দুই অসমীয়া যুৱকে টুইটাৰ সদৃশ ময়ূৰৰ চিহ্নৰে প্ৰস্তুত কৰিছে ছ'চিয়েল মিডিয়া চাইট

Jyoti Borah July 27, 2023

ডিজিটেল ডেস্কঃইলন মাস্কে টুইটাৰ আৰু চৰাইৰ ল’গ’ৰ নাম সলনি কৰি ‘এক্স’(x) কৰাৰ পাছতে অসমৰ দুজন যুৱকে ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই ময়ূৰৰ ল’গ’ৰে ছ’চিয়েল মিডিয়া চাইট প্ৰস্তুত কৰাৰ খবৰ পোহৰলৈ আহিছে।নামনি অসমৰ বজালী জিলাৰ পাঠশালাৰ পৰা অহা ২৯ বছৰীয়া শশাংক তালুকদাৰ আৰু পৰশ দাসে এই চাইটটো টুইটাৰৰ বিকল্প এপ হিচাপে প্ৰস্তুত কৰি তুলিছে।জানিব পৰা মতে এই এপটোত মানুহে ষ্টেটাছ, ফটো আৰু ভিডিঅ’ আপলোড কৰিব পাৰে আৰু প্ৰায় ভাগ ছ’চিয়েল মিডিয়া এপৰ দৰে বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব পাৰে। এই এপটো iOS আৰু Android ফোনত উপলব্ধ হ’ব।এপটোৰ নাম সন্দৰ্ভত  তালুকদাৰে প্ৰজেক্টটোৰ নাম এতিয়াই প্ৰকাশ কৰিব বিচৰা নাই। কিছু আৰ্থিক সমস্যাৰ বাবে তেওঁলোকে তেওঁলোকৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই যিহেতু এপটোৰ কনচেপ্ট  আৰু ডিজাইন সম্পূৰ্ণ বেলেগ।

Share This