আজিৰ সম্পাদকীয়,কিয় এই চিন্তা?
DainikJanambhumi
September 20, 2024
ডিজিটেল ডেস্কঃ নিঃসন্দেহে ‘এক দেশ এক নিৰ্বাচন’ শুনিবলৈ ভাল লগা এটা প্ৰস্তাৱ৷ বিগত দুটা দশকমানৰ দেশৰ নিৰ্বাচনী দৃশ্যপটবিলাকলৈ মনত পেলালে নিৰ্বাচনৰ প্ৰতি সাধাৰণ মানুহৰ তিক্ত ভাব এটা মনলৈ অহাৰ বাদে ইয়াৰ ইতিবাচক দিশ বৰ বেছি চকুত নপৰে৷ নিৰ্বাচন মানে দলবিলাকৰ যুঁজ, বিদ্বেষ, নিম্ন মানৰ বাকযুদ্ধ আৰু জনসাধাৰণকো বিভাজিত কৰাৰ এটা অবাঞ্ছিত ব্যৱস্থা যেনহে লগা হৈছে৷ গতিকে, নিৰ্বাচনৰ সংখ্যা বৃদ্ধি হোৱাটো একপ্ৰকাৰ অভিশাপৰ নিচিনাই হৈছে৷ তেনে অৱস্থাত যোৱা বুধবাৰে নৰেন্দ্ৰ মোদীৰ কেবিনেটে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ কমিটীয়ে যুগুত কৰি ৰাষ্ট্ৰপতিৰ হাতত দাখিল কৰা ‘এক দেশ এক নিৰ্বাচন’ৰ প্ৰতিবেদনখনত অনুমোদন জনোৱা বিষয়টোৱে সাধাৰণ মানুহৰ মনলৈ স্বস্তিৰ ভাব এটা অনাই স্বাভাৱিক৷ এই প্ৰতিবেদনখন অনুমোদন জনাই মোদী চৰকাৰৰ তৰফৰ পৰা যি ব্যাখ্যা দিয়া হৈছে তাত কোৱা হৈছে যে লোক সভাৰ নিৰ্বাচন, বিধানসভাৰ নিৰ্বাচন আৰু স্থানীয় নিকায়সমূহৰ নিৰ্বাচন পৃথকে পৃথকে হোৱাৰ পৰিপ্ৰেক্ষিতত বিশাল ধনৰ ব্যয়ৰ বোজা দেশে বহন কৰিব লগীয়া হয় আৰু দেশৰ প্ৰগতিৰ ই অন্তৰায় হৈ পৰে৷
এই ব্যাখ্যা একেবাৰে সত্য৷ প্ৰতিটো নিৰ্বাচনৰ সময়ত সুদীৰ্ঘ দিনৰ বাবে সমগ্ৰ ব্যৱস্থাটো নিৰ্বাচন-কেন্দ্ৰিক হৈ পৰাৰ ফলত ৰাজকোষৰ বিশাল ধন ব্যয়তো হয়েই, অন্যান্য সকলো চৰকাৰী কাম-কাজ স্তব্ধ হৈ পৰে৷ কেৱল এয়াই নহয়, প্ৰতিটো নিৰ্বাচনত দল আৰু প্ৰাৰ্থীবিলাকে বৈধ আৰু অবৈধভাৱে লাখে-কোটিয়ে টকা উৰুৱাই সমাজখনত কি পৰিৱেশৰ সৃষ্টি কৰে সেয়া সকলোৱে দেখি আছে, শুনি আছে৷ এনেধৰণৰ সামগ্ৰিক পৰিৱেশবোৰৰ পৰা নিৰ্বাচনবিলাক অপব্যয়ৰ এটা চৰকাৰী ব্যৱস্থাৰ বাদে আন একো নহয় বুলিও ভবাৰ থল এতিয়া সাধাৰণ মানুহে পাইছে৷ সেয়েহে, ‘এক দেশ এক নিৰ্বাচন’এ এনেকুৱা অনাহূত বিষয়বিলাকৰ পৰা দেশখনক মুক্ত কৰিব পাৰে৷ তদুপৰি, নিৰ্বাচনত জিকাৰ বাবে দল আৰু প্ৰাৰ্থী কিছুমানে ৰচনা কৰা তিক্ততাপূৰ্ণ পৰিৱেশ এই নতুন ব্যৱস্থাই সীমিত কৰাৰ অৱকাশ থাকিব৷ কিন্তু প্ৰশ্ন হৈেছ বিচিত্ৰ জন-গাঁথনি, বিচিত্ৰ চিন্তা-চৰ্চা, বিচিত্ৰ পৰিৱেশৰ আমাৰ দেশখনত এতিয়া ‘এক দেশ এক নিৰ্বাচন’ কিমানদূৰ সম্ভৱ? নিশ্চিতভাৱে ৰামনাথ কোবিন্দ নেতৃত্বাধীন সমিতিখনে দেশৰ সামগ্ৰিক পৰিৱেশৰ বিচাৰ-বিবেচনা কৰি, বিভিন্ন পক্ষৰ চিন্তা আৰু অভিজ্ঞতাৰ বুজ লৈ, অন্য বহু দেশৰ আৰ্হি অধ্যয়ন কৰি আৰু সন্মুখীন হ’ব পৰা সমস্যাবিলাকৰ সমাধানৰ পথ সম্পৰ্কে বুজি-বাজি লৈয়ে প্ৰতিবেদনখন প্ৰস্তুত কৰি উলিয়াইছে৷ তেনেস্থলত ইয়াক একে আষাৰে অসম্ভৱ বুলি কোৱাৰো থল নাইচ কিন্তু সকলোৰে মনলৈ অহা প্ৰশ্নটো হৈছে আমাৰ দেশৰ গণতান্ত্ৰিক গাঁথনিটোৱে এনেকুৱা ব্যৱস্থা এটাক বৰ্তাই ৰাখিবলৈ সক্ষম হ’ব জানো? এই কথা ইতিমধ্যে প্ৰকাশ পাইছে যে স্বৰাজোত্তৰ দেশত ১৯৬৭ চনলৈকে ‘এক দেশ এক নিৰ্বাচন’ ব্যৱস্থাই আছিল৷
