ডিজিটেল ডেস্ক : যোৱা ১৪জুনত গোলাঘাট মক্ৰঙৰ লোণপুৰীয়া গাঁৱৰ একাদশ শ্ৰেণীৰ ছাত্ৰ অচিন্ত্য ৰাজখোৱাৰ (১৭ বছৰ) মৃতদেহ অঞ্চলটোৰ এটা ৰাজহুৱা ডাষ্টবিনত অতি ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল। স্থানীয় ঘিলাধাৰী থানাৰ আৰক্ষী বিষয়াজনক পৰিয়াল আৰু বহু দল-সংগঠনৰ নেতৃবর্গই লগ কৰি ঘটনা সন্দৰ্ভত জানিবলৈ বিচৰাৰ পাছতো আৰক্ষী বিষয়াজনে দায়সৰা মন্তব্যহে প্ৰদান কৰা বুলি অভিযোগ উত্থাপিত হৈছে।
স্থানীয় আৰক্ষী বিষয়াৰ ভূমিকাত অসন্তুষ্ট হৈ পৰিয়ালবৰ্গ আৰু দল-সংগঠনৰ নেতৃবৰ্গই কালি গোলাঘাট জিলাৰ ভাৰাপ্রাপ্ত আৰক্ষী অধীক্ষকক লগ কৰি ঘটনা সন্দৰ্ভত আলোচনা কৰাৰ উপৰি পত্ৰ প্ৰদান কৰি ঘিলাধাৰী থানাৰ আৰক্ষী বিষয়াৰ ভূমিকা সন্দৰ্ভত অৱগত কৰাৰ লগতে অচিন্ত্য ৰাজখোৱাৰ ৰহস্যজনক মৃত্যুৰ ক্ষিপ্ৰ তদন্ত দাবী কৰে। ঘটনাৰ প্ৰায় আঠদিন উকলি যোৱাৰ পাছতো অভিযুক্তক কৰায়ত্ত কৰিবলৈ সক্ষম নোহোৱাত মৃত অচিন্ত্যৰ মাতৃ চম্পা ৰাজখোৱা, খুড়াক ব্ৰজেন ৰাজখোৱা, পৰিয়ালৰ হৈ ৰীতা ৰাজখোৱা, সুপ্রতীম ৰাজখোৱা, গজেন ৰাজখোৱা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্রীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, আটাছুৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক গৌতম লাহন, জিলা যুটীয়া সম্পাদক অংকুৰ কোঁৱৰ, টাইপাৰ জিলা সম্পাদক সুৰজিত ফুকন আৰু বিষয়ববীয়া, আহোম সভাৰ জয়ন্ত গগৈ, সত্যব্রত শইকীয়াকে প্ৰমুখ্য কৰি দল-সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকি কৰা আলোচনাত গোলাঘাট জিলাৰ ভাৰাপ্রাপ্ত আৰক্ষী অধীক্ষকগৰাকীয়ে তাৎক্ষণিকভাৱে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনাৰ ক্ষিপ্ৰ তদন্ত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।
ঘটনা সন্দৰ্ভত মৃত অচিন্ত্য ৰাজখোৱাৰ মাতৃ চম্পা ৰাজখোৱাই অভিযোগ উত্থাপন কৰি কয় যে ঘিলাধাৰী থানাৰ আৰক্ষী বিষয়াগৰাকীয়ে আজিলৈকে মাতৃগৰাকীৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ সক্ষম নহ'ল। মৃত পুত্রই বহু ৰাতিলৈ মাকৰ সৈতে ফোনত সম্পৰ্ক ৰক্ষা কৰি আছিল। মাজনিশা ফোনৰ সংযোগ বিচ্ছিন্ন হৈ পুৱা মৃতদেহ উদ্ধাৰ হোৱা অচিন্ত্যৰ লগত থকা ল'ৰাজনৰ সবিশেষ পুলিচক দিয়াৰ পাছতো কোনোধৰণৰ সোধা-পোছা নকৰাৰ অভিযোগ উত্থাপন কৰিছে মাতৃগৰাকীয়ে। কৃষক নেতা বিদ্যুৎ শইকীয়াই ড্রাগ মাফিয়াৰ সৈতে আৰক্ষীৰ মিতিৰালিয়ে তদন্ত লেহেমীয়া কৰা বুলি অভিযোগ তোলে। নেতাগৰাকীয়ে কয় যে ফৰকাটিং চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰজনৰ ঘটনাটোৰ সমগ্ৰ পৰিৱেশটো লক্ষ্য কৰিলে এটা প্রী-প্লেন মাৰ্ডাৰ যেন অনুভৱ হয়। যিজন ল'ৰা শেষ মুহূৰ্তলৈ মৃত অচিন্ত্যৰ লগত আছিল, তাৰ কাপোৰত তেজৰ দাগ লাগি থকা বুলি সেই ল'ৰাজনৰ পিতৃয়ে ফোন যোগে মৃত অচিন্ত্যৰ মাতৃক অৱগত কৰিছিল। তাৰ পাছতো সেই ল'ৰাজনক কিহৰ দৰদত ঘিলাধাৰী থানাৰ আৰক্ষী বিষয়াই ঘটনাৰ ন দিনৰ পাছতো সোধা-পোছা কৰা নাই বুলি প্রশ্ন উত্থাপন কৰে।
ড্ৰাগছৰ সৈতে আৰক্ষী প্ৰশাসনৰ সম্পৰ্কৰ অভিযোগ বহু পুৰণি। তেনেস্থলত সেই অভিযোগ খণ্ডন কৰিবলৈ আৰক্ষী বিষয়াজনে যিধৰণে তদন্ত কৰিব লাগিছিল, সেয়া কৰা দেখা নগ'ল। যাৰ বাবে এই বিষয়টো অধিক ৰহস্যঘন হৈ উঠিছে বুলি মন্তব্য কৰে কৃষক নেতা বিদ্যুৎ শইকীয়াই।