আজিৰ সম্পাদকীয়,জনজাতিকৰণ প্ৰসংগ

DainikJanambhumi September 25, 2024

 

ডিজিটেল ডেস্কঃ‘২০২৬ চনৰ ভিতৰত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ সমাধান নহ’লে বিজেপি নেতৃত্বাধীন চৰকাৰক ৰাজ্যৰ শাসনৰ পৰা উৎখাত কৰা হ’ব৷’– নতুন দিল্লীত সোমবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা ৰাজ্যৰ ছটা জনগোষ্ঠীক প্ৰতিনিধিত্বকাৰী সংগঠনসমূহৰ নেতৃবৰ্গই উল্লিখিত যি হুংকাৰ দিছে সেয়া বহু দিশৰ পৰা তাৎপৰ্যপূৰ্ণ৷ আহোম, মৰাণ, মটক, চুতীয়া, কোচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠী– এই ছটা জনগোষ্ঠীয়ে দেশৰ সংবিধানৰ সংশ্লিষ্ট অনুচ্ছেদৰ আধাৰত জনজাতিৰ মৰ্যাদা দাবী কৰি আন্দোলন আৰম্ভ কৰাৰ পাছত ৰাজ্যত তিনিখন চৰকাৰ সলনি হ’ল৷ এই জনগোষ্ঠীসমূহৰ লোকেৰেই মূলতঃ ৰাজ্যৰ, বিশেষকৈ উজনি অসমৰ মূল জনগাঁথনিটো নিৰ্মিত৷

 

গতিকে এই জনগোষ্ঠীসমূহে যেতিয়া ৰাজনৈতিক ভাবুকি দিয়ে তেতিয়া শাসনাধিষ্ঠিত দলৰ বাবে ই অস্বস্তিৰ কাৰণ হৈ পৰে৷ কুৰি শতিকাৰ শেষ দশকৰ পৰা ৰাজ্যৰ সামাজিক আৰু ৰাজনৈতিক পৰিৱেশক সময়ে সময়ে উত্তাল কৰি ৰখা এই বিষয়টোক সেয়েহে কংগ্ৰেছেও উপেক্ষা কৰিব পৰা নাছিল, বিজেপিয়েতো নোৱাৰেই৷ বিজেপিৰ বাবে বিষয়টো অধিক জটিল হৈ পৰাৰ কাৰণ হ’ল দলটোৱে ২০১৬ বৰ্ষত ৰাজ্যৰ ক্ষমতালৈ অহাৰ বাবে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰিছিল৷ সিমানেই নহয়, যোৱা ২০১৯ চনৰ লোক সভাৰ নিৰ্বাচনৰ সময়ত মঙলদৈ লোক সভা সমষ্টিৰ এখন জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ আশ্বাস প্ৰদান কৰিছিল৷ জনজাতিকৰণৰ দাবী উত্থাপন হোৱাটো অস্বাভাৱিক কথা নহয়৷ স্বাধীন ভাৰতত সুদীৰ্ঘদিন ধৰি বিভিন্ন জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যাদা বিচাৰি আহিছে আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয় আৰু ৰেজিষ্টাৰ জেনেৰেল ইণ্ডিয়াৰ বিৱেচনা সাপেক্ষে নতুন নতুন জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যাদা পায়ে আছে৷ কিছুদিন পূৰ্বে হিমাচল প্ৰদেশৰ হাট্টি, তামিলনাডুৰ নাৰিদোৰাৱান আৰু কুৰিৱিদুৰণ, ছট্টিশগড়ৰ বিনঝিয়া, উত্তৰ প্ৰদেশৰ গোন্দ জনগোষ্ঠীয়ে নতুনকৈ জনজাতিৰ মৰ্যাদা লাভ কৰিছে৷

 