গতিকে, চৰকাৰৰ দাবী তেনে এটা ভাল ব্যৱস্থা ইচ্ছা কৰিলে ঘূৰাই আনিব পৰা যায়৷ জনসাধাৰণে এনে হোৱাটোকেই বিচাৰে৷ এই ক্ষেত্ৰত ক’ব পাৰি যে ১৯৬৭ চনৰ পাছত কিয় নিৰ্বাচনবোৰ ভাগ ভাগ হ’ল তাতেই ‘এক দেশ এক নিৰ্বাচন’ৰ ভৱিষ্যতৰ প্ৰশ্ন জড়িত হৈ আছে৷ ১৯৬৭ চনৰ আগৰ দেশৰ ৰাজনীতি আৰু তাৰ পাছৰ সময়ছোৱাৰ ৰাজনীতিৰ চৰিত্ৰৰ আকাশ-পাতাল প্ৰভেদ আছে৷ ১৯৬৭-ৰ আগৰ ৰাজনীতি আছিল সততা আৰু দায়বদ্ধতাসমৃদ্ধ ৰাজনীতি আৰু ১৯৬৭-ৰ পাছৰ ৰাজনীতি হৈছে ক্ষমতাসৰ্বস্ব ৰাজনীতি৷ ক্ষমতাসৰ্বস্ব ৰাজনীতি হৈছে ঠুনুকা চৰিত্ৰৰ৷ আজিৰ ৰাজনৈতিক দল আৰু ৰাজনৈতিক ব্যক্তিসকলে প্ৰতিপক্ষক অনৱৰত ক্ষমতাৰ পৰা আঁতৰোৱাৰ কৌশল ৰচনাত ব্যস্ত হৈ থাকে৷ গতিকে, ইয়াত দেশতে হওক বা ৰাজ্যবিলাকতে হওক চৰকাৰ একোখন পাঁচ বছৰ টিকাই ৰখাটো এটা সাংঘাতিক প্ৰত্যাহবান৷ ৰাজনৈতিক নেতা-কৰ্মীসকলৰ বেছিভাগৰে নিজৰ দলৰ প্ৰতি আনুগত্যৰ নমুনা সাম্প্ৰতিক ৰাজনীতিৰ দল বাগৰা উদাহৰণবিলাকেই প্ৰকট কৰি আছে৷ সৌ সিদিনা ঝাৰখণ্ডত জে এম এম চৰকাৰৰ মুখ্যমন্ত্ৰী হৈ থকা চম্পাই ছোৰেন নিশাটোৰ ভিতৰতে বিজেপি হৈ পৰিল৷ এনেকুৱা উদাহৰণ অলেখ৷ গতিকে, এনেকুৱা এখন দেশত পাঁচ বছৰৰ মূৰে মূৰে ‘এক দেশ এক নিৰ্বাচন’ হ’ব বোলাটো অলীক কল্পনা বুলিয়েই ক’ব পাৰি৷ অৱশ্যে, নৰেন্দ্ৰ মোদী চৰকাৰে বিষয়টো কেনেকৈ আগবঢ়াই নিয়ে বা অন্য দলবিলাকে আৰু ৰাজ্য চৰকাৰবোৰেকেনেদৰে ইয়ালৈ সঁহাৰি দিয়ে সেইটো চাবলগীয়া হ’ব৷ এইটো কথা ঠিক যে ‘এক দেশ এক নিৰ্বাচন’ৰ হেঙাৰ জনসাধাৰণ নহয়, ৰাজনৈতিক দল আৰু নেতাসকলহে হ’ব৷ অন্য ভালেমান দেশত ‘এক দেশ এক নিৰ্বাচন’ ব্যৱস্থা বৰ্তি আছে, ভাৰতে নোৱাৰিব কিয় বুলি চৰকাৰৰ তৰফৰ পৰা প্ৰশ্ন তোলা হৈছে৷ সেই উত্তৰ ৰাজনৈতিক দলবিলাকেহে দিব পাৰিব৷
১৯৭৭ চনত ‘সম্পূৰ্ণ ক্ৰান্তি’ সংগ্ৰামৰ পাছত দেশত গঠন হোৱা মোৰাৰজী দেশাইৰ নেতৃত্বাধীন জনতা পাৰ্টিৰ চৰকাৰখনৰ পতন ঘটিছিল তেতিয়াৰ জনসংঘ [এতিয়া বিজেপি]য়ে সমৰ্থন প্ৰত্যাহাৰ কৰা বাবে৷ তাৰ পাছত বহু চৰকাৰৰ পতন ঘটি আছে সমৰ্থন প্ৰত্যাহাৰৰ ৰাজনীতিৰ পৰিণতিত৷ এই ‘সমৰ্থন প্ৰত্যাহাৰ’ৰ সমস্যাটোৰ সমাধানৰ পথ কি আৰু জনসাধাৰণে নিবিচৰা চৰকাৰ একোখনৰ ক্ষেত্ৰত কি ব্যৱস্থা লোৱা হ’ব সেই দিশবোৰৰ সমাধান নিৰ্ণয় কৰি ল’ব পাৰিলেহে ‘এক দেশ এক নিৰ্বাচন’ সফল হোৱাৰ অৱকাশ থাকিব৷
Share This