নিউয়ক ভাৰতীয় চলচ্চিত্র মহোৎসৱ ২০২৬, বিশ্ব প্রিমিয়াৰৰ বাবে সাজু 'আকুতি'

dainik janambhumi April 21, 2026

ডিজিটেল ডেস্ক: অসমৰ চলচ্চিত্র জগতৰ বাবে এক গৌৰৱৰ ক্ষণত ৰাজ্যখনৰ পৰা নিৰ্মিত এখন পূর্ণদৈৰ্ঘ্যৰ চলচ্চিত্র 'আকুতি' সন্মানীয় 'নিউয়ক ভাৰতীয় চলচ্চিত্র মহোৎসৱ-২০২৬' লৈ আনুষ্ঠানিকভাৱে নির্বাচিত হৈছে। 

চলচ্চিত্র মহোৎসৱখনত চলচ্চিত্ৰখনৰ বিশ্ব প্রিমিয়াৰ (World Premiere) অনুষ্ঠিত হ'ব। ইতিমধ্যে চলচ্চিত্রখনে শ্রেষ্ঠ চলচ্চিত্ৰ আৰু শ্রেষ্ঠ শিশু অভিনেতা শিতানত দুটাকৈ গুৰুত্বপূৰ্ণ মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছে। স্নিগ্ধা পি ৰয়ৰ দ্বাৰা পৰিচালিত 'আকুতি'য়ে অসমৰ চহকী কাহিনী কথনৰ পৰম্পৰাক প্ৰতিফলিত কৰিছে আৰু আঞ্চলিক বিষয়সমূহ আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ লৈ গৈছে। এই চলচ্চিত্রখন স্নিগ্ধা পি ৰয় আৰু তনুজা পি ৰয়ৰ দ্বাৰা প্ৰযোজিত আৰু স্মিতা ৰয়ৰ সহ-প্রযোজনাত 'পি কে আৰ ফিল্মছ' (PKR Films) ৰ বেনাৰত নিৰ্মাণ কৰা হৈছে। 

নিউয়র্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল প্রতি বছৰে নিউয়ক চহৰত অনুষ্ঠিত হোৱা ভাৰতীয় চিনেমাৰ বাবে উৎসর্গিত উত্তৰ আমেৰিকাৰ আটাইতকৈ দীর্ঘদিনীয়া আৰু মর্যাদাপূর্ণ মঞ্চ। স্বতন্ত্র কাহিনী কোৱাৰ শৈলীক উদ্যাপনৰ বাবে পৰিচিত এই মহোৎসৱে বিশ্বৰ দৰ্শক, সমালোচক আৰু চলচ্চিত্র নির্মাতাসকলক আকৰ্ষণ কৰে, যাৰ ফলত ই আন্তর্জাতিক স্বীকৃতিৰ এক গুৰুত্বপূৰ্ণ দুৱাৰমুখ হৈ পৰে। 

উল্লেখযোগ্য 'আকুতি'ৰ পৰিচালক স্নিগ্ধা পি ৰয় মুম্বাইত প্রতিষ্ঠিত এগৰাকী চলচ্চিত্ৰ সম্পাদক আৰু পৰিচালক। তেওঁ নিৰ্মাণ কৰা চুটি ছবি বিভিন্ন চলচ্চিত্র মহোৎসৱত প্রদর্শিত আৰু সমাদৃত হৈছে। শেহতীয়াকৈ পূর্ণদৈৰ্ঘ্যৰ চিনেমা নির্মাণত ভৰি দিয়া স্নিগ্ধা পি ৰয়ে ইতিমধ্যে 'মণিকর্নিকা-দ্য কুইন অব্ ঝাঞ্চী', 'স্কেটাৰ গাৰ্ল', 'চাইনা', 'হাম্পতি শর্মা কি দুলহনীয়া', 'এবিচিডি ২', 'হিৰপান্তি' আদি বহুকেইখন বলিউডৰ চলচ্চিত্ৰত সম্পাদনাৰ কাম কৰিছে।

Share This