আজিৰ সম্পাদকীয়,বাংলাদেশৰ পৰিস্থিতি আৰু ‘কা’

Dainik Janambhumi August 17, 2024

ডিজিটোল ডেস্কঃ বাংলাদেশৰ শেহতীয়া ঘটনাৱলী সেই দেশৰ অভ্যন্তৰীণ বিষয় হ’লেও ইয়াৰ পৰা শিকিব লগাও বহু কথা আছে৷ একেখন ব্ৰিটিছ ভাৰতেই বিভাজিত হৈ ভাৰত, পাকিস্তান আৰু বাংলাদেশৰ সৃষ্টি হৈছে৷ ধৰ্মভিত্তিক জাতীয়তাৰ দ্বিজাতি তত্ত্বৰ ভিত্তিত দেশ বিভাজন হৈছিল৷ মুছলমানসকলৰ গৃহভূমি আখ্যা পোৱা পাকিস্তান কিন্তু ভূসংলগ্ন নাছিল৷ পশ্চিম পাকিস্তান আছিল উদুৰ্ভাষী¸ মুছলমান প্ৰধান আৰু উদুৰ্ক সমগ্ৰ পাকিস্তানৰ ৰাষ্ট্ৰভাষা কৰিবলৈ তেওঁলোক যত্নপৰ হৈছিল৷ ইয়াৰ বিপৰীতে ভাৰত উপ-মহাদেশৰ পূব প্ৰান্তত অৱস্থিত পূব পাকিস্তান আছিল বাঙালী মুছলমান প্ৰধান অঞ্চল৷ তেওঁলোকে মাতৃভাষা বাংলাৰো স্বীকৃতি দাবী কৰিছিল৷ প্ৰথমে ভাষা ভিত্তিক দাবীৰে আৰম্ভ হোৱা পূব পাকিস্তানৰ সংগ্ৰাম আন আৰ্থ-সামাজিক কাৰকৰ সহযোগত অৱশেষত পাকিস্তানৰ পৰা পূব পাকিস্তানৰ স্বাধীনতাৰ সংগ্ৰাম হৈ উঠিল৷ ভাৰতৰ সহযোগত পূব পাকিস্তান বাংলাদেশ নামৰ এখন নতুন স্বতন্ত্ৰ ৰাজ্য হৈ পৰিল৷ বাংলাদেশে ৰাষ্ট্ৰীয় সংগীতৰূপে গ্ৰহণ কৰে এটা ৰবীন্দ্ৰ সংগীত– ‘আমাৰ সোণাৰ বাংলা- আমি তোমাকে ভালবাসি...৷’ বাংলাদেশত হিন্দু হ’ল সৰ্ববৃহৎ সংখ্যালঘু সম্প্ৰদায়৷ বাংলাদেশৰ হিন্দুসকল মাজে মাজে বৈষম্যৰ বলি হৈ আহিছে৷ চৰকাৰ আৰু সংখ্যাগুৰু মুছলমানসকলৰ হিন্দুসকলৰ প্ৰতি মনোভাব অনুকূল নহয়৷

 