এসময়ত জনজাতিৰ পূৰ্ণ অৰ্হতা থকা জনগোষ্ঠীসমূহে জনজাতিৰ সাংবিধানিক মৰ্যাদা প্ৰাপ্তিৰ বাবে এতিয়া প্ৰবল আন্দোলনৰ পৰিৱেশ ৰচনা কৰাৰ মূল কাৰণ অনুসূচিত জাতি-জনজাতিবিলাকৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা নীতি৷ শৈক্ষিক, চাকৰি আৰু ৰাজনীতিক ক্ষেত্ৰত এই জনজাতিসমূহে জলপানি আৰু সংৰক্ষণৰ যিবোৰ সা-সুবিধা পাই আছে, একেধৰণৰ জীৱন যাপন কৰিও অন্য অনুৰূপ অনা- অনুসূচিত জনগোষ্ঠীসমূহে সেই সুবিধাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাটো স্বাভাৱিক৷ সাংবিধানিকভাৱে জনজাতিৰ মৰ্যাদা পোৱা আৰু নোপোৱা জনগোষ্ঠীবিলাকৰ মাজত যে জীৱন ধাৰণৰ বিশেষ কোনো পাৰ্থক্য নাই সেয়া জলজল-পটপট হৈ আছে৷ ডিব্ৰুগড়-তিনিচুকীয়া জিলাৰ ভিতৰুৱা গাঁওবোৰত থকা মৰাণ- মটকসকল, উজনি অসমৰ বহু গাঁৱৰ আহোমসকল, চুতীয়াসকল, চাহ বাগিচাৰ লাইনত বসবাস কৰা চাহ জনগোষ্ঠীৰ বিভিন্ন আদিবাসী সম্প্ৰদায়ৰ লোকসকল বা বঙাইগাঁও, ধুবুৰী, কোকৰাঝাৰ জিলাৰ গাঁও কিছুমানত থকা কোচ-ৰাজবংশী লোকসকলৰ জীৱনধাৰণৰ ধৰণ-কৰণ, ভাব- ভাষাৰ জ্ঞান থকাসকলে উপলব্ধি কৰিব পাৰে এই পাৰ্থক্যহীনতাৰ কথা৷ কিন্তু এইটোও সত্য যে সেই ধৰণৰ জীৱন যাপনেই যথেষ্ট নহয়, জনজাতিৰ সাংবিধানিক মৰ্যাদা পাবলৈ হ’লে কিছুমান বিশেষ অৰ্হতা পূৰণ কৰাৰ প্ৰয়োজন হয়৷ কিন্তু সমস্যাটো জটিল হৈছে ৰাজনৈতিক দলবোৰৰ ভূমিকাৰ বাবে৷ কংগ্ৰেছে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰা নাছিল৷ কংগ্ৰেছ চৰকাৰৰ আমোলত এই বিষয়ক লৈ বিধানসভাত গৃহীত প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হৈছিল৷ বিজেপিয়ে ইয়াৰ বিৰোধিতা কৰা নাই, প্ৰধানমন্ত্ৰীয়ে বিৰোধিতা কৰা নাই, বৰ্তমানৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও মুকলিকৈ প্ৰকাশ কৰিছে যে তেওঁ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক সমৰ্থন কৰে৷

 

গতিকে ক্ষমতাধিষ্ঠিত দলবোৰৰ এনে ভূমিকাৰ পাছত, তেওঁলোকেই চৰকাৰ চলোৱা অৱস্থাত বিষয়টোৰ মীমাংসা নহ’লে ক্ষোভ-প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাটো অৱধাৰিত৷ সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনত গঠন কৰি দিয়া মন্ত্ৰী গোটে বিষয়টোৰ পুংখানুপুংখ পৰ্যালোচনা চলাইছিল৷ সেই মন্ত্ৰী গোটৰ নেতৃত্বত আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ ড॰ শৰ্মাই এতিয়া কৈছে যে কংগ্ৰেছ চৰকাৰে বিধানসভাত গ্ৰহণ কৰা প্ৰস্তাৱটোত ত্ৰুটী ৰৈ যোৱা বাবেহে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হোৱা নাই৷ সেই প্ৰস্তাৱত বৰ্তমানৰ জনজাতিসমূহৰ আপত্তিৰ বিষয়টো উল্লেখ আছিল৷ এনে অৱস্থাত জনজাতিকৰণৰ দাবী উত্থাপন কৰি অহা জনগোষ্ঠীসমূহে বিচাৰিছে যে বৰ্তমানৰ চৰকাৰে পূৰ্বৰ বিধানসভাৰ প্ৰস্তাৱত যদি কৰিকৰী খঁুত ৰৈ গৈছে তাৰ সংশোধন ঘটাই নতুনকৈ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰক৷ সেইবাবেই তেওঁলোকে ২০২৬ চনত চৰম সময়সীমা বান্ধি দিছে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনক৷ নিশ্চিতভাৱে বিজেপিৰ বাবে এইটো এটা গুৰুতৰ প্ৰত্যাহ্বান৷ বিজেপিৰ ভৱিষ্যতৰ প্ৰশ্ন ইয়াত জড়িত হৈ আছে৷ ছয় জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা সংগঠনকেইটাৰ ভাবুকিৰ মোকাবিলা বৰ্তমানৰ চৰকাৰে কেনেকৈ কৰে সেইটো লক্ষণীয় হ’ব৷

Share This