ফেচবুক, ইনষ্টাগ্ৰামে ভাঙিলে সোমনাথ বাঢ়ৈৰ সুখৰ সংসাৰ! ৭ বছৰীয়া কন্যাৰ সৈতে নিৰুদ্দেশ পত্নী

Rashmi July 26, 2025

ডিজিটেল ডেস্কঃ ফেচবুক, ইনষ্টাগ্ৰামৰ দৰে সামাজিক মাধ্যমৰ প্লেটফৰ্মে নিঃশেষ কৰিছে বহুজনৰ সুখৰ সংসাৰ। হোজাই দক্ষিণ কেন্দুগুৰিত সংঘটিত হৈছে এক তেনে ঘটনা। 

হোজাইৰ দক্ষিণ কেন্দুগুৰিৰ এগৰাকী ৭ বছৰীয়া কন্যাৰ মাতৃ সামাজিক মাধ্যমেৰে চিনাকি হৈছিল বিহাৰৰ এজন যুৱকৰ সৈতে। সম্পৰ্ক পাতি লোৱা হৈছিল ভায়েক বায়েক হিচাপে। সেই সূত্ৰে অহা যোৱা চলি ভাতৃত্ববোধ সম্পৰ্ক গঢ়ি উঠিছিল আৰু মহিলা গৰাকীৰ স্বামীয়েও সহজভাৱে লৈছিল সকলো ঘটনা। সহজভাৱে লোৱা এই কাৰ্যই কাল হল সোমনাথ বাঢ়ৈ নামৰ লোকজনৰ। 

চলিত মাহৰ ১৭জুলাইত নিৰুদ্দেশ হল সোমনাথ বাঢ়ৈৰ পত্নী আৰু কন্যা।প্ৰথম অৱস্থাত ঘটনাৰ একো ভূ পোৱা নাছিল বাবে হোজাই থানাত দাখিল কৰিছিল  নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ। পৰৱৰ্তী সময়ত ঘৰৰ টকা পইচা, সোণৰ গহনা নোহোৱা হোৱাতহে ঘটনাৰ উমান পালে যে বিহাৰৰ যুৱকজন আৰু নিজ পত্নীৰ মোবাইল বন্ধ। নিৰুদ্দেশ মহিলাগৰাকীৰ স্বামী সোমনাথৰ মতে বিহাৰৰ যুৱকজনৰ নাম বিকাশ আহনীয়ান, কিন্তু বেংকৰ নাম দাৰোগা কুমাৰ। 

বৰ্তমান অসহায় স্বামী সোমনাথ বাঢ়ৈয়ে পুনৰ কাষ চাপিছে হোজাই আৰক্ষীৰ আৰু সহায় বিচাৰিছে সংবাদ মাধ্যমৰ। বিহাৰৰ যুৱকজনৰ আৰু পত্নী কন্যাৰ ফটো ৰাজহুৱা কৰি বিহাৰৰ যুৱক জনক উচিত শাস্তি পোৱাৰ লগতে নিজ পত্নী আৰু কন্যাক উদ্ধাৰৰ আহ্বান জনাইছে।

বৰ্তমান নিজ কন্যাক হেৰুৱাই দুখত ভাগি পৰিছে সোমনাথ বাঢ়ৈ। কোনো সদাশয় লোকে মাতৃ কন্যাৰ সন্ধান লাভ কৰে তেন্তে 8514034707 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান পিতৃ, স্বামী আৰু স্থানীয় ৰাইজৰ।


উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This