আজিৰ সম্পাদকীয়,যুগন্ধৰ..
Dainik Janambhumi
November 05, 2024
ডিজিটেল ডেস্কঃ চাওঁতে চাওঁতে তেৰটা বছৰ পাৰ হৈ গ’ল৷ ২০১১ চনৰ প্ত নৱেম্বৰৰ দিনটোৰ লগতে তাৰ পৰৱৰ্তী কেইটামান দিনৰ অসমৰ পৰিৱেশ মনত পেলালে প্ৰতিগৰাকী অনুভৱী মানুহৰ মন-হৃদয়ত নি(য় বিদ্যুৎস্পৃষ্ট দেহৰ দৰে এক অনামী অনুভৱৰ জোকাৰণি তোলে৷ কি পৰিৱেশ-পৰিস্থিতি সেইকেইটা দিনত বিৰাজ কৰিছিল ৰাজ্যৰ গাঁও-ভূঁই-নগৰ-চহৰত! মনৰো মনৰ, প্ৰাণৰো প্ৰাণৰ শিল্পী ড॰ ভূপেন হাজৰিকাৰ মহাপ্ৰয়াণৰ সেই ক্ষণ আছিল আক্ষৰিক অৰ্থতে অবিস্মৰণীয়৷ মুম্বাইৰ চিকিৎসালয়ৰ পৰা সেই মহাশিল্পীৰ নশ্বৰ দেহ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত নমোৱাৰ পাছৰ পৰা আৰম্ভ হৈছিল শেষ শ্ৰদ্ধাৰ সমদল৷ পৰৱৰ্তী দিনকেইটাত জজ ফিল্ডত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ অভূতপূৰ্ব পৰিৱেশ আৰু তাৰ পাছত জালুকবাৰীত শেষকৃত্যলৈকে ইমান মানুহৰ উপস্থিতিক্ক তেনেকুৱা পৰিৱেশ বিশ্বতে বিৰল৷ জজ ফিল্ডত সেইকেইটা দিনত দিন-ৰাতি একাকাৰ হৈ গৈছিল৷ কেৱল মানুহ৷ শিশুৰ পৰা বৃদ্ধলৈকে অগণন মানুহৰ লানি নিছিগা সোঁত৷ কাচৰ কফিনৰ ভিতৰত সুমুৱাই ৰখা নিষ্প্ৰাণ সেই মহাশিল্পীক শেষ সময়ত দৰ্শন কৰাৰ হেঁপাহত উত্তৰ পূবৰ সকলো ৰাজ্যৰ পৰা, অসমৰ প্ৰতিখন ঠাইৰ পৰা ভাগি-ভূঁহৰি মানুহ আহিছিল৷ শোকাৰ্ত-মৌন জনস্ৰোতে কেনেকৈ ইতিহাস ৰচিব পাৰে সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ মহাপ্ৰয়াণৰ সময়ৰ সেই দিনকেইটাই সেই দৃশ্যবোৰ দেখা প্ৰতিগৰাকী মানুহক নি(য় সোঁৱৰাই থাকে৷ সেই নজিৰবিহীন ক্ষণৰ তেৰটা বছৰ হ’ল৷ এই তেৰটা বছৰত পৰিৱেশ বহুত সলনি হ’ল৷
এই তেৰটা বছৰৰ পৰিৱৰ্তনৰ গতি-বিধিবিলাকলৈ লক্ষ্য ৰখা বহু অনুভৱী মানুহৰ মুখত এই প্ৰশ্নও শুনা যায় যে সেই প্ৰাণৰো প্ৰাণৰ, সেই মনৰো মনৰ মহাশিল্পীগৰাকীৰ প্ৰতি অনুৰাগীৰ মনোভাবো সলনি হৈ গ’ল নেকি? কেইদিনমানৰ আগতে এই সুধাকণ্ঠৰ ৯৮সংখ্যক জন্ম দিৱস উদ্যাপন হৈ গ’ল৷ মহাপ্ৰয়াণৰ পৰৱৰ্তী দুটামান বছৰত মৃত্যু তিথিৰ লগতে মহাশিল্পীগৰাকীৰ জন্মদিনটোও গুণমুগ্ধসকলে ব্যাপকভাৱে উদ্যাপন কৰা দেখা গৈছিল৷ জন্মদিনত দীঘলীপুখুৰীৰ পাৰত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত পতা ‘উদ্দীপনা’ শীৰ্ষক অনুষ্ঠানটোত প্ৰথম অৱস্থাত বিৰ দি বাট নোপোৱা অৱস্থা হৈছিল৷ এতিয়াও বছৰি ‘উদ্দীপনা’ অনুষ্ঠিত হয়, নতুন প্ৰজন্মৰ সম্ভাৱনাপূৰ্ণ শিল্পীসকলে সুধাকণ্ঠৰ কালজয়ী গীতবোৰ গায়, কিন্তু সেই অনুষ্ঠানত এতিয়া দৰ্শক-শ্ৰোতাৰ পৰিমাণ তেনেই সেৰেঙা৷ মৃত্যু দিৱসবিলাকো লাহে লাহে প্ৰাণহীন হৈ আহিবলৈ ধৰা দেখা গৈছে৷ অনুভৱী মানুহৰ হৃদয় আলোড়িত কৰি তুলিব পৰা তেওঁৰ গীতবোৰৰ চৰ্চাও কমি আহিবলৈ ধৰা