অথচ হিন্দুসকলো একে দেশৰে বাসিন্দা৷ কিন্তু কালক্ৰমত এই সম্পৰ্কৰ তিক্ততা কিছু হ্ৰাস পায়৷ আনহাতে ওচৰতে এখন হিন্দু প্ৰধান ডাঙৰ ৰাষ্ট্ৰ ভাৰতবৰ্ষ থকাৰ বাবে একাংশ হিন্দু ভাৰতবৰ্ষৰ প্ৰতি আকৰ্ষিত হৈ ভাৰতলৈ আহিবলৈ চেষ্টা কৰে৷ তাৰ এটা প্ৰধান উপায় হ’ল সীমান্তইদি ভাৰতলৈ অনুপ্ৰৱেশ৷ অৱশ্যে বাংলাদেশত আক্ৰমণৰ বলি হৈ বা সংঘৰ্ষত ক্ষতিগ্ৰস্ত হৈহে ভাৰতলৈ আহে বুলি ক’লে সম্পূৰ্ণ সঁচা কোৱা নহ’ব৷ ভাৰতত সুস্থিৰ আৰু সচ্ছল জীৱন পাৰ কৰিব পাৰিব বুলিহে বহুত হিন্দুৱে অনুপ্ৰৱেশ কৰে৷ সাম্প্ৰদায়িক সংঘৰ্ষ ভাৰত-পাকিস্তান-বাংলাদেশ আদি হৈ থাকে৷ বৰঞ্চ ভাৰতত ইয়াৰ মাত্ৰা অধিক৷ ৰাম জনমভূমি-বাবৰি মছজিদ কাণ্ড আৰু গুজৰাট কাণ্ডৰ দৰে নিকৃষ্টধৰণৰ সাম্প্ৰদায়িক দাংগা-বাংলাদেশ-পাকিস্তানত বিৰল৷ চুবুৰীয়া এই দুই দেশৰ পৰা ভাৰতলৈ প্ৰৱেশযঅনুপ্ৰৱেশ কৰা হিন্দুসকলক ভাৰতীয় নাগৰিকত্ব দিয়াৰ উদ্দেশ্যে নানা বিৰোধ আৰু বিতৰ্ক সত্ত্বেও ভাৰতৰ বিজেপি চৰকাৰে সংসদত কা বা নাগৰিকত্ব সংশোধনী আইন পালিত কৰে৷ ইয়াৰ যোগেদি পৰোক্ষভাৱে হ’লেও বাংলাদেশ আৰু পাকিস্তানৰ হিন্দুসকলক ভাৰতলৈ আহিবলৈ প্ৰৰোচিত কৰা হ’ল৷ ভাৰতৰ এই আইনৰ জৰিয়তে পাকিস্তানত বাংলাদেশৰ সংখ্যাগুৰু মুছলমান সম্প্ৰদায়ৰ মাজৰ মৌলবাদী আৰু সাম্প্ৰদায়িক অংশকো সেই সেই দেশৰ হিন্দুৰ ওপৰত দমন-নিপীড়ন চলাবলৈ এটা অজুহাত দিয়া হ’ল৷ কাৰণ ভাৰতে নাগৰিকত্ব দিবই৷

 

সংখ্যালঘু হিন্দুসকলে বাংলাদেশত দীৰ্ঘদিন নানা নিৰ্যাতন সহি-সামৰি থাকিব লগা হৈছে৷ তাকে লৈ ভাৰতৰ হিন্দুত্ববাদীসকলে মুছলিম বিদ্বেষী ৰাজনীতি কৰিবলৈ সুযোগ লাভ কৰি আহিছে৷
পাছে এইবাৰ শেনৰ এজাত৷ বাংলাদেশৰ শেহতীয়া ছাত্ৰ আন্দোলন আৰু ৰাজনৈতিক পট পৰিৱৰ্তনৰ সুযোগত বাংলাদেশৰ একাংশ সাম্প্ৰদায়িক আৰু মৌলবাদী লোকে হিন্দু সম্প্ৰদায়ৰ লোক আৰু মঠ-মন্দিৰত আক্ৰমণ কৰিলে৷ এইবাৰ কোনেও আশা নকৰা এটা ঘটনা ঘটিল৷ সংঘৰ্ষকাৰীসকলৰ বিৰুদ্ধে আগবাঢ়ি আহিল ছাত্ৰ সমাজ আৰু সাধাৰণ মুছলমান মানুহ৷ তেওঁলোকে হিন্দুৰ প্ৰসিদ্ধ ধৰ্মীয় স্থান পহৰা দি সুৰক্ষিত কৰি ৰাখিলে৷ আনকি মহম্মদ ইউনুছ নেতৃত্বাধীন মধ্যৱৰ্তীকালীন চৰকাৰে বাংলাদেশৰ সকলো নাগৰিকৰ সমতা ঘোষণা কৰাৰ লগতে এখন ধৰ্মীয় বৈষম্যমুক্ত ৰাষ্ট্ৰ গঠনৰ কথা ঘোষণা কৰিছে৷ ইয়াৰ ফলত বাংলাদেশৰ সাম্প্ৰদায়িক শক্তিবোৰ এটা পৰ্যায়ত থমকি ৰ’বলৈ বাধ্য হৈছে৷ তাতোকৈ আশাপ্ৰদ কথা হ’ল প্ৰথমবাৰলৈ বাংলাদেশৰ হিন্দুসকলে ৰাজপথলৈ ওলাই বৃহৎ সমাৱেশৰ আয়োজন কৰি সুৰক্ষা আৰু ৰাজনৈতিক অধিকাৰ দাবী কৰিব পাৰিছে৷ নিজ ৰাজ্য, নিজৰ মাটি-পানীত ভূমিপুত্ৰৰ অধিকাৰ সুৰক্ষিত হোৱাটো এটা প্ৰাকৃতিক অধিকাৰ৷ ৰাষ্ট্ৰই তাৰ স্বীকৃতি দিব লাগিব৷ ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে বাংলাদেশৰ হিন্দুসকলে ভাৰতবৰ্ষৰ বিজেপি চৰকাৰে বাঞ্ছা কৰাৰ দৰে নিজ দেশ এৰি আহি ভাৰতত ‘কা’ আইনৰ সুবিধা লৈ নাগৰিকত্ব লোৱাৰ পক্ষত নাই৷ বৰঞ্চ নিজৰ মাটিত অধিকাৰ ৰক্ষাৰ বাবেহে ইচ্ছুক৷ এই কথা ভাৰত চৰকাৰৰ বাবে কিছু অস্বস্তিদায়ক হৈ উঠিছে৷ আজি ভাৰত উপ-মহাদেশৰ ছাত্ৰ সমাজৰ মাজলৈ এটা নতুন জাগৰণ আহিছে৷ সমস্যাজৰ্জৰ, অনুন্নত অৰ্থনীতিৰ এই দেশসমূহৰ নতুন প্ৰজন্মৰ মাজত ভৱিষ্যতৰ এখন আশাৰ ছবি নাই৷ তেওঁলোকে অনুভৱ কৰিছে যে ঘৃণা-বিদ্বেষ-অবিশ্বাস আৰু সংঘাতৰ পথেৰে দেশ একোখনলৈ উন্নয়নৰ ধাৰা নমাই আনিব নোৱাৰি, বৰঞ্চ পাৰস্পৰিক সহযোগিতাৰেহে সেই কাৰ্য সম্ভৱ৷ হয়তো ভাৰত-পাকিস্তান আৰু বাংলাদেশৰ যুৱ সমাজে অতীতৰ সংঘাত-বিদ্বেষৰ ৰক্তাক্ত অধ্যয়নৰ পৰা শিক্ষা গ্ৰহণ কৰিছে৷ নতুনত্ব বিচাৰিছে৷


