আজিৰ সম্পাদকীয়,মুক্ত নিৰ্বাচনৰ সংকট
Dainik Janambhumi
November 23, 2024
ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষক বিশ্বৰ বৃহত্তম গণতন্ত্ৰ আখ্যা দিয়া হয়৷ গণতান্ত্ৰিক-সাংবিধানিক ব্যৱস্থাত নিৰ্বাচনৰ গুৰুত্ব বিশেষ ধৰণৰ৷ যিহেতু গণতন্ত্ৰ হ’ল আইনৰ শাসন আৰু জনপ্ৰতিনিধিয়ে সংসদত আইন প্ৰণয়ন কৰি সেইমতে প্ৰশাসন পৰিচালনা কৰে৷ সেই বাবেই যি নিৰ্বাচন ব্যৱস্থাৰ যোগেদি জনপ্ৰতিনিধি নিৰ্বাচন কৰা হয়, সেয়া যাতে মুক্ত, নিকা আৰু নিৰপেক্ষ হয় তাৰ বাবে সংবিধানে বিশেষ ব্যৱস্থা কৰে৷ আমাৰ সংবিধানতো নিৰ্বাচন আয়োগ গঠন আৰু নিৰ্বাচন পৰিচালনাৰ ব্যৱস্থাপনা নিৰ্দেশ কৰা হৈছে৷ নিৰ্বাচন মুক্ত আৰু নিকা হোৱাত সংবিধানে বিশেষ অগ্ৰাধিকাৰ দিছে৷ কিন্তু অতি পৰিতাপৰ কথা এয়ে যে আজিৰ ভাৰতবৰ্ষৰ ক্ষমতাৰ ৰাজনীতিত দেশত মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰতি গুৰুতৰ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে৷ ইতিমধ্যে ইলেক্টৰেল বণ্ডৰ নামত বিভিন্ন সন্দেহযুক্ত উৎসৰ পৰা ৰাজনৈতিক দলসমূহে ধন সংগ্ৰহ কৰাটো অসাংবিধানিক বুলি উচ্ছতম ন্যায়ালয়ে নিষিদ্ধ কৰিছে৷ নিৰ্বাচনত ক’লাধনৰ ব্যাপক বিনিয়োগ হয়৷ এই ক্ষেত্ৰতো নিৰ্বাচন আয়োগ সতৰ্ক হোৱা বুলি কোৱা হৈছে৷ কিন্তু শেহতীয়াকৈ অনুষ্ঠিত হোৱা মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ বিধানসভাৰ নিৰ্বাচনৰ বিভিন্ন পৰ্যায়ৰ প্ৰচাৰৰ সময়ত উন্মোচিত হোৱা কিছুমান অনাকাংক্ষিত কৰ্মকাণ্ডই সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ সুস্থতা সম্পৰ্কেই প্ৰশ্ন তুলিছে৷ প্ৰচাৰ অভিযানৰ সময়ত প্ৰতিদ্বন্দ্বী দলসমূহৰ মাজত চলা সংঘাত, ৰক্তপাতে নিৰ্বাচনৰ ক্ষেত্ৰত ৰাজনৈতিক দলসমূহৰ মাজত প্ৰতিদ্বন্দ্বিতাক শত্ৰুতাৰ পযায়লৈ নমাইছে৷ মাৰপিট-হত্যা আৰু হত্যাৰ প্ৰচেষ্টাই আচলতে এটা শান্তিপূৰ্ণ পৰিস্থিতিৰ ইংগিত নিদিয়ে৷ এয়া হ’ল এক বিস্ফোৰক আৰু উত্তেজনাপূৰ্ণ পৰিস্থিতি৷ ঘৃণা-বিদ্বেষ, হত্যা-অপহৰণৰ বাতাৱৰণত নিৰ্বাচন শান্তিপূৰ্ণ হ’ব নোৱাৰে৷ পৰিতাপৰ কথা এয়ে যে নিৰ্বাচনী বিধি-বিধান উলংঘাৰ বহু গুৰুত্বপূৰ্ণ অভিযোগ স্বয়ং শাসক দল তথা মৰ্চাৰ বিৰুদ্ধে উঠিছে৷ এই সন্দৰ্ভত বিস্তৃত তথ্যসহ সংবাদ মাধ্যমত বাতৰিও প্ৰকাশ পাইছে৷ তদুপৰি দেশৰ প্ৰধানমন্ত্ৰী-গৃহ মন্ত্ৰী আদি মৰ্যাদাপূৰ্ণ আসনৰ অধিকাৰীসকলৰ ভাষণত এনে কিছুমান বিদ্বেষপূৰ্ণ বিষয় অৱতাৰণা হৈছে, এনেধৰণৰ বক্তব্য প্ৰকাশ পাইছে যিবোৰ দেশৰ সংবিধান আৰু গণতান্ত্ৰিক