পৰিলক্ষিত হৈছে৷ ভূপেন হাজৰিকা জীয়াই থাকোঁতে তেতিয়াৰ ডেকা প্ৰজন্মৰ এনে এচাম গায়কৰ সৃষ্টি হৈছিল, যাৰ কণ্ঠ আৰু গায়কীৰ ধৰণ মহাশিল্পীগৰাকীৰ গানবোৰৰ একেবাৰে ওচৰ চাপি গৈছিল৷ তেওঁলোকৰ স্থানীয়ভাৱে ‘জুনিয়ৰ ভূপেন হাজৰিকা’ বুলিও এক পৰিচিতি গঢ় লৈ উঠিছিল৷ সেই গায়কসকলৰো সমাজত প্ৰচুৰ আদৰ দেখা গৈছিল৷ যোৱা তেৰটা বছৰত অসমত কোনোবা নতুন ‘জুনিয়ৰ ভূপেন হাজৰিকা’ৰ সৃষ্টি হৈছেনে? এনেকুৱা বিক্ষিপ্ত নেতিবাচক দৃশ্যপটবিলাকেই বিভিন্নজনৰ মনলৈ উল্লিখিত প্ৰশ্নটো আনিছে৷ ড॰ ভূপেন হাজৰিকা যুগন্ধৰ ব্যক্তিত্ব৷ তেওঁ এটা যুগৰ প্ৰতিনিধি, গীত-সংগীতৰ এটা অবিস্মৰণীয় ধাৰাৰ স্ৰষ্টা৷
অসমৰ জ্ঞাত ইতিহাসৰ যোৱা পাঁচটা শতিকাত এনেকুৱা ব্যক্তিত্বৰ জন্ম আঙুলিৰ মূৰত লেখিব পৰা৷ লতা মংগেশকাৰক ভাৰতৰ অন্যতম পৰিচয় ৰূপে গণ্য কৰা হয়৷ সেই লতা মংগেশকাৰে ভূপেন হাজৰিকাৰ প্ৰতিভা আৰু মহত্ত্বক শ্ৰদ্ধা কৰিছিল৷ সেইগৰাকী শিল্পীৰ মৃত্যুৰ তেৰটা বছৰতে সোঁৱৰণৰ সেমেকা পৰিৱেশে শিল্পীজনাৰ প্ৰতি জাতিটোৰ শ্ৰদ্ধাৰ গভীৰতা কিমান তাক লৈ সন্দেহৰ সৃষ্টি কৰে৷ অৱশ্যে, কেৱল ভাৰতৰত্ন শিল্পীগৰাকীৰ ক্ষেত্ৰতে নহয়, জাতীয় জীৱনৰ অন্য ক্ষেত্ৰবোৰৰ পুৰোধা ব্যক্তিসকলৰ ক্ষেত্ৰতো একেই পৰিৱেশ বিদ্যমান৷ সৌ সিদিনা ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবাৰ্ষিকী উপলক্ষে শিৱসাগৰত এটা অনুষ্ঠানত এগৰাকী বক্তাই আক্ষেপ কৰিছিল– ‘অসমীয়া সাহিত্যৰ গুৰুত্ব সৰ্বভাৰতীয় মঞ্চত বৃদ্ধি কৰাত ড॰ ভট্টাচাৰ্যৰ অৱদান যিমান, সিমান অৱদান সমসাময়িক অন্য কোনো সাহিত্যিকৰে নাই৷ ৰাজ্যৰ প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী, সাহিত্য অকাদেমিৰ অসমীয়া সভাপতিগৰাকীক জন্ম শতবাৰ্ষিকীত অসমবাসীয়ে ব্যাপকভাৱে স্মৰণ কৰিব নোৱৰাটো জাতিটোৰ বৌদ্ধিক দৈন্যৰ লক্ষণ৷’ সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ প্ৰতিটো গীতেই যেনেকৈ উদ্বুদ্ধ, অনুপ্ৰাণিত হ’ব পৰাৰ অমল উৎস, তেনেকৈ সাধাৰণ এটা পৰিয়ালৰ পৰা গৈ স্ব-কৰ্ম প্ৰতিভা আৰু সৃষ্টিৰে বিশ্বক জিনিব পৰা সামৰ্থ্য আহৰণ কৰা জীৱনটোও প্ৰতিগৰাকী নৱ প্ৰজন্মৰ অসমীয়াৰ প্ৰশ্নাতীত আদৰ্শৰ প্ৰতীক৷ উন্নত জাতিবিলাকৰ অন্যতম প্ৰধান চৰিত্ৰই হৈছে যুগন্ধৰ ব্যক্তিত্ববোৰক সন্মান জনোৱাৰ মানসিকতা৷
আমাৰ অসমীয়াৰো উন্নত জাতি হোৱাৰ মন আছে, বিভিন্ন ক্ষেত্ৰত চেষ্টাও একেবাৰে নাই বুলি ক’ব নোৱাৰি৷ কিন্তু এই ইচ্ছাই পূৰ্ণতা পাবলৈ হ’লে জাতীয় কাণ্ডাৰীসকলৰ প্ৰতি শ্ৰদ্ধাৰ এক পৰিৱেশ গঢ় দিব লাগিব, যাতে পদে পদে সেই আদৰ্শবোৰৰ মহত্ত্বক অনুধাৱন কৰি নৱ প্ৰজন্ম আগুৱাই যাব পাৰে৷ ড॰ ভূপেন হাজৰিকাৰ মৃত্যু দিৱসটোও তেনে এটা জাতীয় দিৱস হ’ব পাৰে৷
Share This