জুবিন ক্ষেত্ৰক চৰকাৰে তীর্থক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব বিচাৰে

dainik janambhumi October 27, 2025

ডিজিটেল ডেস্কঃ সোণাপুৰৰ জুবিন ক্ষেত্ৰ দৰ্শনৰ বাবে জাৰি কৰা এছ অ' পিক লৈ অনুৰাগী, দল-সংগঠনৰ মাজত সৃষ্টি হোৱা তীব্র প্রতিক্ৰিয়াৰ মাজতে কালি  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পুনৰাই প্ৰশ্ন কৰে যে জুবিন গাৰ্গক আমি গানৰ মাজেৰে নে মদেৰে জীয়াই ৰাখিম? 

উল্লেখযোগ্য যে জুবিন ক্ষেত্ৰত নিশা মদ্যপান কৰি এচাম যুৱকে উদ্ভণ্ডালি কৰাৰ লগতে সমাধিত সাঁফৰেৰে মদ ঢালি শ্রদ্ধা নিবেদন কৰাৰ অভিযোগ পোৱাৰ পাছত চৰকাৰে সমাধি দৰ্শনৰ বাবে এছ অ' পি জাৰি কৰিছিল। মুখ্যমন্ত্রী ড° শৰ্মাই এই কাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ পাছত প্রতিক্ৰিয়াৰ সৃষ্টি হৈছিল। তেওঁ কালি পুনৰ কয় যে কেইজনমান উদণ্ড যুৱকে জুবিন গাৰ্গক মদেৰে জীয়াই ৰাখিব বিচাৰে।

ৰাজ্যৰ ৩.৫ কোটি লোকে জুবিন গাৰ্গক গানেৰে জীয়াই ৰাখিব বিচাৰে। গান, তেওঁ কৰা সৃষ্টিৰাজি আৰু ভলপোৱা নাহৰ গছ ৰোপণ কৰি জীয়াই ৰাখিব বিচাৰে। মুখ্যমন্ত্ৰীয়ে কয় যে কিছুমানে লাওপানী, সাঁজ, ৰহি, আপঙক মদ বুলি কৈছে। জনজাতীয় সমাজত চলি অহা পৰম্পৰা অনুসৰি ঐতিহ্য বহন কৰা এই পানীয় খাবলৈ অনুমতি নালাগে। লাওপানী লাওৰ পৰা প্ৰস্তুত কৰা হয়। থলুৱা পানীয় সেৱন কৰিবলৈ কাৰোৰে পৰা অনুমতি ল'ব নালাগে। কিন্তু মদ বিক্ৰী কৰিবলৈ অনুমতি লাগে। 

মুখ্যমন্ত্রীয়ে কয় যে যিসকলে জুবিন গাৰ্গক ভাল পায় তেওঁলোকে চৰকাৰক সহযোেগ কৰক। জুবিন ক্ষেত্ৰ মন্দিৰলৈ, তীর্থক্ষেত্ৰলৈ চৰকাৰে ৰূপান্তৰ কৰিব বিচাৰে। এই ক্ষেত্রক মনে-প্রাণে শ্রদ্ধা কৰিব লাগে। জুবিন গাৰ্গৰ মৃত্যুৰ পাছত মকুলি হ'বলগীয়া 'ৰৈ ৰৈ বিনালে' ছবিখন চাবলৈ ৰাইজক মুখ্যমন্ত্রীয়ে আহ্বান জনায়। 

ইফালে মুখ্যমন্ত্রী ড° শর্মাই দিপৰ বিলৰ প্ৰসংগত কয় যে দিপৰ বিলৰ জৈৱ-বৈচিত্র্য ৰক্ষা কৰা, দিপৰ বিলত ৰাইজে মাছমৰা আদি বিভিন্ন সমস্যা আছে, বিলখনো ভালে ৰাখিব লাগিব আৰু ৰাইজো ভালে থাকিব লাগিব। বিলখনক লৈ যিবোৰ সমস্যা আছে সেইবোৰৰ ৯০ শতাংশ সমাধান হৈছে, বাকীখিনিও সমাধান হ'ব। কালি গড়চুকৰ দেওঁচোতাল নৱজ্যোতি সংঘৰ খেলপথাৰত অনুষ্ঠিত প্ৰধানমন্ত্ৰীৰ 'মন কী বাত' অনুষ্ঠানত মুখ্যমন্ত্রীয়ে অংশগ্রহণ কৰে।

তেওঁ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে জুবিন গাৰ্গৰ প্ৰিয় বৃক্ষ নাহৰৰ এটা পুলিও ৰোপণ কৰে। তেওঁ কয় যে আজি ৰাজ্যৰ ২৬ হাজাৰ প'লিং বুথত 'মন কী বাত' অনুষ্ঠানত বিজেপিৰ কাৰ্যকৰ্তাসকলে অংশগ্রহণ কৰিছে।

এই অনুষ্ঠানৰ পাছত মুখ্যমন্ত্ৰীয়ে ভীমাশংকৰ মন্দিৰো দৰ্শন কৰে।

Share This