সংস্কৃতিৰ লগত সংগতিপূৰ্ণ নহয়৷ এনে ধৰণৰ প্ৰৱণতা যদি চৰকাৰ চলোৱা দলৰ নেতা-মন্ত্ৰীৰ বচন-আচৰণত প্ৰকাশ পায় তেন্তে দেশৰ বাহিৰে-ভিতৰে এই দেশৰ সুনাম আৰু ভাবমূতি মলিন কৰিব৷ সেইবাবেই দেশৰ সংবিধানৰ নামত শপত লৈ নেতা-মন্ত্ৰী হোৱাসকল সতৰ্ক হোৱা উচিত৷ ক্ষমতাই শেষ কথা নহয়৷ জাতিৰ পিতা মহাত্মা গান্ধী কোনো দিনে ক্ষমতাত নাছিল, মন্ত্ৰী-বিধায়ক-সাংসদ নাছিল৷ কিন্তু আজিৰ বিশ্বত মহাত্মা গান্ধীৰ গুৰুত্ব, তেওঁৰ চিন্তাধাৰাৰ প্ৰাসংগিকতা দিনকদিনে বৃদ্ধি পাইছে৷ আমাৰ দেশত এতিয়া ক্ষমতা লাভেই ৰাজনীতিৰ শেষ কথা হৈ পৰিছে৷ এতিয়া ৰাজনীতি নিঃস্বাৰ্থ দেশসেৱা হৈ থকা নাই৷ দেশৰ নিৰ্বাচন আয়োগৰ গঠনলৈ বৰ্তমান ক্ষমতাত থকা চৰকাৰে আগৰ কাৰ্যকালতে গুৰুতৰ পৰিবৰ্তন আনিলে৷ আগতে প্ৰধানমন্ত্ৰী-বিৰোধী দলপতি আৰু উচ্ছতম ন্যায়ালয়ৰ বিচাৰপাতিক লৈ গঠিত নিৰ্বাচক মণ্ডলীয়ে নিৰ্বাচন আয়ুক্ত নিয়োগ কৰে৷ এতিয়া মুখ্য ন্যায়াধীশৰ সলনি এজন জ্যেষ্ঠ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীক স্থান দিয়াত নিৰ্বাচন আয়ুক্তৰ নিয়োগ একপ্ৰকাৰ ৰাজনৈতিক হৈ পৰিল৷ তদুপৰি ক্ষমতাত থকা চৰকাৰে চি বি আই, ই ডি, আয়কৰ আদি এজেঞ্চিসমূহ আনকি নিৰ্বাচনৰ সময়তো বিৰোধী নেতাৰ বিৰুদ্ধে প্ৰয়োগ কৰা অব্যাহত ৰখাত আমোলাতন্ত্ৰৰ ভূমিকাও পক্ষপাতমূলক হৈ পৰাৰ অভিযোগ উঠিছে৷ এনে অৱস্থাত নিৰ্বাচন মুক্ত আৰু নিকা হ’ব কেনেকৈ? সদ্যসমাপ্ত মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনত বিৰোধী পক্ষই নেপথ্যৰ পৰা ধন যোগান আদিৰ অভিযোগত গুজৰাটী বণিক গৌতম আদানিৰ বিৰুদ্ধেও অভিযোগ তুলিছে৷ উল্লেখযোগ্য যে এইজন গৌতম আদানিৰ বিৰুদ্ধে শেহতীয়াকৈ উৎকোচ দিয়াৰ গুৰুতৰ অভিযোগ তুলিছে স্বয়ং মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰশাসনে৷ আমাৰ দেশৰ নিৰ্বাচন এতিয়া সম্পূৰ্ণ ধন সৰ্বস্ব হৈ পৰিছে৷ বাহুবল আৰু প্ৰশাসনৰ অপপ্ৰয়োগ চকুত পৰা ধৰণে প্ৰকট হৈ উঠিছে৷ এনে ধৰণৰ পৰিস্থিতি বহুত্ব আৰু বৈচিত্ৰ্যৰ দেশ ভাৰতবৰ্ষৰ শান্তি-সমৃদ্ধি হ’ব নোৱাৰে৷ জনসাধাৰণ যদি ধৰ্ম-সম্প্ৰদায়, গোষ্ঠী-ভাষা আদিৰ নামত বিভাজিত হয়, নানা প্ৰৰোচনা-প্ৰলোভনৰ দ্বাৰা পৰিচালিত হয় তেন্তে ভাৰতবৰ্ষৰ আত্মাৰেই অপমৃত্যু ঘটিব৷ বিভাজিত জনসমষ্টিৰে ‘একদেশ’ গঠন হোৱাটো সম্ভৱ নহয়৷ ঐক্য-সংহতি ওপৰৰ পৰা জাপি দিয়া বস্তু নহয়৷ জনসাধাৰণ যদি সাংবিধানিক-গণতান্ত্ৰিক আৰু ন্যায়সংগত ভাবধাৰাৰ দ্বাৰা উদ্বুদ্ধ নহয় তেন্তে এক দেশ এক নিৰ্বাচনো সম্ভৱ হৈ উঠিব নোৱাৰে৷
Share This