মহাৰাষ্ট্ৰত মহাবিকাশ অঘাড়ীত বিভাজনৰ সম্ভাৱনা, বি এম চিৰ নিৰ্বাচনত অকলে যুঁজিব কংগ্ৰেছে

dainik janambhumi November 16, 2025

ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰত বিৰোধী মিত্ৰজোঁট মহাবিকাশ অঘাড়ীত বিভাজনৰ সম্ভাৱনাই দেখা দিছে। কংগ্রেছে বৃহানমুম্বাই পৌৰ নিগমৰ (বি এম চি) নির্বাচনত অকলে অৱতীৰ্ণ হোৱাৰ ইংগিত দিছে। শনিবাৰে কংগ্ৰেছৰ নেত্রী বর্ষা গাইকোৱাডে কয় যে দলটোৱে বি এম চিৰ নিৰ্বাচনত অকলে অৱতীৰ্ণ হোৱাৰ দিশত প্রস্তুতি চলাই আছে। 

দলীয় কর্মীসকলৰ এখন সভাত মুম্বাই কংগ্ৰেছৰ সভানেত্রী বর্ষাই বি এম চিত কংগ্ৰেছৰ পতাকা উত্তোলনৰ দিশত কাম কৰিবলৈ অহ্বান জনায়। তেওঁ কয় যে বি এম চিৰ ২২৭খন আসনতেই প্রতিদ্বন্দ্বিতা কৰিবলৈ দলীয় কর্মীসকল প্রস্তুত হ'ব লাগে। উল্লেখযোগ্য যে ২০২৬ চনৰ জানুৱাৰীত বি এম চিৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। 

মুম্বাই কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এই মন্তব্য কৰোঁতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলৰ লগতে সৰ্বভাৰতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰমেশ চেন্নিথালা আৰু মহাৰাষ্ট্ৰ কংগ্ৰেছৰ সভাপতি হর্ষবর্ধন সাপকালো উপস্থিত আছিল। প্রণিধানযোগ্য যে শিৱ সেনা (উদ্ধৱ)ৰ মুৰব্বী উদ্ধৱ থাকৰে আৰু তেওঁৰ ভাতৃ, মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ (এম এন এছ) ৰাজ থাকৰেই বি এম চিৰ নিৰ্বাচনত একেলগে অৱতীৰ্ণ হোৱাৰ সংকল্প লৈছে। আনহাতে, কংগ্ৰেছৰ এটা ফৈদ ৰাজ থাকৰেৰ এম এন এছ-বিৰোধী।

Share This