যুযুধান সংসদ

Digital desk July 23, 2024

ডিজিটেল ডেস্কঃ এইবাৰ সংসদৰ মজিয়াত শাসক-বিৰোধী উভয় পক্ষই যে নিজৰ নিজৰ শক্তি প্রদর্শন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাব, সেয়া নৰেন্দ্ৰ মোদীৰ নেতৃত্বত তৃতীয়খন চৰকাৰে শপত গ্রহণ কৰাৰ পাছতে অনুষ্ঠিত সংসদব বর্ষাকালীন অধিবেশন তথা অষ্টাদশ লোক সভাৰ প্ৰথমখন অধিবেশনতে প্রকট হৈ পৰিছে। ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্রস্তাবক লৈ হোৱা বিতৰ্কত, প্রধানমন্ত্রীৰ আৰু বিৰোধী দলপতিৰ ভাষণৰ পৰিৱেশে ইয়াৰ ইংগিত ইতিমধ্যে দিছেই। সোমবাৰৰ পৰা বহা বর্ষাকালীন অধিবেশনৰ আৰম্ভণিৰ সময়খিনিয়েও এই অধিৱেশনৰ সমগ্র সময়ছোৱা কেনে উত্তপ্ত হ'ব পাৰে তাৰ আভাস দিছে। যোৱা দেওবাৰে (২১ জুলাই) ৰাজনাথ সিঙৰ অধ্যক্ষতাত যিখন সর্বদলীয় সভা অনুষ্ঠিত হৈছিল তাত অবিজেপি দলবোৰে এইবাৰৰ সংসদত কি কি বিষয় উত্থাপন হোৱাটো বিচাৰে সেই বিষয়ে ব্যক্ত কৰে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে হোৱা প্ৰৱেশ পৰীক্ষা 'নীট-ইউ জি'ত যি অভূতপূর্ব কেলেংকাৰি সংঘটিত হ'ল তাৰ এক বিশেষ আলোচনা বিৰোধীয়ে বিচাৰিছে। বিৰোধী পক্ষৰ মতে এই সমগ্র কেলেংকাৰি কেন্দ্ৰীয় চৰকাৰৰ ব্যৰ্থতাৰ পৰিচায়ক। 


গতিকে এই বিষয়ত বিৰোধীয়ে চৰকাৰখনক আক্ৰমণ কৰাৰ কোনো সুৰুঙাই যে এৰি নিদিব, সেয়া খাটাং। সোমবাৰে এই আক্ৰমণ আৰম্ভ কৰে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। তেওঁ লাখ লাখ শিক্ষার্থীৰ জীৱনক লৈ চৰকাৰ নিয়ন্ত্ৰিত পৰীক্ষা ব্যৱস্থাটোৱে হেতালি খেলা বুলি অভিযোগ কৰে আৰু 'নীট-ইউ জি'ৰ প্ৰশ্নকাকত ফাদিলকে ধৰি সমগ্র অনিয়ম শিক্ষা মন্ত্রী ধর্মেন্দ্ৰ প্ৰধানৰ জ্ঞাতসাৰে হোৱা বুলি দাবী কৰে আৰু সমগ্ৰ বিষয়টো বিস্তৃতভাৱে আলোচনা কৰিবলৈ এটা নির্দিষ্ট দিন ধার্য কৰিবলৈ অধ্যক্ষক আহ্বান জনায়। আনহাতে শিক্ষা মন্ত্রী প্রধানে ৰাহুল গান্ধীৰ বক্তব্যক খণ্ডন কৰি নীট-ইউ জিৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ অস্বীকাৰ কৰে। এয়া ৰেঙনিহে, অহা ১২ আগষ্টলৈকে মুঠ ১৯ দিন বহিবলগীয়া সংসদৰ অধিৱেশনৰ প্ৰতিখন বৈঠকতে শাসক-বিৰোধীৰ তীব্র সংঘাত হ'বলগীয়া বিভিন্ন বিষয় উত্থাপন হৈ থাকিব। সংসদক উত্তাল কৰিব পৰা অন্য এটা বিষয় হ'ব উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডত 'কাঁৱড় যাত্রা'ক লৈ চৰকাৰে দিয়া নির্দেশনা। কাঁৱড় যাত্রা হৈছে শিৱৰ বিভিন্ন বিখ্যাত মন্দিৰলৈ ভক্তসকলে পৱিত্ৰ জল লৈ কৰা যাত্রা। এই যাত্রা পথত থকা খাদ্যৰ দোকান, ধাবা আদিৰ গৰাকী আৰু কৰ্মচাৰীৰ নাম সন্মুখত লিখা ৰাখিবলৈ চৰকাৰে যি নিৰ্দেশনা জাৰি কৰিছিল তাক লৈ সৃষ্টি হৈছে প্রবল প্রতিক্ৰিয়াৰ। কিয়নো এয়া সম্পূর্ণ মুছলমানসকলক লক্ষ্য কৰি জাৰি কৰা নিৰ্দেশনা বুলি গণ্য কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে সোমবাৰে এই নির্দেশনাত স্থগিতাদেশ জাৰি কৰিলেও বিষয়টোৰ আঁৰত সাম্প্রদায়িক উন্মাদনা সৃষ্টিৰ দিশটোক উন্মোচন কৰি শাসকীয় পক্ষক আক্ৰমণ কৰাৰ সুযোগ নিশ্চয় বিৰোধী পক্ষই এৰি নিদিব। তদুপৰি এইবাৰ সংসদত চৰকাৰে ৬খন বিধেয়ক উত্থাপন কৰিব। আনহাতে দেশৰ ১২টা ৰাজহুৱা খণ্ডৰ বেংকৰ চৰকাৰৰ অংশ ৫১ শতাংশৰ তললৈ অনাৰ এক সিদ্ধান্ত লোৱা হ'ব পাৰে বুলি কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে

