লেচীক ধন দি পাৰাপাৰ হ'ব লাগে বাঁহৰ দলং

dainik janambhumi March 02, 2026

ডিজিটেল ডেস্ক: কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলীৰ চৌধুৰীপাম-জাওকাটা কলহী নৈত বাঁহৰ দলঙেৰে ৰাইজ তথা স্কুল-কলেজীয়া ছাত্র-ছাত্রীসকলে দুর্বিষহ যাতায়াত অব্যাহত ৰাখিছে।

সমষ্টিৰ বৃহৎসংখ্যক জনসাধাৰণৰ লগতে স্কুল-কলেজীয়া ছাত্র-ছাত্রীয়ে বাৰিষাকালত নাৱেৰে আৰু খৰালিত লেচীয়ে নিৰ্মাণ কৰা বাঁহৰ দলঙৰ বাহিৰে যাতায়াতৰ গত্যন্তৰ নাই। ইপিনে কলহী নৈৰ উক্ত দলংখন পাৰাপাৰৰ বাবে ৰাইজ তথা শিক্ষার্থীয়ে জমা ধন খৰচ কৰিবলগীয়া হৈছে। 

নৱগঠিত ছমৰীয়া সমষ্টিৰ সংখ্যালঘু জনবসতিপ্রধান জাওকাটা অঞ্চলৰ জনসাধাৰণে বছৰৰ ৮-৯ মাহেই টুলুঙা নাৱেৰে বিপদসংকুলভাৱে যাতায়াত অব্যাহত ৰাখিছে যদিও স্বৰাজোত্তৰ কালতো কোনো এখন চৰকাৰেই কলহী নৈখনৰ ওপৰত স্থায়ী দলং নিৰ্মাণৰ ব্যৱস্থা নকৰাত ৰাইজে আশ্চর্য প্রকাশ কৰিছে। 

প্রণিধানযোগ্য যে লোক সভা, বিধানসভা নিৰ্বাচনৰ সময়ত বিভিন্ন ৰাজনৈতিক দলৰ বিশেষকৈ কংগ্ৰেছ দলৰ নেতাসকলে গ্রামাঞ্চলৰ লোকসকলক নানা প্রতিশ্রুতি প্রদান কৰি আহিছে যদিও সেয়া অসাৰত পৰিণত হৈছে। নিৰ্বাচনৰ সময়ত ৰাজনৈতিক নেতাসকলে দুর্গম অঞ্চলৰ উন্নয়নৰ কথা কয় যদিও পিছমুহূর্ততে পাহৰি যায় অনগ্ৰসৰ মালিবাৰী, ডেকাচাং, দুৰামাৰী, জাওকাটা, জাওকাটাদিয়া, সোণতলী, সোণতলী পুৰাণ গাঁও, আৰিকাটি, পল্লীমংগল, পানীখাইতী, বাংগাপানী, টিয়ামাৰী, বদলা, টুপামাৰী, কালাতলী, নিজকাঠমী, কিচমৎ কাঠমী আদি সংখ্যালঘু বসতিপ্রধান অঞ্চলৰ উন্নয়নৰ কথা। 

কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ জৰিয়তে গ্রামাঞ্চলৰ আন্তঃগাঁথনি তথা ঠাইবিশেষে পকী দলং নির্মাণ কৰাৰ বাবে কোটি কোটি টকা আবণ্টন দি আহিছে। তৎসত্ত্বেও কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ সংখ্যালঘু অধ্যুষিত অঞ্চল চৌধুৰীপাম কলহী নৈৰ ওপৰত আজিও ৰহস্যজনক কাৰণত এখন স্থায়ী দলং নির্মাণ নহ'ল। 

আনহাতে, কৃষিপ্রধান অঞ্চল হিচাপে খ্যাত গ্রামাঞ্চলৰ কৃষকে হাড়ভঙা পৰিশ্ৰমেৰে উৎপাদন কৰা কৃষিজাত সামগ্রী উক্ত নদী পথেৰে বিপদসংকুলভাৱে সোণতলী, জাওকাটা, ডেকাচাং মালিবাৰী আদি সাপ্তাহিক বজাৰলৈ নিবলগা হোৱাৰ বাবে বিভিন্ন সময়ত সমস্যাৰ সন্মুখীন হোৱাও দেখা যায়। আনকি যোগাযোগৰ অভাৱত উৎপাদিত সামগ্ৰীৰ উচিত মূল্যৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে গঞা। 

চৌধুৰীপামৰ কলহী নৈৰ ওপৰত এখন স্থায়ী দলং নির্মাণ হ'লে জাওকাটা, ডেকাচাং, চৌধুৰীপাম, ৰাংগাপানী, মালিবাৰী, বগুৰিগুৰি, সোণতলীকে আদি কৰি কেইবাটাও অঞ্চলৰ যাতায়াতৰ ক্ষেত্ৰত গঞাই বহুগুণে উপকৃত হ'ব। সেয়েহে জাওকাটাৰ কলহী নৈৰ ওপৰত এখন স্থায়ী দলং নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ ৰাইজে মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাক অনুৰোধ জনাইছে।

Share This