মানসন্মত নহয় ১৫৮ টা ঔষধৰ নমুনা, ঔষধৰ মান নিয়ন্ত্ৰকৰ কেন্দ্ৰীয় সংস্থাৰ তথ্য

dainik janambhumi June 23, 2026

ডিজিটেল ডেস্ক : প্রতি মাহতে ঔষধৰ কেন্দ্ৰীয় পৰীক্ষাগাৰ (চেন্ট্রেল ড্রাগ লেবৰেটৰী) আৰু ঔষধৰ ৰাজ্যিক পৰীক্ষাগাৰ (ষ্টেট ড্রাগ টেষ্টিং লেবৰেটৰী) সমূহে বজাৰৰ ঔষধৰ নমুমা পৰীক্ষা কৰে আৰু তাৰ 'মানসন্মত নোহোৱা' (এন এছ কিউ) তথা ভেজাল বা নকল ঔষধৰ তালিকা ঔষধৰ মান নিয়ন্ত্রক কেন্দ্ৰীয় সংস্থাৰ (চি ডি এছ চি অ') পর্টেলত মাহেকীয়া ভিত্তিত প্রকাশ কৰে। মে' মাহৰ বাবে সংস্থাটোৱে প্ৰকাশ কৰা তালিকাত প্রকাশ পাইছে যে মে' মাহত অসমৰ এটা ঔষধৰ নমুনাক নকল ঔষধ বুলি চিনাক্ত কৰা হৈছে। 

অন্য এটা কোম্পানীয়ে স্বত্ব লাভ কৰা ব্ৰেণ্ড নে'ম ব্যৱহাৰ কৰি অকর্তৃত্বশীল প্রস্তুতকর্তাই এই ঔষধ তৈয়াৰ কৰিছিল। কেন্দ্রীয় ঔষধ নিয়ন্ত্রক সংস্থাই এই বিষয়ে সবিশেষ নজনাই কৈছে যে এই বিষয়টোত তদন্তাধীন হৈ আছে আৰু আইন-বিধি অনুসৰি কাৰ্যব্যৱস্থা গ্রহণ কৰা হ'ব। স্বাস্থ্য মন্ত্ৰ্যালয়ে সোমবাৰে জনায় যে মে' মাহত ঔষধৰ কেন্দ্ৰীয় পৰীক্ষাগাৰে কৰা পৰীক্ষাত বিভিন্ন কোম্পানীৰ ৪৬ টা ঔষধৰ নমুনা 'মানসন্মত নোহোৱা' বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰি ঔষধৰ ৰাজ্যিক পৰীক্ষাগাৰসমূহে কৰা পৰীক্ষাত ১১৩ টা ঔষধৰ নমুনা 'মানসন্মত নোহোৱা' বুলি পোৱা গৈছে। 

উল্লেখযোগ্য যে থাকিব লগীয়া নির্দিষ্ট গুণসমূহৰ এটা বা ততোধিক গুণ নাথাকিলে নমুনাসমূহক 'মানসন্মত নোহোৱা' (এন এছ কিউ) বুলি ঘোষণা কৰা হয়। উল্লেখযোগ্য যে এনে 'মানসন্মত নোহোৱাটো' চৰকাৰী পৰীক্ষাগাৰে কৰা নিৰ্দিষ্ট ঔষধৰ বেচ্চ ভিত্তিকহে। বজাৰত লাভ কৰা তেনে আন ঔষধৰ বাবে এইটো সতৰ্কীকৰণ নহয়। 'মানসন্মত নোহোৱা' (এন এছ কিউ) তথা ভেজাল বা নকল ঔষধ চিনাক্তকৰণ নিয়মীয়াকৈ চলি থাকে, যাতে এনে ঔষধ চিনাক্ত কৰি বজাৰৰ পৰা আঁতৰাই পঠাব পাৰি।

Share This