কাছাৰত ভয়ংকৰ পথ দুর্ঘটনাত মহিলাৰ মৃত্যু; অন্তঃসত্ত্বা মহিলাসহ দুই যুৱক আহত

Rashmi February 09, 2026

ডিজিটেল ডেস্ক: কাছাৰৰ লক্ষীপুৰত নিশা ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়। কান্তিগাঁৱত দুর্ঘটনাত নিহত হয় এগৰাকী মহিলা। 

দুর্ঘটনাত আহত হৈছে এগৰাকী অন্তঃসত্ত্বা মহিলা আৰু দুগৰাকী যুৱক। আহতকেইজনক শিলচৰ মেডিকেল কলেজ হস্পিটেললৈ প্রেৰণ কৰা হৈছে। 

নিহত মহিলাগৰাকীৰ নাম মঞ্জু ফুলমালি। আহত তিনিগৰাকী হৈছে অন্তঃসত্ত্বা মহিলা অনিমা ফুলমালি আৰু দুই যুৱক ক্ৰমে জগৎ ফুলমালি আৰু বিকাশ বাউৰি।

জানিব পৰা মতে, নিশা চিকিৎসাৰ বাবে অন্তঃসত্ত্বা মহিলা অনিমাক হাস্পিটেললৈ অটোৰিক্সাৰে লৈ গৈছিল পৰিয়ালে। গৈ থাকোঁতে কান্তিগাঁৱত এখন ডাম্পাৰৰ খুন্দাত বাগৰি পৰে অটো ৰিক্সাখন। ইয়াৰ ফলত মৃত্যু হয় মঞ্জু নামৰ মহিলাগৰাকীৰ আৰু আহত হয় অন্তঃসত্ত্বা মহিলা অনিমা আৰু দুই যুৱক বিকাশ আৰু জগৎ।

অভিযোগ অনুসৰি, তেওঁলোকক প্রথমে লৈ যোৱা হৈছিল ওচৰৰ ছোটমামদা মডেল হস্পিটেললৈ। কিন্তু তাত নাছিল এম্বুলেঞ্চ আৰু উপযুক্ত চিকিৎসা ব্যৱস্থা। যাৰ বাবে সৃষ্টি হয় উত্তেজনাৰ। পাছত দিয়া হয় এম্বুলেঞ্চ পৰিসেৱা। ততাতৈয়াকৈ চিকিৎসা আৰু এম্বুলেঞ্চ পৰিসেৱা পালে নিহত মহিলাগৰাকীৰ প্রাণ ৰক্ষা হলহেঁতেন বুলি সন্দেহ প্রত্যক্ষদর্শীসকলৰ।

লক্ষীপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত লগতে উদ্ধাৰ কৰে দুর্ঘটনাগ্রস্ত ডাম্পাৰ আৰু অটো ৰিক্সাখন।



প্ৰাগ নিউজ ডিজিটেল

Share This