ডিজিটেল ডেস্ক : অসমৰ জাহ্নৱী কাশ্যপে ৭৯সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় একুৱেটিক চেম্পিয়নশ্বিপৰ মহিলাৰ ২০০ মিটাৰ ফ্রীষ্টাইল ইভেন্টত ৰূপৰ পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। গুজৰাটৰ আহমেদাবাদস্থিত বীৰ সাৱৰকাৰ একুৱেটিক কমপ্লেক্সত চলি থকা প্রতিযোগিতাখনত দ্বিতীয় শীর্ষ পদকটো জয়ৰ বেলিকা জাহ্নৱীয়ে সময় লয় ২ মিনিট ০৫.৯৩ ছেকেণ্ড।
এইটো ইভেন্টত কৰ্ণাটকৰ অলিম্পিয়ান ধিনিধি দেশিংগুয়ে ২ মিনিট ০৩.০৭ ছেকেণ্ড সময়েৰে স্বর্ণ পদক লাভ কৰে। ব্ৰঞ্জৰ পদক জিকে মহাৰাষ্ট্ৰৰ অদিতি সতীশ হেগড়েয়ে ২ মিনিট ০৬.৪৫ ছেকেণ্ড সময় লৈ।
ইতিপূৰ্বে ৰাষ্ট্ৰীয় সাঁতোৰ প্রতিযোগিতাখনত প্রথম দিনা (১৬ জুন) মহিলাৰ ২০০ মিটাৰ বাটাৰফ্লাইত অসমৰ প্ৰতিভাৱান সাঁতোৰবিদ আস্থা চৌধুৰীয়ে অসাধাৰণ প্ৰদৰ্শনেৰে স্বৰ্ণ পদক অর্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। আস্থাই ২:১৮.৩৭ছেকেণ্ড সময়েৰে শীর্ষস্থান দখল কৰে।