বেংগালুৰুত নিশা একেটা কোঠাতে শুই থাকোঁতেই অঘটন, লখিমপুৰৰ ৪ যুৱকৰ মৃতদেহ উদ্ধাৰ

dainik janambhumi February 01, 2026

ডিজিটেল ডেস্ক: কর্মসংস্থাপন বিচাৰি বেংগালুৰুলৈ গৈ একেটা কোঠাতে ৰহস্যজনকভাৱে কৰুণ মৃত্যুক সাবটি লোৱা লখিমপুৰৰ ৪জন অসমীয়া যুৱকৰ মৃত্যুৰ ঘটনাই লখিমপুৰৰ লগতে সমগ্র অসমকে জোকাৰি গৈছে। 

কর্মসংস্থাপন বিচাৰি গৈ ৰহস্যজনক মৃত্যু হোৱা যুৱককেইজনৰ বয়স প্রায় ২২-২৩ বছৰ। মৃত যুৱককেইজন হ'ল জিলাখনৰ ঘিলামৰাৰ বর্ষামুখৰ নীৰেন্দ্ৰ নাথ টাইদ, ডাক্তৰ টাইদ, ধনঞ্জয় টাইদ আৰু নাওবৈচাৰ শালমৰাৰ জয়ন্ত চিন্তে। ইফালে, যুৱককেইজনৰ মৃতদেহ অসমলৈ অনাৰ ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বিশেষ পদক্ষেপ গ্রহণ কৰা বুলি কালি লখিমপুৰত সাংবাদিকক জানিবলৈ দিয়ে। 

বেংলালুৰুত অসমৰ ৪জন যুৱকৰ চাঞ্চল্যকৰ মৃত্যু সন্দৰ্ভত প্রতিক্রিয়া ব্যক্ত কৰি তেওঁ কয় -'আজি পুৱাই অহা খবৰটো অতি দুখজনক। যুৱককেইজনৰ মৃতদেহকেইটা যাতে অসমলৈ ঠিকমতে লৈ আহিব পৰা যায় তাৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কৰ্ণাটকৰ আৰক্ষী আয়ুক্তৰে যোগাযোগ কৰা হৈছে। তদুপৰি, মুখ্যমন্ত্রীয়ে কালি কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ সৈতেও যোগাযোগ কৰি এই ঘটনাৰ তদন্ত কৰিবলৈ আহ্বান জনায়। 

ইফালে, বেংগালুৰুত ৰহস্যজনকভাৱে মৃত্যু হোৱা ৪জন যুৱকৰ ভিতৰত নাওবৈচাৰ শালমৰাৰ যুৱক জয়ন্ত চিন্তেই ৮ মাহ পূর্বেহে বিবাহপাশত আবদ্ধ হৈছিল। বিয়াৰ পাছতে মৃত্যু হৈছিল তেওঁৰ মাতৃৰ। পিতৃৰ শাৰীৰিক অসুস্থতা আৰু আৰ্থিক অনাটনৰ বাবে জয়ন্ত চিন্তে বেংগালুৰুত থকা কোকা কোলা কোম্পানীত কৰ্মৰত আছিল। নিশা ১০ বজাত পত্নীৰ সৈতে অন্তিমবাৰৰ বাবে কথা পাতিছিল জয়ন্ত চিন্তেই। কিন্তু নিশা ঠিক ১০ বজাৰ পাছতেই আহে এই দুখৰ খবৰটো। লগৰ এজনে নিশা আহি মাত লগোৱাত কাৰো মাত নুশুনি দুৱাৰ ভাঙি দেখে যে ৪জন যুৱকৰ শুই থকা অৱস্থাতে মৃত্যু হৈ আছে। লগে লগে ঘৰৰ লোকক খবৰ দিয়া হয়। এই খবৰ সদৰী হোৱাৰ পাছতে কালি ঢকুৱাখনাৰ বৰ্ষামুখৰ লগতে নাওবৈচাৰ শালমৰাত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে। যুৱককেইজনক কোনো দুর্বৃত্তই বিহ পাণ কৰোৱাই হত্যা কৰা বুলি জয়ন্ত চিন্তেৰ পৰিয়ালে অভিযোগ কৰে। 

ইফালে, যুৱ সংগঠন এ আই ডি ৱাই অ'ৰ অসম ৰাজ্যিক কমিটীয়ে এটা বিবৃতিত বেংগালুৰুত কৰ্মৰত লখিমপুৰ জিলাৰ চাৰি যুৱকৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে উক্ত ঘটনাৰ উপযুক্ত আৰু ক্ষিপ্ৰ তদন্তৰ দাবী জনায়। মৃত ব্যক্তি ক্রমে জয়ন্ত চিন্তে, নৰেন্দ্ৰ টাইদ, ধনঞ্জয় টাইদ আৰু ডাক্তৰ টাইদৰ মৃতদেহ চৰকাৰী খৰচত ঘৰলৈ ওভতাই অনাৰ লগতে ক্ষতিপূৰণ হিচাপে পৰিয়ালবৰ্গলৈ এককালীন ২০ লাখ টকাৰ সাহায্য প্রদান কৰিবলৈও অসম চৰকাৰক দাবী জনায়।

Share This