ডিজিটেল ডেস্ক: মৰিগাঁৱত চুৰি সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলি থকা সময়তে পোহৰলৈ আহিল ইউটিউবাৰ ডেঞ্জাৰ বাপ্পীৰ ডেঞ্জাৰ খবৰ।
টেঙাগুৰি কছাৰি গাঁওস্থিত ইউটিউবাৰ ডেঞ্জাৰ বাপ্পীৰ ঘৰত আৰক্ষীৰ অভিযানত ওলাল বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী।
মৰিগাঁও সদৰ আৰক্ষী, ভূৰাগাঁও আৰক্ষী আৰু লাহৰীঘাট আৰক্ষীৰ সহযোগত চুৰি সামগ্ৰীৰ বিৰুদ্ধে চলিছিল অভিযান।
মহছিন আহমেদ ওৰফে ডেঞ্জাৰ বাপ্পীৰ ঘৰত চলা আৰক্ষীৰ যৌথ অভিযান বহু লক্ষাধিক টকাৰ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ডেঞ্জাৰ বাপ্পীৰ ঘৰৰ পৰা আৰক্ষীয়ে দুখনকৈ চাৰিচকীয়া বাহন ক্ৰমে AS01FA0015 নম্বৰৰ বলেৰ আৰু এখন মাৰুতি Breeza গাড়ী জব্দ কৰে। তদুপৰি
LED TV, POWER HONDA, বিদ্যালয়ৰ স্মাৰ্ট ব'ৰ্ড, কম্পিউটাৰ,ছিলিং ফেন, খালি চিলিণ্ডাৰ আদি বহু সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে মহছিন আহমেদ ওৰফে ডেঞ্জাৰ বাপ্পী পূৰ্বে আছিল এটা দুৰ্ধৰ্ষ গাড়ী চোৰ। চুৰি কাৰ্য সংঘটিত কৰি বহুবাৰ জে’ল হাজোতলৈ যাবলগীয়া হৈছিল বাপ্পী। কিন্তু হঠাত ৰত্নাকৰৰ পৰা বাল্মিকীৰ বেশ ধৰি মহছিন আহমেদ ওৰফে বাপ্পীয়ে সামজিক কাম-কাজত লাগি সাধাৰণ দুখীয়া-দৰিদ্ৰ লোকক সাহায্য প্ৰদান কৰাৰ দৰে কামত লাগিছিল।
মানুহৰ মাজত নিজৰ ভাৱমূৰ্তি সলনি কৰি হঠাত এই চোৰটো পৰিচিত হৈ পৰিছিল ইউটিউবাৰ ডেঞ্জাৰ বাপ্পী নামেৰে। কিন্তু 'চোৰে নেৰে চোৰৰ প্ৰবৃত্তি' তাকে পুনৰ প্ৰমাণ কৰিলে ডেঞ্জাৰ বাপ্পীয়ে, বাপ্পীৰ ঘৰত ওলাল দমে দমে চুৰি সামগ্ৰী। অৱশ্যে আৰক্ষীৰ উমান পাই মহছিন আহমেদ উৰফে ডেঞ্জাৰ বাপ্পীয়ে আৰক্ষীৰ চকুত ধূলি মাৰি পলায়ন কৰে।
ডেঞ্জাৰ বাপ্পীৰ সন্ধানত নামি পৰিছে আৰক্ষী।
উৎস : প্ৰাগ নিউজ ডিজিটেল