প্ৰকাশ কৰিছে আৰু কৈছে যে সংসদৰ ভিতৰে-বাহিৰে এনে প্রচেষ্টাৰ বিৰোধিতা কৰা হ'ব। দেওবাৰে যিখন সর্বদলীয় বৈঠক অনুষ্ঠিত হ'ল তাত ৪৪টা দলৰ প্ৰতিনিধি উপস্থিত আছিল। এজন সাংসদ থকা দলৰ প্রতিনিধিয়েও আমন্ত্রণ পালে বৈঠকলৈ। তাত তাৎপর্যপূর্ণভাবে এন ডি এ-ৰ অংশীদাৰ জে ডি (ইউ)ৰ লগতে বি জে ডি আৰু ৱাই এছ আৰ কংগ্ৰেছে বিহাৰ, ওড়িশা আৰু অন্ধ্র প্রদেশৰ বাবে বিশেষ ৰাজ্যৰ মৰ্যাদা প্রদানৰ দাবী উত্থাপন কৰিলে। বিহাৰক লৈ একে দাবী তুলিলে আৰ জে ডিয়েও। এই দাবীৰ যথেষ্ট ৰাজনৈতিক গুৰুত্ব আছে। বিজেপিয়ে এন ডি এ-ৰ অংশীদাৰ জে ডি (ইউ)ৰ এই দাবীৰ ক্ষেত্ৰত কেনেদৰে সঁহাৰি দিয়ে সেয়া লক্ষণীয় হ'ব। ইফালে বি জে ডি 'ইণ্ডিয়া' ব্লকত নাই যদিও এইবাৰ দলটোৱে সংসদত শক্তিশালী বিৰোধীৰ ভূমিকা পালন কৰিব বুলি ঘোষণা কৰিছে। গতিকে ওড়িশাক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ দাবীত বি জে ডিয়ে নিশ্চয় এইবাৰ সংসদৰ মজিয়া উত্তাল কৰাৰ চেষ্টা কৰিব। অন্ধৰ শাসনৰ পৰা ক্ষমতাচ্যুৎ হোৱা ৱাই এছ আৰ কংগ্ৰেছেও অনুৰূপ ভূমিকা প্ৰদৰ্শন কৰাৰ সম্ভাৱনা আছে। 


এনেবোৰ বিষয় সংসদত উত্থাপিত হ'ব যদিও মূলতঃ লক্ষণীয় হ'ব কংগ্রেছ নেতৃত্বাধীন বিৰোধী আৰু বিজেপিৰ যুদ্ধবিলাক। ৰাহুল গান্ধী, গৌৰৱ গগৈ, মহুৱা মৈত্র, প্রিয়ংকা চতুর্বেদীৰ দৰে সাংসদসকলে সুযোগ পালেই শক্তিশালী বাগ্মিতাৰে বিজেপিক শ'লঠেকত পেলোৱাৰ চেষ্টাত যে ত্রুটী নকৰিব, সেয়া অৱধাৰিত। শাসকীয় পক্ষয়ো বিৰোধীৰ আক্ৰমণ প্ৰতিৰোধৰ প্ৰচেষ্টা চলাব সমান শক্তিৰেই। এনে অৱস্থাত সোমবাৰে সদনত প্ৰৱেশৰ আগে আগে প্রধানমন্ত্রীয়ে সংবাদ মাধ্যমৰ আগত কোৱা বক্তব্যখিনি তাৎপর্যপূর্ণ। তেওঁ কয় যে ইয়াৰ আগলৈকে যি সংঘাত, তিক্ততাপূর্ণ পৰিৱেশ আছিল সেয়া পাহৰি এই পাঁচ বছৰ শাসক-বিৰোধীয়ে মিলি দেশৰ প্ৰগতিৰ বাবে কাম কৰা উচিত। বিৰোধীয়ে তেওঁৰ মুখ বন্ধ কৰিবলৈ চেষ্টা কৰা বুলি প্রধানমন্ত্রী মোদীয়ে অভিযোগ আনিলেও একেলগে বুজাবুজিৰে আগবঢ়াৰ বাবে জনোৱা আহ্বান সাম্প্রতিক সময়ত লক্ষণীয়। প্রধানমন্ত্রীয়ে নিশ্চয় উপলব্ধি কৰিছে যে এইবাৰ সংসদত বিৰোধীৰ শক্তি উপেক্ষা কৰিব পৰাধৰণৰ নহয়।
 

Share This