ডিজিটেল ডেস্ক: মুষলধাৰ বৰষুণৰ মাজতে নিশা গহপুৰত বন্যহস্তীৰ তাণ্ডৱ। কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ দিশৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এজাক বন্য হস্তীয়ে গহপুৰৰ ধোপাবৰত এটা পৰিয়ালৰ পাকঘৰত ওৱাল ভাঙি চাউল, আলু আদি খাদ্য খোৱাৰ উপৰি ইলেকট্ৰিক বস্তু ভঙাৰ লগতে আন এটা পৰিয়ালৰ ঘৰৰ বেৰ ভাঙি তহিলং কৰে৷
প্ৰায় ডেৰশৰো অধিক হাতীৰ দুটা জাকে ধোপাবৰ গাঁৱৰ ৮ নং ৱাৰ্ডৰ ৰাজীৱ মহন্ত আৰু দুলু বৰুৱাৰ ঘৰত ৰাতি ঘৰ-দুৱাৰ ভাঙি অনিষ্ট কৰে ৷
গাঁৱৰ ৰাইজে খোল তাল লৈ হাতীৰ জাকটো আঁতৰাই পঠোৱাৰ চেষ্টা কৰে ৷ বন বিভাগৰ আৰক্ষীক ফোন কৰাৰ পিছত এঘণ্টা পলমকৈ বন আৰক্ষী উপস্থিত হৈ হাতীৰ জাকটো খেদি পঠিয়াবলৈ সক্ষম হয়৷
কাজিৰঙাৰ ষষ্ঠ সংযোজনটো ওচৰতে হোৱাৰ বাবে তাৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা জীৱ জন্তুৱে স্থানীয় ৰাইজক বহুতো অসুবিধাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ তেওঁলোক বৰ্তমান সময়ত আতংকিত হোৱাও পৰিলক্ষিত হৈছে ৷ সেয়ে এটা ফৰেষ্ট কেম্প সেই স্থানত দিবলৈ চৰকাৰ প্ৰশাসনৰ ওচৰত আহ্বান জনাইছে স্থানীয় ৰাইজে ৷
প্ৰাগ নিউজ ডিজিটেল