ছবিগৃহত সগৌৰৱে চলিছে 'ভাকুটকুট', অব্যাহত আছে দৰ্শকৰ সঁহাৰি

dainik janambhumi March 12, 2026

ডিজিটেল ডেস্ক : অসমীয়া হাস্য-ব্যংগ ছবি বুলিলেই দর্শকে ঢাপলি মেলে, সেয়া পুনৰবাৰ প্ৰমাণ কৰি দেখুৱাইছে চিন্ময় শৰ্মা পৰিচালিত 'ভাকুটকুট' ছবিখনে। ৬ মার্চত ছবিখন মুক্তি দিয়াৰ পাছতেই হাঁহি ভালপোৱা মানুহে ভৰি পৰিছে ছবিগৃহ। সোমবাৰে আইদেউ ছবিগৃহত ভালেসংখ্যক দর্শক, অভিনেতা-অভিনেত্রীয়ে ছবিখন উপভোগ কৰিলে। 

ইতিমধ্যে মুক্তিৰ ৫টা দিনত দৰ্শকৰ মৰম-সঁহাৰিয়ে ছবিখনৰ শিল্পী-কলা-কুশলীসকলক উৎসাহী কৰি তুলিছে। বিশেষকৈ ছবিখনত এখন গাঁৱৰ এটুকুৰা বিশেষ মাটিক কেন্দ্ৰ কৰি কেইটামান আমোদজনক চৰিত্ৰই হঁহুৱাইছে দর্শকক। ছবিখনত ভ্ৰাম্যমাণৰ সফল অভিনেতা মৃদুল চুতীয়াৰ দুর্দান্ত অভিনয়ৰ লগতে প্রবীণ অভিনেতা প্রাঞ্জল শইকীয়া, প্রতিভা চৌধুৰী, মিন্টু শৰ্মা আৰু বহুকেইগৰাকী যশস্বী অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে। নতুন প্ৰজন্মৰ জনপ্ৰিয় অভিনেত্ৰী দৰথী ভৰদ্বাজ, অভিনেতা মনোজ বৰকটকী, কৌশিক নাথ, বীণা পটংগীয়া, পৰাগ বৰুৱা আৰু হিমাংশু প্রসাদ দাসৰ লগতে জনপ্রিয় অভিনেত্রী মুনমী ফুকন, দুর্গাশ্ৰী বৰা, প্ৰিয়ংকা বৰঠাকুৰ, কাব্যশ্রী হাজৰিকা, মৃণাল ৰিকু শর্মা, বিশাল ওজা, ভাৰ্গৱ কে বৰা, মানস শইকীয়াৰ অভিনয়ে দর্শকক মুগ্ধ কৰিছে। আনহাতে, ছবিখনৰ প্ৰতিটো গানেও দর্শকক মোহাচ্ছন্ন কৰিছে। 

উল্লেখযোগ্য যে ছাই ক্রিয়েটিভ ফিল্মছ আৰু গ্রীন গ্রাছ ফিল্মছৰ বেনাৰত ছবিখনৰ প্ৰযোজনা কৰিছে জয়শ্রী ফুকন ভূঞাই। নৱপ্ৰজন্মৰ এগৰাকী অন্যতম চলচ্চিত্ৰ পৰিচালক চিন্ময় শৰ্মাৰ এইখন তৃতীয় ছবি। ইয়াৰ পূৰ্বে 'এজনী ছোৱালী' আৰু 'ভোট জলকীয়া'ৰ দৰে অসমীয়া ছবিয়ে দৰ্শকৰ মাজত সাঁচ বহুৱাই ৰাখিছে। দৰ্শকৰ মনোগ্ৰাহী হোৱাকৈ নিৰ্মাণ কৰা ছবিখনে ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিব বুলি টীম ভাকুটকুটে আশা প্রকাশ কৰিছে।

Share This