ্চলিক পৰ্যায়ৰ পৰা ৰাজ্যিক কাৰ্যনিৰ্বাহকলৈকে সংগঠনটোৰ সকলো স্তৰৰ প্ৰায়সকল বিষয়ববীয়াৰে চৰিত্ৰ আছিল নিভাঁজ জাতীয়তাবাদী, ভাবমূর্তি আছিল নিকা, জীৱন নিৰ্বাহ আছিল অতি সাধাৰণ আৰু প্ৰত্যেকেই আছিল সংগঠনৰ প্ৰতি গভীৰভাৱে সমৰ্পিত মনৰ। সেয়েহে, ছাত্রনেতা কর্মীসকলে নিজ নিজ অঞ্চলৰ জনসাধাৰণৰ আস্থা অর্জন কৰিবলৈ সক্ষম হৈছিল।
এওঁলোকৰ কাৰোৱেই নাছিল ৰাজনৈতিক উচ্চাকাংক্ষা। কিন্তু ১৯৮৫ৰ পাছত সলনি হোৱা দৃশ্যপটে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি জনসাধাৰণৰ ধাৰণাৰো পৰিৱৰ্তন ঘটাইছে। নেতৃত্বই বিভিন্ন যুক্তি দি অস্বীকাৰ কৰি থাকিলেও জনসাধাৰণৰ মনত এটা ধাৰণা বদ্ধমুল হৈ পৰিছে যে সদৌ অসম ছাত্ৰ সন্থাৰ অধিকাংশ নেতাৰে ৰাজনৈতিক আকাংক্ষা আছে। সেই আকাংক্ষা পূৰণৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চখনক তেওঁলোকে জনপ্ৰিয়তা আৰু গুৰুত্ব বঢ়োৱাৰ মঞ্চ ৰূপে ব্যৱহাৰ কৰে। ছাত্র শক্তি প্ৰকৃতাৰ্থত ছাত্ৰৰ শক্তি হ'ব লাগিব। এজন প্ৰকৃত ছাত্ৰৰ বয়স সম্পর্কে সমাজৰ নিৰ্দিষ্ট ধাৰণা আছে। সেই দিশটো সদৌ অসম ছাত্ৰ সন্থায়ো অনুধাৱন কৰিব পাৰিব লাগিব। সদৌ অসম ছাত্ৰ সন্থাৰ আয়ুস দীঘলীয়া কৰাৰ স্বাৰ্থতে এই বিষয়বোৰৰ নির্মোহ আলোচনাৰ প্ৰয়োজন। নিভাঁজ ছাত্র শক্তিয়ে যে সমাজলৈ বৈপ্লবিক ৰূপান্তৰ আনিব পাৰে তাৰ অম্লান উদাহৰণ অসমীয়া ভাষা উন্নতি সাধিনী সভা। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰ আন্দোলনবোৰো নিভাঁজ ছাত্ৰ শক্তিৰ অন্তৰ্নিহিত শক্তিৰেই স্বাক্ষৰ ৷ যিকোনো সামাজিক শক্তিৰ আয়ুস তেতিয়ালৈকেহে থাকে যেতিয়ালৈকে সমাজে তাৰ গুৰুত্ব অনুভৱ কৰে।
সামাজিক সংগঠনৰ জন্মও হয় সমাজৰ প্ৰয়োজনীয়তা অনুসৰি। সামাজিক-ৰাজনৈতিক বহু শক্তিৰ চকুৰ আগতে আয়ুস টুটিছে কিম্বা নিশকতীয়া হৈ পৰিছে সমাজৰ বাবে আপদ হৈ পৰা বাবে বা সমাজৰ বাবে গুৰুত্বহীন হৈ পৰা বাবে। ছাত্ৰ শক্তিৰ ক্ষেত্ৰতো একে কথা। শতিকাৰ আগতে লক্ষ্মীনাথ বেজবৰুৱাই অসম ছাত্ৰ সন্মিলনৰ এখন অধিৱেশনত দিয়া বক্তৃতাত সেই কথাই কৈছিল— গাইগুটীয়া বা সৈয়া (সমজুৱা) দুয়োটা অৱস্থাতে সংযত চৰিত্ৰ প্ৰকট কৰি তুলিব পাৰিব লাগিব, তেতিয়া ই সমাজৰ বাবে হিতকৰ হ'ব। সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰৰ সাধাৰণ সভাত নিশ্চয় কথাবোৰ পৰ্যালোচনা হ'ব।