জুবিন, সন্দীপন, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ ম'বাইল ফ'ন লৈ দিল্লীলৈ এছ আই টিৰ দল

dainik janambhumi November 12, 2025

ডিজিটেল ডেস্কঃ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল আৰু ৰহস্যজনক মৃত্যুৰ তদন্ত কৰি থকা এছ আই টিয়ে সাক্ষ্য গ্রহণ অব্যাহত ৰাখিছে। আনহাতে তদন্তকাৰী আৰক্ষীয়ে কালি জুবিন ফেন ক্লাবৰ শীৰ্ষনেতাৰ ম'বাইল ফ'ন জব্দ কৰাৰ লগতে তদন্তৰ বাবে নতুন দিল্লীলৈয়ো ৰাওনা হৈছে।

 উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত ৰখা এছ আই টিয়ে আজিও কেইবাটাও পক্ষৰ সাক্ষ্য গ্রহণ কৰে। কালি হাজোৰ ৰামদিয়া বিহু সমিতিৰ বিষয়ববীয়াই চি আইডিৰ মুখ্য কাৰ্যালয়লৈ গৈ সাক্ষ্য দান কৰে। ২০২৩ চনৰ মে' মাহত এই সমিতিয়ে আয়োজন কৰা অনুষ্ঠানত গীত পৰিৱেশন কৰিছিল জুবিন গাৰ্গে। সেই অনুষ্ঠানৰ বাবে দুয়োপক্ষ ৭.৫০ লাখ টকাত চুক্তিবদ্ধ হৈছিল। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শর্মাই আয়োজক সমিতিৰ পৰা সম্পূৰ্ণ ধন নগদ লৈছিল। 

লক্ষণীয় যে আয়োজক সমিতিয়ে ধনৰ এটা অংশ চে'কযোগে প্রদান কৰিব বিচাৰিছিল যদিও মেনেজাৰ সিদ্ধার্থ শর্মাই চে'কযোগে ল'বলৈ অমান্তি হয় আৰু নগদ ধন দিবলৈ সমিতিক হেঁচা প্রদান কৰিছিল।

 আনহাতে ধাৰাপুৰ ৰঙালী বিহু সমিতিয়েও কালি এছ আই টিৰ সন্মুখত সাক্ষ্যদান কৰে। এই সমিতিৰ পৰাও অধিকাংশ ধন নগদ হিচাপে গ্রহণ কৰিছিল সিদ্ধার্থ শর্মাই। ইফালে কালি এন কে প্রডাকশ্যনৰ স্বত্বাধিকাৰী দেৱ বৰকটকী আৰু জুবিন গাৰ্গ ফেন ক্লাবৰ সাধাৰণ সম্পাদক পিকু বৰগোহাঁয়ো এছ আই টিৰ সন্মুখত দ্বিতীয়বাৰৰ বাবে উপস্থিত হয়। 

এছ আই টিয়ে তেওঁলোকক আদালতলৈ লৈ গৈ  জবানবন্দী লিপিবদ্ধ কৰে। লক্ষণীয়ভাৱে কালি এছ আই টিয়ে জুবিন ফেন ক্লাবৰ সাধাৰণ সম্পাদক পিকু বৰগোহাঁইৰ ম'বাইল ফ'নটো জব্দ কৰে। দণ্ডাধীশৰ উপস্থিতিত তেওঁৰ ম'বাইল ফ'নটো জব্দ কৰা হয়। লক্ষণীয় যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু হোৱাৰ পাছতে পিকু বৰগোহাঁয়ে জুবিন গাৰ্গৰ ঘনিষ্ঠ বাদ্যযন্ত্রী তথা ঘটনাৰ সময়ত কাষতে থকা শেখৰজ্যোতি গোস্বামীৰ সৈতে বাৰ্তালাপ কৰিছিল। তেওঁৰ সৈতে কথা পতাৰ সময়ত বহু বিস্ফোৰক তথ্য লাভ কৰিছিল। সেয়া তেওঁ সামাজিক মাধ্যমযোগে ভাইৰেল কৰি দিছিল। তদন্তকাৰী আৰক্ষীয়ে তেওঁৰ ম'বাইলত জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে সম্পর্ক থকা তথ্য পোৱাৰ সম্ভাৱনাৰ বাবেই কালি সেইটো জব্দ কৰে। 

ইফালে মঙলবাৰে এছ আই টিৰ এটা দল তদন্তৰ বাবে নতুন দিল্লীলৈ ৰাওনা হৈছে। তেওঁলোকে ৪ জন ব্যক্তিৰ ম'বাইল ফ'ন লগত লৈ গৈছে দিল্লীৰ ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞানাগাৰত পৰীক্ষা কৰিবৰ বাবে। আৰক্ষীয়ে জুবিন গাৰ্গৰ উপৰি তেওঁৰ সম্পর্কীয় ভাতৃ তথা আৰক্ষী বিষয়া সন্দীপন গাৰ্গ, বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামী আৰু সহশিল্পী অমৃতপ্রভা মহন্তৰ ফ'ন লৈ গৈছে। এই ফ'নত থকা বিভিন্ন তথ্য পৰীক্ষা কৰাৰ উপৰি জুবিন গাৰ্গৰ মৃত্যুৰ আগে-পিছে কৰা ভিডিঅ' পৰীক্ষা কৰিব। তাৰ উপৰি শেষ সময়ৰ ভিডিঅ'সমূহত আবদ্ধ হোৱা লোকসকলৰ ভাষ্যও পৰীক্ষা কৰা হ'ব। সেইসময়ত কোনে কি কি কথা কৈছিল, কোনে কি কি কৰিছিল, কোনে কেনেধৰণৰ ভূমিকা পালন কৰিছিল সকলো ফৰেনচিক বিজ্ঞানাগাৰত পৰীক্ষা কৰা হ'ব।

Share This