মাজুলীত পুনৰ বন্যহস্তীৰ উপদ্ৰৱ ; তহিলং কৰিলে ২৫ বিঘাকৈ ৰবি শস্যৰ ফচল

Nikimoni Kachari December 23, 2025

ডিজিটেল ডেস্কঃ এইবাৰ বন্যহস্তীৰ লক্ষ্য মাজুলীৰ গেজিং চাপৰি। নিশাৰ ভিতৰতে চাৰিটা বন্যহস্তীৰ এটা জাকে তহিলং কৰিলে ২৫ বিঘাকৈ ৰবি শস্যৰ  ফচল। 

বেংকৰ পৰা ঋণ লৈ খেতি কৰা দুই যুৱ কৃষকৰ এতিয়া মূৰত সৰগ ভাগি পৰিছে। কিন্তু অভিযোগ উঠিছে, বন্যহস্তী খেদিবলৈ বন বিভাগক খবৰ দিয়াৰ পাছতো আজুহাত দেখুৱাই দায়িত্ব পালন নকৰিলে বিভাগীয় কৰ্তৃপক্ষই।

পৰেশ কলিতা আৰু বিমান দত্তই  গেজিং চাপৰিত এই দুজন যুৱকে স্বাৱলম্বী হোৱাৰ সপোন লৈ বেংকৰ পৰা ঋণ লৈ প্ৰায় ২৫ বিঘা মাটিত গঢ়ি তুলিছিল এই বিশাল কৃষি পাম। পথাৰত আছিল আলু, ৰঙালাও, বেঙেনা আৰু জাতি লাও, সৰিয়হৰ খেতি। কিন্তু এতিয়া একোৱেই নাই। হাতীৰ গচকত ধূলিসাৎ হ’ল তেওঁলোকৰ শ্ৰম আৰু সপোন।

ভুক্তভোগী কৃষকৰ অভিযোগ, হাতী অহাৰ খবৰ লগে লগে বন বিভাগক দিয়া হৈছিল।  বন বিভাগৰ লোকে আজুহাত দেখুৱাই ঘটনাস্থলীত উপস্থিত নহ’ল। যাৰ ফলত নিৰ্বিঘ্নে হাতীৰ জাকে চলাই গ’ল ধ্বংসলীলা।

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This