ডিজিটেল ডেস্ক : পৰিকল্পনা অনুসৰিয়েই হত্যা কৰা হ'ল অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। এছ আই টিয়ে আদালতত জমা দিয়া অভিযোগনামাৰ পাতে-পাতে আছে জুবিন-হত্যাৰ নির্মম বর্ণনা। শেহতীয়াকৈ পোহৰলৈ আহিছে জুবিন গাৰ্গৰ হত্যাৰ অভিযোগনামাত থকা আন এক বিস্ফোৰক তথ্য। জানিব পৰা অনুসৰি জুবিন গাৰ্গৰ বেংক একাউণ্টত আছিল মাত্র ১০ লাখ টকা। জুবিন গাৰ্গৰ দৰে এজন শিল্পীৰ বেংক একাউণ্টত ইমান কম পৰিমাণৰ ধন জমা থকাৰ আঁৰতো আছে এক ৰহস্য।
তথ্য অনুসৰি জুবিন গাৰ্গৰ এবছৰৰ উপাৰ্জন প্রায় চাৰি কোটি ৮০ লাখ টকা। উল্লেখযোগ্য যে বছৰত জুবিন গাৰ্গে এখন বিহুৰ পৰা পাইছিল প্রায় ১২ লাখকৈ টকা। এই হিচাপ অনুসৰি জুবিন গার্গে ৪০খন বিহুৰ পৰা লাভ কৰিছিল ৪.৮০ কোটি টকা। কিন্তু ৰহস্যজনকভাৱে এনিশাতে ১২ লাখ টকা উপাৰ্জন কৰা জুবিন গাৰ্গৰ বেংকৰ একাউণ্টত আছিল মাত্র ১০ লাখহে টকাহে। মন কৰিব লগীয়া কথা যে জুবিনে তেওঁৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাই যে ধনৰ খেলিমেলি কৰিছিল সেই কথা কিছু দিনৰ পূৰ্বে জানিব পাৰিছিল। সেয়েহে তেওঁ ১২ অক্টোবৰৰ দিনা মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ পৰা হিচাপ লোৱাৰ কথা আছিল। চিনেমাৰ খৰচৰ লগতে খাৰঘুলিৰ ঘৰটো নির্মাণ কৰোঁতে কিমান ব্যয় হ'ল তাৰো হিচাপ সেইদিনা লোৱাৰ কথা আছিল জুবিন গার্গে। কিন্তু তাৰ পূৰ্বে ১৯ ছেপ্টেম্বৰত পৰিকল্পিতভাবে হত্যা কৰা হ'ল জুবিন গাৰ্গক। ক'বলৈ গ'লে মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ পৰা হিচাপ বিচৰাটোৱে কাল হ'ল জুবিন গাৰ্গৰ বাবে। মন কৰিব লগীয়া কথা যে মৌখিক সাক্ষ্য, বিত্তীয় লেনদেন, ডিজিটেল তথ্য, স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদন আদিৰ পৰা লাভ কৰা তথ্য প্ৰমাণৰ আধাৰত এছ আই টিয়ে আদালত ১২ হাজাৰোধিক পৃষ্ঠাৰ সু-বিশাল অভিযোগনামা দাখিল কৰিছে।
অভিযোগমাত উল্লেখ কৰা হৈছে যে শ্যামকানু মহন্তৰ পৃষ্ঠপোষকতাতে আগনিশা হোটেলত চলিছিল সুৰাৰ ৰঙীন পার্টি। শ্যামকানুৱে যোগান ধৰা সুৰা গতাই দিয়া হৈছিল অমৃতপ্রভা মহন্তক আৰু ওৰে নিশা অত্যধিক মাত্ৰাত সুৰাপান কৰোৱাই অমৃতপ্ৰভাই নিজেই পুৱা জুবিনৰ লগত গৈছিল য়ট পাৰ্টিলৈ। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুকাতৰ সময়ত আনকি ভিডিঅ'-ফটো তোলাত মচগুল হৈ আছিল অমৃতপ্রভা। জুবিন-হত্যাত অভিযুক্তৰ ম'বাইল ফ'নৰ পৰা কিস্তি কিস্তিকৈ ভিডিঅ' ফাদিল হোৱাৰ লগতে অমৃতপ্ৰভাৰ ম'বাইলতে বন্দী হৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ অন্তিম মুহূৰ্তৰ ছবিও। অভিযোগনামাত শ্যামকানুৰ লগতে সিদ্ধার্থ শর্মা, অমৃতপ্রভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক জুবিনৰ মৃত্যুৰ বাবে দায়ী কৰা হৈছে।