মাতৃ দুগ্ধ খুৱালে ডায়েৰিয়াকে ধৰি শিশুৰ সকলো ৰোগ প্ৰতিৰোধ হয়

Jyoti Borah August 09, 2023

ডিজিটেল ডেস্ক: ছিজাৰিয়ান কৰি সন্তান জন্ম দিলেও মাতৃয়ে শিশুটোক কষ্টকৈ হ’লেও নিজৰ দুগ্ধপান কৰাব লাগে৷ মাতৃদুগ্ধ নুখুৱাই দোকানৰ গাখীৰ বা গৰু, ম’হৰ গাখীৰ খুৱালে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ তদুপৰি মাতৃদুগ্ধ খুৱালে শিশুটোৰ ডায়েৰিয়াকে ধৰি সকলো ৰোগ প্ৰতিৰোধ হয়৷ দোকানৰ পৰা অনা গাখীৰ খুৱালে শিশুটোৰ বিভিন্ন সমস্যাই দেখা দিয়ে৷ আজি আবেলি ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত আৰু নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ যজ্ঞভূমি শাখাৰ সহযোগত আয়োজিত ‘নাৰী আৰু শিশুৰ স্বাস্থ্য’ শীৰ্ষক আলোচনা-চক্ৰত এই মন্তব্য কৰে বিশিষ্ট শিশুৰোগ বিশেষজ্ঞ ডাঃ মনোৰঞ্জন তালুকদাৰে৷ তেওঁ লগতে কয় যে মাতৃদুগ্ধত লেক্টজ, প্ৰটিন, কেলচিয়াম, ফচফৰাচ, ফেট থাকে৷ যাৰ বাবে শিশুটো সকলো দিশেৰে আগবাঢ়ি যাব পাৰে৷ শিক্ষাবিদ, ইলোৰা বিজ্ঞান মঞ্চৰ জিলা সভাপতি ড॰ ফণীধৰ তালুকদাৰৰ সঞ্চালনাত আৰু সম্পাদক কালীনাথ গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানত শিক্ষয়িত্ৰী মঞ্জু মিশ্ৰ, অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ শৰ্মা, দিলীপ কুমাৰ শৰ্মা, বিশিষ্ট সমাজকৰ্মী ৰবীন মিশ্ৰই ভাষণ দিয়াৰ লগতে ইলোৰা বিজ্ঞান মঞ্চৰ বিষয়ববীয়া তৰুলতা বৈশ্য, জুনু দেৱী, দীপালী ডেকা, মিতালী দাস, অৰুণা ভট্টসহ বহুসংখ্যক মাতৃ উপস্থিত থাকে৷

Share This