আজিৰ সম্পাদকীয়,অধ্যয়নে আনিব পৰিৱৰ্তন...
Dainik Janambhumi
October 03, 2024
ডিজিটেল ডেস্কঃ ঐতিহাসিক বিৱৰ্তন তত্ত্ব উদ্ভাৱনৰ দ্বাৰা বিশ্ববিখ্যাত বিজ্ঞানী, দাৰ্শনিক চাৰ্ল্ছ ডাৰউইনে জীৱনৰ শেষ সময়ত কৈ গৈছিল যে তেওঁ যদি জীৱনটো পুনৰ আৰম্ভ কৰিবলৈ সুবিধা পায় তেতিয়া তেওঁ প্ৰতিদিনে কমেও দুঘণ্টা গ্ৰন্থ অধ্যয়ন কৰিব আৰু কিছু সময় গান শুনিব৷ তেওঁ বিশ্বাস কৰিছিল যে জীৱনত যিমানেই উদ্ভাৱন নকৰক কিয়, যিমানে সৃষ্টি নকৰক কিয়– মানসিক স্বাস্থ্যৰ বাবে তথা মানসিক উৎকৰ্ষ সাধন আৰু প্ৰশান্তিৰ বাবে অধ্যয়নৰ বিকল্প আন একো হ’ব নোৱাৰে৷ এজন ব্যক্তিয়ে শিশু অৱস্থাৰ পৰাই যদি অধ্যয়নৰ অভ্যাস ল’ব পাৰে তেন্তে তেওঁৰ জীৱনটো এসময়ত সাৰ্থকতাৰ দুৱাৰডলিত উপনীত হোৱা বুলি ক’ব পৰা যাব৷ ডাৰউইনৰ এই বক্তব্য আজিৰ তাৰিখত অতি প্ৰাসংগিক হিচাপেই ধৰা দিছে৷ কিয়নো সাম্প্ৰতিক সময়ত অধ্যয়নবিমুখ এক পৰিস্থিতিয়ে গা কৰি উঠা বুলি যি অভিযোগ উঠিছে, যিদৰে মানুহবোৰ ধৈৰ্যহীন-অসহিষ্ণু তথা প্ৰতিশোধপৰায়ণ হৈ উঠিছে, তেনেক্ষেত্ৰত এক বিকল্প ঔষধ-সন্ধানী যাত্ৰাও অতিশয় প্ৰয়োজনীয় হৈ পৰিছে৷ কোনো এগৰাকী ব্যক্তিয়ে কৈছিল– বৰ্তমানৰ ইণ্টাৰনেট, ম’বাইল ফ’ন, টেলিভিছন আদিয়ে মানুহক তথ্য দেধাৰ দিব পাৰিব, কিন্তু তত্ত্ব দিব নোৱাৰে৷ অৰ্থাৎ ইণ্টাৰনেট-ম’বাইলত কৰা অধ্যয়নক প্ৰকৃত অধ্যয়ন বুলিব নোৱাৰি৷ ডাৰউইনৰ বক্তব্যৰ সমৰ্থনত কোৱা এই কথাষাৰকো অসত্য কিম্বা অপ্ৰাসংগিক বুলি নুই কৰিব নোৱাৰি৷ আজিৰ শিশুৱে ম’বাইল, ইণ্টাৰনেটতে অধিক অধ্যয়ন কৰে৷
তেওঁলোকে এই অধ্যয়নৰ দ্বাৰা সামগ্ৰিক-ব্যাৱহাৰিক শিক্ষা কিমানদূৰ ল’ব পাৰিছে সেইকথা আমি সকলোৱে ওচৰৰ পৰাই দেখিছোঁ৷ সামগ্ৰিক-ব্যাৱহাৰিক শিক্ষা বুলি ক’লে জীৱনজোৰা শিক্ষাকেই বুজা যায়৷ এটা সংস্থাপন লাভৰ পাছৰ জীৱনৰ গোটেই সময়ছোৱা পাঠ্যক্ৰমবহিৰ্ভূত সামগ্ৰিক-ব্যাৱহাৰিক শিক্ষাৰ দ্বাৰাই পৰিচালিত হয়৷ পাঠ্যক্ৰম বা আনুষ্ঠানিক শিক্ষা ইয়াৰ এটা অংশ মাত্ৰ৷ তদুপৰি চৰিত্ৰ গঠন, সংস্কাৰিত জীৱনৰ আখৰা আদিবোৰো পাঠ্যক্ৰমবহিৰ্ভূত সামগ্ৰিক শিক্ষাৰ ভিতৰতে পৰে৷ সি যি নহওক, বৰ্তমান কেৱল পাঠ্যক্ৰমৰ শিক্ষা, অৰ্থাৎ ‘ইনফৰ্মেটিক’ শিক্ষাক গুৰুত্ব দি সামগ্ৰিক-ব্যাৱহাৰিক শিক্ষাৰ প্ৰতি পিঠি দিয়াৰ কচৰৎ চলাই থকা হৈছে নেকি? সাম্প্ৰতিক