৩৫০ কিল'মিটাৰলৈকে আকাশী আক্ৰমণক প্রতিহত কৰাৰ সক্ষমতা থকা ক্ষেপণাস্ত্র, দীর্ঘ দূৰত্বভেদী 'কুশ'ৰ সফল পৰীক্ষা

dainik janambhumi July 25, 2026

ডিজিটেল ডেস্ক : ভাৰতৰ সামৰিক বাহিনীৰ শক্তি বৃদ্ধি কৰি স্বদেশত নির্মিত এটা শক্তিশালী মিছাইল পদ্ধতিৰ সফল পৰীক্ষা কৰা হয়। ভাৰতে বৃহস্পতিবাৰে প্ৰতিৰক্ষা সামগ্ৰীৰ নিৰ্মাণৰ ক্ষেত্ৰত পুনৰ আত্মনিৰ্ভৰশীলতা প্রদর্শন কৰে। ওড়িশাৰ উপকূলীয় অঞ্চলৰ এ পি জে আব্দুল কালাম দ্বীপৰ পৰা থলুৱাভাৱে নির্মিত দীর্ঘ দূৰত্বৰ 'চাৰফেচ-টু-এয়াৰ' কুশ এয়াৰ মিছাইল ছিষ্টেমৰ প্ৰথমটো সফল পৰীক্ষা বৃহস্পতিবাৰে কৰা হয়। 

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাই (ডি আৰ ডি অ') সফল পৰীক্ষা কৰা এই শক্তিশালী ক্ষেপণাস্ত্র পদ্ধতিটোৰে অধিক উচ্চতাৰ আকাশী ভাবুকিক প্রতিহত কৰিবলৈ সক্ষম হ'ব। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্রকাশ কৰা মতে, দ্রুতগতিৰ, অধিক উচ্চতাৰ আকাশী আক্রমণক সফলতাৰে প্ৰতিহত কৰিব পৰা সক্ষমতা আছে কুশ মিছাইল পদ্ধতিৰ। যুঁজাৰু জেট, ক্ষেপণাস্ত্র, মানৱবিহীন আকাশী যান (ড্র'ন) আদিৰ আকাশী আক্রমণক দীর্ঘ দূৰত্বলৈকে প্রতিহত কৰিব পৰাকৈ এই কুশ ক্ষেপণাস্ত্র পদ্ধতিক ডিজাইন কৰা হৈছে। দেশীয় প্ৰতিৰক্ষা উদ্যোগৰ কোম্পানীসমূহৰ সহযোগিতাত বিভিন্ন ডি আৰ ডি অ'ৰ লেব'ৰেটৰীত বিকশিত কৰা এই কুশ মিছাইল পদ্ধতিত ক্ষেপণাস্ত্ৰ, ৰাডাৰ, কমাণ্ড আৰু কন্ট্রোল চেণ্টাৰৰ দৰে অস্ত্র পদ্ধতিৰ সকলো উপাদান আছে বুলি প্রতিৰক্ষা মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে। ডি আৰ ডি অ'ৰ দলটোক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই সফলতাৰ বাবে অভিনন্দন জনাই কয় যে এই প্রথমটো সফল পৰীক্ষাই ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ ক্ষেত্রত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্থাপন কৰিছে। 

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ মিছন সুদর্শন চক্রই এই সফল পৰীক্ষাৰ বাবে এটা লক্ষণীয় গতি লাভ কৰে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্রকাশ কৰা মতে, কুশ মিছাইল ছিষ্টেমৰ ১৫০-৩৫০ কিল'মিটাৰ দূৰত্ব পর্যন্ত আকাশী আক্ৰমণক প্রতিহত কৰিব পৰা সক্ষমতা আছে। এই কুশ মিছাইল পদ্ধতিক অহা ৩-৪ বছৰৰ ভিতৰত ভাৰতীয় সামৰিক বাহিনীত সংযোজন কৰিব পৰা যাব বুলি ডি আৰ ডি অ'ৰ বিষয়াসকলে প্রকাশ কৰিছে। উল্লেখযোগ্য যে প্রতিক্ষা সচিব তথা ডি আৰ ডি অ'ৰ অতিৰিক্ত দায়িত্বত থকা ৰাজেশ কুমাৰ সিঙে কুশ মিছাইল পদ্ধতিৰ প্ৰথমটো সফল পৰীক্ষাৰ প্ৰক্ৰিয়া নিৰীক্ষণ কৰে।

Share This