ষষ্ঠ দফা ৰূপায়ণ প্ৰসংগ
Dainik Janambhumi
August 31, 2024
ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষৰ অনগ্ৰসৰ ৰাজ্যসমূহৰ তালিকাতেই অসমৰ স্থান– তেতিয়াও আৰু এতিয়াও৷ বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ থকা সত্ত্বেও অৱশ্যে অসমৰ আজিৰ দৰে অস্থিৰ আৰু অৰাজক পৰিস্থিতি আগতে হোৱা নাছিল৷ মন্ত্ৰী আৰু জিলা পৰ্যায়ৰ উচ্ছ অসামৰিক আৰু আৰক্ষী বিষয়াৰ সমুখতে একাংশ লোকে, যাৰ ভিতৰত বয়োজ্যেষ্ঠ আৰু ৰnগ্ন লোকো আছে, ৰাজপথত আঁঠু কাঢ়িব লগা অৱস্থা হোৱা নাছিল৷
চৰকাৰৰ মুৰববী মন্ত্ৰীয়েও ৰাজহুৱাকৈ তেনে কাৰ্যৰ সমৰ্থনত মত দিয়া নাছিল৷ এনে ধৰণৰ যোৱা সময়ছোৱাত আন বহু ঘটনা ঘটি গৈছে৷ যিয়ে অসমত বৰ্তমান আইনৰ শাসন চলিছে, নে মাতব্বৰৰ শাসন চলিছে, সেই বিষয়ত নাগৰিকৰ মনত সংশয়ৰ সৃষ্টি কৰিছে৷ অসমৰ আজি ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক বাতাৱৰণ নানাভাৱে প্ৰদূষিত হৈ পৰিছে৷ আনকি অসম বিধানসভায়ো পূৰ্বৰ মৰ্যাদা ৰক্ষা কৰাত ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে আৰু হৈ পৰিছে অবাঞ্ছিত আচৰণৰ এখন মঞ্চ৷
অসমত পূৰ্বতে বিভিন্ন আন্দোলন আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপে অস্থিৰতাৰ সৃষ্টি কৰিছিল৷ এতিয়া ৰাজপথত প্ৰবল আন্দোলন নাই, সন্ত্ৰাস-হত্যা আদিৰো পয়োভৰ নাই৷ অথচ তথাপি অসমৰ বৰ্তমান পৰিস্থিতি একে আষাৰে স্বাভাৱিক বুলিব নোৱাৰি৷
ছবছৰীয়া অসম আন্দোলনৰ সমাপ্তি ঘটিছিল অসম চুক্তিৰ জৰিয়তে৷ এই চুক্তিত এনে বহু কথা অন্তৰ্ভুক্ত হৈছিল, যিবোৰ অসম আন্দোলনৰ মূল দাবী-চনদত নাছিল৷ অৱশ্যে কেন্দ্ৰীয় চৰকাৰে প্ৰতিশ্ৰুতি দিয়া তেনে বহু কথাই আমাৰ আৰ্থ-সমাজিক আৰু শৈক্ষিক বিকাশৰ সহায়ক হৈছিল৷ যেনে শোধনাগাৰ, কেন্দ্ৰীয় বিশ্ববিদ্যালয়, আই আই টিকে ধৰি কেতবোৰ অনুষ্ঠান-প্ৰতিষ্ঠান৷ কিন্তু সেয়ে হ’লেও অসম আন্দোলনৰ দুটা প্ৰধান দাবী আছিল অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ তথা বহিষ্কৰণৰ ব্যৱস্থা আৰু আনটো প্ৰধান দাবী আছিল অসমীয়াৰ ৰাজনৈতিক-সামাজিক, সাংস্কৃতিক আদি দিশত সাংবিধানিক ৰক্ষাকৱচৰ ব্যৱস্থা কৰা৷
আচলতে অসম চুক্তিৰ ষষ্ঠ দফাত অন্তৰ্ভুক্ত হোৱা সাংবিধানিক সুৰক্ষাৰ প্ৰসংগই আছিল অসম চুক্তিৰ সবাতোকৈ শক্তিশালী দিশ৷ কিন্তু এইক্ষেত্ৰত এটা দুৰ্বলতা থাকি গ’ল– এখন চুক্তিত ব্যৱহৃত হোৱা বিভিন্ন শব্দ [term] বা ধাৰণাৰ এটা নিৰ্দিষ্ট অৰ্থ নিৰ্ঘণ্ট চুক্তিত সন্নিৱিষ্ট থাকিব লাগে৷ অসমীয়া বা Assamese বুলি কওঁতে কোন জনসমষ্টিক নিৰ্দিষ্টভাৱে বুজাব খোজা হৈছে বা আন কথাত অসমীয়া মানে কি সেই সংজ্ঞা অসম চুক্তিত নাই৷ তাৰে বাবে এফালে যেনেকৈ চৰকাৰ দায়ী, সমানে কিন্তু আন্দোলনৰ নেতৃবৰ্গও দায়ী৷ অৱশ্যে পৰৱৰ্তী কালত অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ প্ৰচেষ্টা চৰকাৰী আৰু বেচৰকাৰী পৰ্যায়ত চলি আছিল৷ তেনে অৱস্থাতে কেন্দ্ৰত চৰকাৰৰ পৰিৱৰ্তন হয়৷ নতুন বিজেপি