প্ৰেক্ষাপটত শিক্ষাৰ্থী সমাজৰ মাজত দেখা দিয়া বিভিন্ন অশুভ ঘটনাক্ৰমেও এনে প্ৰশ্নৰেই উদ্ৰেক ঘটায়৷ বাহিৰৰ প্ৰেক্ষাপটলৈ নগৈ আমাৰ অসমতে যোৱা দুমাহত দেখা গৈছে এনে বহু ঘটনা, যিবোৰে সচেতন শিক্ষাসদী সমাজক বাৰুকৈয়ে চিন্তিত কৰি তুলিছে৷ দৰঙৰ পদুম পুখুৰীত বিদ্যালয়ৰ পাঠদান চলি থকাৰ মাজতে সহপাঠীক মৰিয়াই হত্যা কৰা হৈছে; যোৰহাটত ছুৰীৰে, তেজপুৰ-হোজাইত ষ্টীলৰ পানীৰ বটল-ৰ’ডেৰে প্ৰহাৰ কৰি আহত কৰা হৈছে; লখিমপুৰতো শিক্ষাৰ্থীৰ বেগত লোহাৰ অস্ত্ৰ উদ্ধাৰ হৈছে৷ ইয়াৰো কিছুদিন পূৰ্বে শিৱসাগৰতে অন্ধ্ৰ প্ৰদেশৰ এগৰাকী শিক্ষকক তেওঁৰে এজন ছাত্ৰই হত্যা কৰাৰ দৰে ঘটনাও সংঘটিত হৈছে৷ সেইদৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুটা ছাত্ৰাৱাসৰ আৱাসী ছাত্ৰৰ মাজত সংঘটিত তুমুল সংঘৰ্ষত কেইবাজনো ছাত্ৰ আহত হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছে৷ ৰাজ্যখনত ইটোৰ পাছত সিটোকৈ সংঘটিত এনে ঘটনাৰ বাবে জগৰীয়া কোন? অলপতে টেলিভিছন চেনেলৰ এটা ‘টক শ্ব’’ত এগৰাকী সাহিত্যিকে কৈছে যে কভিডৰ পাছৰে পৰা অসমত গ্ৰন্থ পঢ়াৰ পৰিৱেশ প্ৰায় বিলুপ্ত হৈছে, যাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মাজত অপৰাধপ্ৰৱণতা অধিক বৃদ্ধি পাইছে৷ মানসিক চিকিৎসা-বিশেষজ্ঞসকলেও কৈছে– শিশু অৱস্থাতে মৰম, দয়া, ক্ষমা আদিৰ বিষয়ে নিশিকা শিক্ষাৰ্থীৰ মাজতেই অধিক পৰিমাণে ohpositional disorder অথবা conduct disorder দেখিবলৈ পোৱা গৈছে৷ এই অৱস্থাত এজন শিক্ষাৰ্থীয়ে সহপাঠী বা আন লোকক হত্যা পৰ্যন্ত কৰিবলৈ কুণ্ঠাবোধ নকৰে৷
তদুপৰি কোৱা হৈছে– ঘৰুৱা হিংসাৰ পৰা ৭০ শতাংশ শিশুৱে হিংসুক চৰিত্ৰ আহৰণ কৰে৷ সেইদৰে প্ৰত্যাখ্যান, যৌন শোষণ, হিংস্ৰ আচৰণ, সামাজিক-অৰ্থনৈতিক কাৰণ আদিৰ বাবেও শিক্ষাৰ্থীয়ে দুষ্কাৰ্য কৰিব পাৰে, দু(ৰিত্ৰৱান হ’ব পাৰে৷ কিছুসংখ্যকে এডভেন্সাৰ ভালপোৱাৰ বাবেও কেতবোৰ কাণ্ড সংঘটিত কৰে৷ এইক্ষেত্ৰত বৰ্তমান ব্যাপক হাৰত ব্যৱহৃত ম’বাইল ফ’নটোৱে প্ৰভূত অৰিহণা যোগায়৷ একাংশ বিশেষজ্ঞৰ মতে, আজি-কালি ম’বাইলত এনেকুৱা অনেক ভিডিঅ’ উপলব্ধ হয়, যিবোৰ চাই শিক্ষাৰ্থী সমাজে অনুকৰণ কৰিবলৈ লয়৷ নিজৰ অনুসন্ধিৎসু মন পূৰাবলৈ চেষ্টা কৰে৷ শিক্ষাৰ্থীৰ ম’বাইল ব্যৱহাৰত যিহেতু এতিয়া অভিভাৱকৰ নিয়ন্ত্ৰণ নোহোৱাৰ দৰেই