চুবুৰীয়া ৰাজ্য একোখনৰ ৰাজনৈতিক উত্থান-পতনে পাশ্বৰ্ৱৰ্তী আন দেশতো প্ৰভাৱ বিস্তাৰ কৰিব পাৰে৷ শাসক যদি স্বেচ্ছাচাৰী আৰু জনবিৰোধী হৈ উঠে, দমন-নিপীড়নৰ প্ৰধান সাৰথি কৰি চলিব খোজে, অনিচ্ছুক জনতাৰ ওপৰত কেতবোৰ সিদ্ধান্ত বলপূৰ্বক জাপি দিব খোজে, তেন্তে প্ৰজা বিদ্ৰোহ অৱধাৰিত হৈ উঠে৷ বিশ্বৰ বৃহৎ শক্তি, সাম্ৰাজ্যবাদী শক্তিয়েও তাৰ সুযোগ ল’ব পাৰে৷ কিন্তু পৰিৱৰ্তন অনিবাৰ্য৷ আজিৰ পৰা বিশ-ত্ৰিশ বছৰৰ আগত বাংলাদেশৰ মানুহৰ চিন্তা- চেতনাৰ স্তৰ যি পৰ্যায়ত আছিল এতিয়া তাতকৈ উন্নতি ঘটিছে৷ বাংলাদেশী হিন্দুসকলেও আত্মবিশ্বাস ঘূৰাই পাইছে৷ বাংলাদেশ বা পাকিস্তানত থকা সংখ্যালঘু সম্প্ৰদায়সমূহৰ অৱস্থাৰ প্ৰতি বৰ্তমান বিশ্ব সম্প্ৰদায়ৰো দৃষ্টি আছে৷ সেইবাবেই আজিৰ পৰিৱৰ্তিত বিশ্বত কাৰোবাক অধিকাৰৰ পৰা বঞ্চিত কৰি, দমন-নিপীড়ন চলাই দীৰ্ঘকাল ৰাখিব নোৱাৰি৷

Share This