ডিজিটেল ডেস্ক : অসমৰ অন্যতম জনগোষ্ঠী চাহ জনগোষ্ঠী। অসমৰ চাহ খেতিয়ে দুশ বছৰ গৰকিলে। সেই তাহানিৰ যুগতে নিৰ্মাণ কৰা ঘৰবোৰে আজি সহিব নোৱাৰা হৈছে ভৰ। জৰাজীৰ্ণ হৈ পৰিছে বহু শ্ৰমিকৰ আৱাসগৃহ। কেইবাটাও যটিল সমস্যা লৈ ঔৰাংগাজুলি চাহ বাগিচাৰ ফেক্টৰীৰ সম্মুখত এঘন্টীয়া ধৰ্ণা কাৰ্যসূচী সম্পন্ন কৰে নেতৃবৰ্গৰ লগতে কৰ্মচাৰী সকলে ।
বছৰ-বছৰ ধৰি এশ-এবুৰি সমস্যাৰে জৰ্জৰিত ওদালগুৰিৰ ঔৰংগাজুলি চাহ বাগিচাৰ শ্ৰমিক সকল। বাগিচাৰ চাহ শ্ৰমিকৰ আওপুৰণি বাসগৃহ, শৌচালয় আদিৰ আন্তঃগাঁথনি উন্নীতকৰণৰ লগতে বছৰ বছৰ ধৰি খালী হৈ থকা ৮ টা উপকৰ্মচাৰীৰ পদ শীঘ্ৰে পূৰণৰ দাবীত উত্তাল হৈ পৰে পৰিৱেশ ।
ইফালে পূৰ্বৰ বিভিন্ন পদত কৰ্মৰত লোকে কোম্পানীৰ নিয়মীয়া কৰ্মচাৰীৰ মজুৰিৰ পৰিৱৰ্তে দৈনিক হাজিৰাত কাম কৰিব লগীয়া হোৱা বিষয়টো সমাধান কৰিবলৈ দাবী জনায়। চৰ্দাৰ, প্লাম্বাৰ, লাইন চকীদাৰ, বিজুলী বিভাগ, অফিচ পিয়ন আদিৰ সৰ্বমুঠ ২৪ টা পদ আজিলৈ খালী হৈ আছে, সেইবোৰ পদত শীঘ্ৰেই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ বাগানৰ পৰিচালকক দাবী শ্ৰমিকসকলৰ । চাহ শ্ৰমিকৰ কোৱাৰ্টাৰ আজিলৈকে নিৰ্মাণ নকৰা তথা পানী যোগান ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে চাহ মজদুৰ সংঘই ।
উৎস: প্ৰাগ নিউজ ডিজিটেল