চৰকাৰে ক্ষমতা গ্ৰহণ কৰিয়েই নাগৰিকত্ব আইন সংশোধন কৰি ধৰ্মৰ ভিত্তিত পাকিস্তান-বাংলাদেশ আদিৰ হিন্দু শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্ব দিবলৈ সচেষ্ট হয়৷ তাৰ বাবে সংসদত নানা চতুৰালিৰে কা-আইন পালিত কৰা হয়৷ কা-ব্যৱস্থা দেশ দেখকৈ অসমৰ স্বাৰ্থ আৰু অসম চুক্তিৰ দফাৰ উলংঘন৷ অসমতো লগে লগে প্ৰতিবাদী আন্দোলনৰ জোৱাৰ উঠে৷ অসমৰ গণক্ষোভ আৰু আন্দোলনৰ শাম কটাবলৈ কেন্দ্ৰীয় চৰকাৰে লৰালৰিকৈ অসম চুক্তিৰ ষষ্ঠ দফা, অৰ্থাৎ অসমীয়াৰ সাংবিধানিক সুৰক্ষা ব্যৱস্থা কাৰ্যকৰীকৰণ বাবে পৰামৰ্শ দিবলৈ এখন সমিতি গঠন কৰে৷ পাঁচ বছৰ পূৰ্বে, অৰ্থাৎ ২০১৯ চনৰ জুলাই মাহত উচ্ছ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত এখন চৈধ্যজনীয়া উচ্ছস্তৰৰ সমিতি গঠন কৰা হয়৷
এই সমিতিয়ে বিশেষ তৎপৰতাৰে কাম কৰি ২০২০১ ফেব্ৰুৱাৰীত প্ৰতিবেদন সম্পূৰ্ণ কৰে আৰু দাখিল কৰে৷ কিন্তু কেন্দ্ৰৰ গৃহ বিভাগৰ যুটীয়া সচিবে এই প্ৰতিবেদনত স্বাক্ষৰ নকৰিলে৷ কেন্দ্ৰৰ গৃহ সচিবে চহী নকৰাৰ অৰ্থই হ’ল কেন্দ্ৰীয় চৰকাৰে সেই প্ৰতিবেদন সম্পৰ্কত আপত্তি কৰাৰ দৰে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ নিৰ্দেশমৰ্মেই হয়তো সচিবে চহী কৰা নাছিল৷ এনেকৈ প্ৰতিবেদনখন পেলাই ৰখাৰ পাছত ২০২১ৰ ছেপ্টেম্বৰ মাহত বিপ্লৱ শৰ্মা সমিতিৰ প্ৰতিবেদন আৰু অসম চুক্তি ৰূপায়ণৰ ৰূপৰেখা প্ৰস্তুত কৰিবলৈ তিনিজন মন্ত্ৰীসহ এখন উপ-সমিতি গঠন কৰা হয়৷
শেহতীয়াকৈ চৰকাৰে জনোৱা মতে, এই উপ-সমিতিৰ পাঁচলানি বৈঠক অনুষ্ঠিত হৈ যোৱাৰ পাছতো প্ৰতিবেদনৰ কাম অসম্পূৰ্ণ হৈ আছে৷ অৰ্থাৎ বিভিন্ন অজুহাতত অসমৰ সাংবিধানিক সুৰক্ষা বিষয়ক প্ৰতিবেদন ব্যৱস্থা গ্ৰহণৰ বাবে এতিয়াও গৈ যথাস্থানত পৰাগৈ নাই৷ কেন্দ্ৰীয় চৰকাৰে এই প্ৰতিবেদন গ্ৰহণ কৰিলে তাক নিৰ্দিষ্ট এটা সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হয়৷ সেয়েহে বিভিন্ন সমিতি গঠন, আলোচনা-বৈঠকৰ নামত তাক পিছুৱাই থকা হৈছে৷ ইয়াৰ দ্বাৰা চৰকাৰৰ ষষ্ঠ দফা ৰূপায়ণ সম্পৰ্কত ৰাজনৈতিক সদিচ্ছাৰ প্ৰতিও বৰ্তমান অসমৰ সচেতন নাগৰিকৰ সন্দেহ উপজিছে৷ সাংবিধানিক সুৰক্ষাই অসমক ভাৰতবৰ্ষৰ শক্তিশালী জাতি-গোষ্ঠীসমূহৰ বিচৰণ ভূমি-লুণ্ঠন ভূমি ৰূপে ব্যৱহাৰ কৰাত অন্তৰায়ৰ সৃষ্টি কৰিব পাৰে৷ সেইবাবেই বিষয়টোত অচলাৱস্থা অব্যাহত আছে৷ তদুপৰি নতুন দিল্লীৰ আজ্ঞাৱহ অসমৰ ৰাজনৈতিক নেতৃত্বৰো ষষ্ঠ দফা ৰূপায়ণ সন্দৰ্ভত স্পষ্টকৈ দাবী তুলিবলৈ সাহসৰ অভাৱ৷ অথচ বিপ্লৱ শৰ্মা নেতৃত্বাধীন সমিতিত ছাত্ৰ সন্থাৰ সভাপতিযসম্পাদক আৰু মুখ্য উপদেষ্টাজনো সদস্যৰূপে আছে৷ মাৰোৱাৰী আৰু মিঞাৰ বিৰুদ্ধে সৰৱ সংগঠনেও কিন্তু অসমীয়াৰ সাংবিধানিক সুৰক্ষাৰ লগত জড়িত অসম চুক্তিৰ ষষ্ঠ দফা ৰূপায়ণ সম্পৰ্কত মাত মতা নাই৷ আজিৰ অসমৰ পৰিৱৰ্তিত পৰিস্থিতিত অসমৰ ৰাইজেও এনে সংগঠনসমূহক পূৰ্বৰ দৰে গুৰুত্ব নিদিয়া হৈছে৷ অসমৰ ৰাইজে টেঙা আম-মিঠা আমৰ পাৰ্থক্য বুজি পোৱা হৈছে৷
Share This