ডিজিটেল ডেস্ক : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাঙে কাৰ্বি পাহাৰত মুকলি কৰিছে পৰ্যটকৰ বাবে সম্ভাৱনাৰ এক নতুন দুৱাৰ। ইতিমধ্যেই মুম্বাইলৈ ফুৰিবলৈ যোৱা পৰ্যটকসকলৰ বহুতে শ্বাহৰুখ খানৰ বাসগৃহ মন্নত, অমিতাভৰ জলচা, মুকেশ আম্বানিৰ এন্টেলিয়া, ছলমান খানৰ শ শ কোটি টকীয়া ফার্ম হাউছবোৰ দেখিছে। এইসকল বিখ্যাত শিল্পী-উদ্যোগপতিয়ে নিজৰ সুদীর্ঘ দিনৰ সাধনা আৰু দক্ষতালব্ধ ধনেৰে সাজি উলিওৱা এই প্রখ্যাত অট্টালিকা আৰু ফার্ম হাউছবোৰ দেখি পৰ্যটক যিদৰে চমকৃৎ হয়, তেনে চমক দিয়াৰ চিন্তা কৰিছে তুলিৰামে। চিন্তা অহাৰ লগে লগে তুলিৰাম ৰৈয়েই নাথাকিল।
২০০ কোটি টকা বাজেটেৰে কাৰ্বি আংলংঙৰ ৰংথিয়ানত তুলিৰামে আৰম্ভই কৰি দিলে নিজৰ এনে এখন ফার্ম হাউছ নিৰ্মাণৰ কাম। আৰম্ভ কৰি দিছে য'ত উপলব্ধ হ'ব অত্যাধুনিক স্থপতিৰ সকলো উপাদান। অমিতাভ বচ্চন বা শ্বাহৰুখ খানে এখন চিনেমাত কিমান পৰিশ্ৰমিক লয় বা এখন চিনেমাৰ পৰা কিমান উপাৰ্জন কৰে সেয়া জনাসকলে জানে। সেইদৰে ৰাইজে জানে দক্ষিণ পূব এছিয়াৰ অন্যতম বৃহৎ ধনকুবেৰ আদানি বা আম্বানিৰ উপাৰ্জনৰ পৰিসংখ্যা। কিন্তু কার্বি আংলঙত থাকিলেও তুলিৰামো অসমৰ এক প্ৰকাৰ চেলিব্রেটিয়েই। সেয়েহে, ৰাইজে তেওঁৰ উপাৰ্জনৰ উৎস নাজানিলে বুলিয়েই তেওঁ পিছপৰি থাকিবনে? সেয়েহে, ২০০ কোটিৰে সাজি উলিয়াব খুজিছে।
বিশাল আৰু বিলাসী ফার্মহাউছ যাতে বলিউডৰ চেলিব্রেটিয়ে অসমক দুখীয়া বুলি হাঁহিব নোৱাৰে। তুলিৰামৰ এই বিলাসী ৰাজপ্রাসাদৰ তথ্য পোহৰলৈ আনিছে মুম্বাইৰ হাই-প্রফাইল ইণ্টিৰিঅ'ৰ ডিজাইনাৰে। ডিজাইনাৰজনে কয় যে তুলিৰামৰ পাঁচ মহলীয়া এই হাই স্কেল ফার্ম হাউছটো তেওঁ লাভ কৰা কামসমূহৰ ভিতৰত সর্ববৃহৎ প্রকল্প। অতি বিলাসী ধনকুবেৰসকলেহে এনে ফার্ম হাউছ নির্মাণ কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে এইটো ফার্ম হাউছত ইণ্টিৰিঅ'ৰ ডিজাইনিঙৰ বাবে ব্যৱহাৰ কৰা সকলো সামগ্রী অনা হৈছে বিদেশৰ পৰা, এই প্রসংগত উল্লেখযোগ্য যে কার্বি আংলং পার্বত্য জিলাৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে আবণ্টন দিছেশশ কোটি টকা। এই বিশাল ধনৰাশিয়ে দৰিদ্ৰ কাৰ্বি জনতাৰ কিমান উন্নয়ন সাধন কৰিছে সেই উত্তৰ থিতাতে পোৱা কঠিন, কিন্তু তুলিৰাম ৰংহাঙৰ দৰে নেতাসকলৰ জীৱনলৈ আনিছে অভাৱনীয় পৰিৱৰ্তন। এনে পৰিৱৰ্তনৰ জহতে ডিফু, তুমাপ্ৰং আৰু গুৱাহাটীৰ বাসগৃহত ই ডিয়ে তালাচী চলাই থকাৰ মাজতে ২০০ কোটি টকীয়া ৰাজপ্রাসাদ সাজি তুলিৰামে একপ্ৰকাৰ দেখুৱাই দিছে পর্যটকক তেওঁ মুম্বাইৰ পৰা কাৰ্বি আংলঙলৈ আহিবলৈ বাধ্য কৰাবই। লাগিলে পাহাৰীয়া জিলাখনৰ সৰ্বসাধাৰণ ৰাইজ অন্ন, বাসস্থান, শিক্ষা, সংস্থাপন আদিৰ অভাৱত হাড়ে হাড়ে মৰক, তথাপি ২০০ কোটি টকীয়া ফার্ম হাউছ হ'বই।