আপুনি আপোনাৰ খাদ্য তালিকাত মাশ্বৰুম অন্তৰ্ভুক্ত কৰেনে? যদি নকৰে বঞ্চিত হ’ব পাৰে ইয়াৰ উপকাৰৰ পৰা...

Kakali Deka August 22, 2023

ডিজিটেল ডেস্ক : মাশ্বৰুম বহু প্ৰকাৰৰ পোৱা যায়। বহু ঠাইত মাশ্বৰুমক ‘কাঠফুলা’ বুলিও কয়। মাশ্বৰুম ঘৰতে বনাবলৈও সহজ যদিও বজাৰত পেকেটৰ ৰূপতো উপলব্ধ। আজিকালি মাশ্বৰুমৰ পৰা বিভিন্ন ধৰণৰ ব্যঞ্জন প্ৰস্তুত কৰা হয়। 

মাশ্বৰুমত বহুতো গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ আৰু ভিটামিন পোৱা যায়। মাশ্বৰুমত ভিটামিন-ডি, ভিটামিন-বি, পটাছিয়াম, কপাৰ, আইৰণ আৰু চেলেনিয়াম পৰ্যাপ্ত পৰিমাণে পোৱা যায়। ইয়াৰ উপৰি কাঠফুলাত ক’লিন নামৰ এক বিশেষ পুষ্টিকৰ পদাৰ্থ থাকে, যিয়ে পেশীবোৰ শক্তিশালী কৰাৰ লগতে স্মৃতিশক্তিও প্ৰখৰ কৰে। সেয়েহে আজি আমি মাশ্বৰুমৰ উপকাৰিতাৰ বিষয়ে জানিম আহক।

১. মাশ্বৰুম বহু ৰোগত সকাহ পোৱা যায়। স্বাস্থ্য বিশেষজ্ঞসকলৰ অনুসৰি মাশ্বৰুমত পোৱা ভিটামিন-‘ডি’ থকাৰ বাবে ই আপোনাক কেন্সাৰৰ পৰা ৰক্ষা কৰাৰ লগতে হাড় মজবুত কৰে। কৰ্কট ৰোগত আক্ৰান্ত ব্যক্তিয়ে নিশ্চিতভাৱে কাঠফুলা সেৱন কৰিব পাৰে
২. কাঠফুলাৰ দ্বিতীয়টো ডাঙৰ উপকাৰ হ’ল ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। আনহাতে ই এটা প্ৰাকৃতিক এন্টিবায়টিক। প্ৰায় প্ৰতিটো ঋতুতে মাশ্বৰুম খাব পাৰে। ইয়াৰ উপৰি মাশ্বৰুমত পোৱা এণ্টিবায়টিকে শৰীৰৰ কোষ মেৰামতি কৰাত সহায় কৰে।

Share This