তিনিচুকীয়াৰ পৰাই চুৰি হয় সৰ্বাধিক খাৰুৱা তেল, দৈনিক কোটি কোটি টকাৰ লোকচান অইলৰ

dainik janambhumi June 14, 2026

ডিজিটেল ডেস্ক : মহাৰত্ন প্রতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে খাৰুৱা তেল চুৰি চক্ৰৰ বাবে দৈনিক কোটি কোটি টকাৰ লোকচান ভৰিবলগীয়া হৈছে। উল্লেখযোগ্য যে উদ্যোগ প্রতিষ্ঠানটোৱে বৰ্তমান অসমৰ তিনিচুকীয়া জিলাৰ পৰাই কি সর্বাধিক খাৰুৱা তেল উৎপাদন কৰি আহিছে। কিন্তু বিগত কিছুদিনৰ পৰা ব্যাপক হাৰত খাৰুৱা তেল চুৰি হোৱা বিষয়টোৱে বিপাঙত পেলাইছে উদ্যোগ প্রতিষ্ঠানটোক। 

ইতিমধ্যে প্রতিষ্ঠানটোৱে চোৰাংচোৱা, ড্র'ন কেমেৰাৰ ব্যৱহাৰকে ধৰি খাৰুৱা তেল চুৰি ৰোধ কৰিবলৈ নিত্য নতুন কৌশল অৱলম্বন কৰি কোটি কোটি টকা ব্যয় কৰিছে যদিও নোম এডালো লৰাবলৈ সক্ষম হোৱা নাই। এটা নিৰ্ভৰযোগ্য সূত্ৰৰ মতে খাৰুৱা তেল চুৰি চক্ৰই দীর্ঘদিন ধৰি বাৰেকুৰি লাংকাছি, হেবেদাৰ লগতে মাকুমৰ একাধিক স্থানত পাইপলাইনত টেপিং কৰি টেংকাৰে টেংকাৰে খাৰুৱা তেল চুৰ কৰি আহিছে।


ইতিমধ্যে এই ঘটনাৰে জড়িত বহুকেইটা তেল চোৰক গাড়ীসহ আৰক্ষী অথবা অইলৰ নিৰাপত্তাৰক্ষীয়ে আটক কৰিছে যদিও ইয়াক সমুলঞ্চে নাইকিয়া কৰিবলৈ সক্ষম হোৱা নাই। নল মৰি গজালি ওলোৱাৰ দৰে দিনকদিনে খাৰুৱা তেলৰ চুৰি কাৰ্য বৃদ্ধি হোৱাত উদ্বিগ্নতা প্রকাশ কৰিছে প্রতিষ্ঠানটোৱে। চুৰি চক্ৰটোৱে ডাম্পাৰৰ ভিতৰত টেংকি স্থাপন কৰি ওপৰত শিল-বালি দি আৰক্ষী, অইল নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দি এই চুৰি কাৰ্য সংঘটিত কৰি অহাৰো অভিযোগ উত্থাপন হৈছে। আনহাতে, চক্ৰটোৱে অইলৰ টেংকাৰৰ দৰে হুবহু টেংকাৰ নিৰ্মাণ কৰিও চলাই আহিছে এই দুষ্কার্য। এনে এক ঘটনাৰ মাজতে কালি পুৱতি নিশা আৰক্ষীয়ে জব্দ কৰিছে খাৰুৱা তেল ভর্তি এখন ট্রাক। মাকুমৰ ৰাজগড় আলি আৰু বজালনী চাহ বাগিচাৰ মাজত ৫০টাৰো অধিক ২০০ লিটাৰৰ খাৰুৱা তেল ভর্তি ড্রামসহ জব্দ কৰা ট্রাকখনৰ নং এ এছ ০১ এছ চি ৩৬৩৪। 

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, যোৱা নিশা চোৰৰ দলটোৱে বাগিচাখনৰ মাজেৰে যোৱা খাৰুৱা তেল পৰিবাহী পাইপত থকা ট্রেপিঙৰ পৰা প্রায় আধা কিল'মিটাৰ দূৰত্বত পাইপ সংযোগ কৰি তেল চুৰ কৰিছিল। কিন্তু ট্রাকখন ৰখাই থোৱা স্থানৰ পৰা লৈ উধাও হোৱাৰ সময়তে কোমল মাটিৰ বাবে আবদ্ধ হৈ পৰাত অৱশেষত গাড়ী এৰি চোৰৰ দলটোৱে পলায়ন কৰে। ইফালে, ঘটনাৰ পমখেদি পুৱতি নিশা আৰক্ষীয়ে ট্রাকখন জব্দ কৰি লাংকাছি আৰক্ষীয়ে থানালৈ আনে। ইফালে, উক্ত তেল চুৰিৰ ঘটনাৰ সৈতে কোন জড়িত অথবা গাড়ীৰ গৰাকীৰ ঠিকনা পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Share This