প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

Nikimoni Kachari July 25, 2026

ডিজিটেল ডেস্ক : অৱশেষত দেশজুৰি অব্যাহত থকা তীব্ৰ ছাত্ৰ আন্দোলন আৰু প্ৰতিবাদৰ ওচৰত শিৰনত হ’বলগীয়া হ’ল কেন্দ্ৰীয় চৰকাৰ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰৱেশিকা পৰীক্ষাৰ সাল-সলনি তথা বিভিন্ন অনিয়ম আৰু প্ৰশ্নকাকত ফাদিলৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ব্যাপক অসন্তুষ্টিৰ মাজতে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নিজৰ পদৰ পৰা পদত্যাগ কৰিছে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে।  

দিল্লীৰ যন্তৰ মন্তৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত বিগত কেইবা সপ্তাহ ধৰি বিভিন্ন ছাত্ৰ সংগঠন আৰু বিৰোধী দলসমূহে শিক্ষা মন্ত্ৰীৰ পদত্যাগৰ দাবীত ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল। পৰীক্ষাৰ অনিয়ম আৰু কেলেংকাৰিক লৈ উত্তাল হৈ পৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে।  সামাজিক মাধ্যম এক্সযোগে পদত্যাগৰ কথা ঘোষণা কৰি ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে কোনো শক্তিয়ে যাতে পৰিস্থিতিৰ সুযোগ লৈ ছাত্ৰ সমাজৰ ভৱিষ্যৎ অন্ধকাৰলৈ ঠেলি দিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই তেওঁ এই পদক্ষেপ গ্ৰহণ কৰিছে। ছাত্ৰ-ছাত্ৰীসকলে যাতে কেৱল নিজৰ পঢ়া-শুনাত মনোযোগ দিব পাৰে আৰু আইনী জটিলতাত তেওঁলোকৰ ভৱিষ্যৎ নষ্ট নহয়, সেয়েহে তেওঁ প্ৰধানমন্ত্ৰীৰ হাতত পদত্যাগ-পত্ৰ তুলি দিয়ে। 

দেশৰ বিভিন্ন প্ৰান্তত প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষাৰ অনিয়মক লৈ তীব্ৰ প্ৰতিবাদ গঢ়ি উঠিছিল। প্ৰতিবাদকাৰীসকলৰ মুখ্য দাবী আছিল শিক্ষা মন্ত্ৰীৰ পদত্যাগ।  কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰতিবাদকাৰী পক্ষৰ মাজত কেইবাবাৰো বৈঠক অনুষ্ঠিত হোৱাৰ পিছতো পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা কঠিন হৈ পৰিছিল। অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই শিক্ষা মন্ত্ৰীয়ে মন্ত্ৰিত্বৰ পৰা অব্যাহতি লয়।

 

 

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This