ডিজিটেল ডেস্ক : স্পেইনে ১৬ বছৰৰ পাছত ফিফা বিশ্বকাপ জয় কৰে। ইউৰো কাপৰ পাছত স্পেইনে এইবাৰ বিশ্ব চেম্পিয়নৰ সন্মান লাভ কৰি সকলো দেশৰ প্ৰতিপক্ষক প্রত্যাহ্বান জনায়। কিন্তু দেওবাৰৰ মেচখনত লায়'নেল মেছিৰ আর্জেন্টিনা যিধৰণেৰে পৰাজিত হ'ল সি সমগ্র বিশ্বৰে ফুটবল প্রেমীক হতাশ কৰিলে।
দেওবাৰৰ মেচখনত স্পেইনে মেছিৰ দলটোক যেনেকৈ বিচাৰে তেনেকৈয়ে নচুৱালে। মেচখনত স্পেইনৰ বিৰুদ্ধে প্রকৃততে খেলিলে আর্জেন্টিনাৰ গ'লৰক্ষক এমিলিয়ানো মার্টিনেজে। স্পেইনে ক্লাব পৰ্যায়ৰ দললৈ পযৱসিত কৰা আৰ্জেণ্টিনাৰ গ'লকীপাৰ এমিলিয়ানো মার্টিনেজে সমগ্র মেচখনত সুন্দৰ প্ৰদৰ্শন কৰি এটা এটাকৈ মুঠ ১২টা আক্রমণ প্রতিহত কৰে আৰু দীর্ঘসময় দলটোক মেচখনত টিকি থকাত সহায় কৰিলে। তেওঁ লামিন য়ামালৰ ফ্ৰী কিককে ধৰি কেইবাটাও কঠিন আক্ৰমণত দলক ৰক্ষা কৰিলে আৰু নিৰ্ধাৰিত সময়ত এটাও গ'ল হ'বলৈ নিদিলে। অৱশ্যে অতিৰিক্ত সময়ত ফেৰান টৰেছৰ এটা কোবাল শ্বট তেওঁ ৰক্ষা কৰিব নোৱাৰিলে। প্ৰকৃতাৰ্থত দেওবাৰৰ মেচখনত আর্জেন্টিনাই নিজেই নিজৰ পৰাজয় মাতি আনিলে বুলি ক'লেও অধিক কোৱা নহ'ব। আন কথাত দেওবাৰে স্পেইনৰ ৰণকৌশলৰ সন্মুখত আর্জেন্টিনাই হাৰ মানিবলৈ বাধ্য হ'ল। স্পেইনে যথেষ্ট কৌশলী খেল প্রদৰ্শন কৰিলে আৰু সৰু সৰু পাছেৰে বল অধিকাংশ সময় নিজৰ দখলত ৰখাৰ চেষ্টা কৰিলে আৰু সফলো হ'ল।
আর্জেন্টিনাই সমগ্র মেচখনত শক্তিশালী আক্ৰমণৰ ৰচনা কৰিব নোৱাৰিলে যাৰ ফলত স্পেইনে এটাও গ'ল নোখোৱাকৈ বিশ্বকাপ জয় কৰিলে। মেছি মোকাবিলা হৈছিল স্পেইনৰ তৰুণ চেণ্টাৰ বেক পাও কুৰ্বাচীৰ সৈতে, কিন্তু মেচিয়ে তেওঁক এবাৰো অতিক্ৰম কৰিব নোৱাৰিলে। মেছি ৰাইট ফ্লেংকলৈ যোৱাৰ সময়ত তেওঁক বাধা দিয়ে স্পেইনৰ শক্তিশালী লেফ্ট বেক মার্ক কুকুৰেয়াই।
উল্লেখযোগ্য যে আর্জেন্টিনাৰ মূল চালিকা শক্তি আছিল মেছি, কিন্তু তেওঁক স্পেইনৰ খেলুৱৈসকলে এনেদৰে ঘেৰি ৰাখিলে যে অকণো সুযোগ উলিয়াব নোৱাৰিলে। সকলোৱে দেওবাৰে এখন প্রতিদ্বন্দ্বিতামূলক খেলৰ আশা কৰিছিল, কিন্তু মেছিৰ দলটোৱে হতাশ কৰিলে। ফাইনেলৰ তথ্যই দুয়োটা দলৰ খেলত থকা পার্থক্যক স্পষ্ট ৰূপত প্রদর্শন কৰে। স্পেইনে এটা গ'ল দিয়াৰ বিপৰীতে আর্জেন্টিনাই এটাও গ'ল দিব নোৱাৰিলে। স্পেইনে ২০বাৰ গ'লৰ প্ৰচেষ্টা চলাই যদিও আর্জেন্টিনাই চলাই মাত্ৰ দুবাৰ। স্পেইনৰ 'অন শ্বট টার্গেট ১২টাৰ বিপৰীতে আর্জেন্টিনাৰ এটাও নাছিল, স্পেইনৰ অফ টার্গেট ৫টাৰ বিপৰীতে আর্জেন্টিনাৰ দুটা, স্পেইনে বক্সৰ ভিতৰৰ পৰা সাতবাৰ আৰু বাহিৰৰ পৰা ১২বাৰ গ'লৰ প্ৰয়াস কৰে। আর্জেন্টিনাৰ প্ৰয়াস আছিল ক্রমে মাত্র এটাকৈ। তাতকৈ আচৰিত দিশটো আছিল সমগ্র মেচখনত আর্জেন্টিনাই এটা শ্বটো গ'ল প'ষ্টৰ ভিতৰলৈ মাৰিব নোৱাৰিলে।
স্পেইনে সমগ্র মেচখনত ৰড্ৰি, পেড্ৰো আৰু তেওঁলোকৰ সতীৰ্থসকলৰ সৈতে মিডফিল্ডত নিজৰ নিয়ন্ত্ৰণ অব্যাহত ৰাখে। আর্জেন্টিনাৰ এঞ্জো ফার্নাণ্ডেজে শেষৰফালে দ্বিতীয়বাৰ হালধীয়া কার্ড লাভ কৰি খেলপথাৰ ত্যাগ কৰাটোও দলৰ বাবে এক বিপর্যয় আছিল। আনহাতে, সমগ্র মেচখনত স্পেইনৰ ডিফেন্স আছিল অভেদ্য। ইয়াৰ উপৰি প্ৰথমার্ধত লিছান্দ্রো মার্টিনেজে আঘাতপ্রাপ্ত হৈ খেলপথাৰ ত্যাগ কৰা দ্বিতীয়ার্ধত ক্রিষ্টিয়ান ৰোমেৰোৱে একে কাৰণত খেলপথাৰ ত্যাগ কৰিবলগীয়া হোৱাটো দলটোৰ বাবে আন বিপর্যয় আছিল।
স্পেইনে বিশ্বকাপ জয় কৰাৰ লগে লগে দেশখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। দেশখনৰ লোকসকল স্বতঃস্ফূর্তভাৱে বাহিৰলৈ ওলাই আহি আনন্দ-উল্লাস প্রকাশ কৰে। ইফালে স্পেইনত বিজয় উৎসৱ পালন কৰি থকাৰ সময়তে এটা স্থানত এটা ফোৱাৰাৰ ওপৰৰ অংশ ভাগি গাত পৰাত এটা শিশু নিহত হোৱাৰ লগতে আন কেইবাজনো লোক আহত হয়।