ডিজিটেল ডেস্ক: বজ্ৰপাতৰ ফলত পুনৰ এক শোকাৱহ ঘটনা সংঘটিত হৈছে গোসাঁইগাঁৱত। এইবাৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপৰ বলি হ’ল এজন স্থানীয় মাছমৰীয়া।
মৃত দুৰ্ভগীয়া লোকজনক গোসাঁইগাঁও থানাৰ অন্তৰ্গত হালদীবাৰী গাঁৱৰ পৰাণ মাৰ্ডি (৪০) বুলি চিনাক্ত কৰা হৈছে। তেওঁ বুধৰাই মাৰ্ডিৰ পুত্ৰ আছিল।
স্থানীয় সূত্ৰই জনোৱা মতে, আজি পুৱা প্ৰায় ৬ বজাত পৰাণ মাৰ্ডিয়ে সদায় যোৱাৰ দৰেই সোণকোষ নদীত মাছ ধৰিবলৈ গৈছিল। কিন্তু মাছ ধৰি থকা অৱস্থাতে হঠাতে আকাশ কঁপাই প্ৰচণ্ড বজ্ৰপাত হয় আৰু ইয়াৰ আঘাতত তেওঁ গুৰুতৰভাৱে আহত হয়।
আঘাতৰ মাত্ৰা ইমানেই ভয়াৱহ আছিল যে চিকিৎসালয়লৈ নিয়াৰ সুযোগ নিদি ঘটনাস্থলীতেই তেওঁ শেষ নিঃশ্বাস ত্যাগ কৰে।
হঠাতে ঘটি যোৱা এই আকস্মিক দুৰ্ঘটনাত সমগ্ৰ হালদীবাৰী অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰিছে।
উৎস : প্ৰাগ নিউজ ডিজিটেল