গোৱালপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু;  অতৰ্কিতে আক্ৰমণ কৰি  ল’লে প্ৰাণ

dainik janambhumi November 24, 2025

ডিজিটেল ডেস্ক: অসমৰ উজনি–নামনি সর্বত্র হাতী–মানুহৰ সংঘাত প্রতিদিনেই ঘটি আছে৷ এক অর্থত অসমৰ এক জ্বলন্ত সমস্যাত পৰিণত হৈছে এই সংঘাত৷ হাতীৰ আক্রমণ ঘটা অঞ্চলসমূহত প্রতিনিয়ত শংকাত কটাব লগা হয় আবাল–বৃদ্ধ –বনিতা৷ মূৰৰ ঘাম মাটিত পেলাই কৰা শস্যপথাৰৰ বিধ্বস্ত ৰূপ দেখি কান্দোনত ভাগি পৰা কৃষক, হাতীয়ে ভাঙি পেলোৱা মৰমৰ ঘৰখনৰ ধ্বংসস্তূপত উচুপি উঠা অসহায় মানুহৰ সংখ্যা দিনকদিনে বৃদ্ধি পাইছে৷

নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাইছে। ক’ৰবাত যদি ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে।

হাতীৰ গচকত কিমান মানুহে যে অকালতে হেৰুৱালে প্ৰাণ।  ৰাজ্যত পুনৰ সংঘটিত হল এই কৰুণ ঘটনা।  গোৱালপাৰাৰ বাকাইটাৰী গুণিয়ালগুৰীত আজি বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকে মৃত্যুক সাবটি লয়। মৃৃত লোকজন বাকাইটাৰী-সিধাবাৰী শৰণাৰ্থী শিবিৰৰ উপেন্দ্ৰ কোচ বুলি জানিব পৰা গৈছে । পুৱা প্ৰায় ১০-৩০ বজাত সংঘটিত হ'ল এই কৰুণ ঘটনা।



উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This