হৈছে, সেয়ে এনে কাৰ্য দ্ৰুতগতিত বৃদ্ধি পাইছে৷ অৱশ্যে এনেয়েও ম’বাইল ফ’নৰ অতিমাত্ৰা ব্যৱহাৰ মানৱ জীৱনৰ বাবেই যে অভিশাপ হৈ পৰিছে, সেই কথা স্বয়ং ইয়াৰ আৱিষ্কাৰক মাৰ্টিন কোপাৰেই ব্যক্ত কৰিছে৷ বিখ্যাত উদ্ভাৱকগৰাকীৰ মতে, ম’বাইলে এটা পৰিয়ালৰ মাজত থকা সহজাত সম্প্ৰীতিক ধ্বংস কৰিছে৷ সেয়ে তেওঁ কৰ্মস্থলীৰ প্ৰয়োজন অথবা কথা-বতৰা পতাৰ প্ৰয়োজনৰ বাহিৰে আন সময়ত ইয়াক ব্যৱহাৰ নকৰিবলৈ আহবান জনাইছে৷ আনকি তেওঁ নিজেও দিনটোৰ মাত্ৰ এঘণ্টা ২০ মিনিটহে ম’বাইল ব্যৱহাৰ কৰিবলৈ লোৱা বুলি ব্যক্ত কৰিছে৷ মাৰ্টিন কোপাৰৰ কথা কিমানদূৰ সত্য, আমি প্ৰত্যেকেই নিজৰ নিজৰ ঘৰখনলৈ লক্ষ্য কৰিলেই প্ৰমাণিত হয়৷ আজিকালিৰ এখন ঘৰত চাৰিওজন সদস্যৰে যদি চাৰিটা ম’বাইল থাকে, তেন্তে অৱসৰৰ সময়তো চাৰিওজনকে ম’বাইলতেই ব্যস্ত থকা দেখা যাব৷ অথচ আগতে এনে পৰিয়ালত চাৰিওৰে মাজত আত্মিক কথা-বতৰা, গল্প-গুজব অথবা গ্ৰন্থাদি পঢ়াৰ পৰিৱেশ দেখা গৈছিল৷ এনে পৰিৱৰ্তনেই মানুহৰ সহজাত আত্মীয়তা-সম্প্ৰীতি-সম্পৰ্ক আদিবোৰ বিনষ্ট কৰা বুলি কোৱা হৈছে৷ সি যি নহওক, এতিয়া বৃহৎ প্ৰশ্নটো হৈছে– সমস্যাৰ সমাধানৰ পথ কি? ডাৰউইনে কোৱাৰ দৰে গ্ৰন্থ অধ্যয়ন আৰু সংগীত শ্ৰৱণৰ পৰিৱেশে সমাধান-সূত্ৰ দিব পাৰিবনে? আমাৰ দেশত শিশু শিক্ষাৰ বাবে পৃথক আয়োগ আছে৷ আনকি ৰাজ্যিক-জিলা ভিত্তিত সমিতিও আছে৷ তদুপৰি ছাত্ৰ সংগঠন, শিক্ষাৰ সৈতে জড়িত অলেখ বেচৰকাৰী সংস্থা আদিও আছে৷
ইমান কটকটীয়া গাঁথনিৰ পাছতো শিক্ষাৰ্থীয়ে বেগত অস্ত্ৰ লৈ যাব পাৰে, বিদ্যালয়তে শিক্ষক-সহপাঠীক হত্যা কৰিব পাৰে, আক্ৰমণ-ভাবুকি দিব পাৰে– বিষয়টো চিন্তা কৰিবলগীয়াই৷ এনেক্ষেত্ৰত সমাজৰ সকলো পক্ষ অধিক সচেতন হোৱাৰ সময় আহিছে৷ শেহতীয়াকৈ চৰকাৰীভাৱে বিদ্যালয়ত ‘চৰিত্ৰ পাঠ’ পুনৰ প্ৰৱৰ্তনৰ সিদ্ধান্ত লৈছে৷ কিন্তু চৰিত্ৰ পাঠ পঢ়ালেই নহ’ব, ইয়াৰ বাস্তৱিক কাৰ্যকাৰিতাও [practical] লাগিব৷ এই কাৰ্যকাৰিতা দেখুৱাবলৈ অভিভাৱক, শিক্ষক, নেতা, গণ্য-মান্য ব্যক্তি সকলো সাজু থাকিব লাগিব৷ তদুপৰি কোপাৰে কোৱাৰ দৰে ম’বাইল ফ’নৰ ব্যৱহাৰো সীমিতকৰণ হ’ব লাগিব৷ মুঠতে এক নীৰৱ আন্দোলনৰ সূচনা হ’ব লাগিব৷ উত্তৰ প্ৰজন্মৰ স্বাৰ্থতে, সমাজ পৰিৱৰ্তনৰ স্বাৰ্থতে আমি ত্যাগ আৰু অধ্যয়নৰ পৰিকাঠামো অৱশ্যেই গঢ়িব লাগিব৷
Share This