ডিজিটেল ডেস্ক: সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু যোৰহাট জিলা সমিতিৰ সহযোগত কালি দিনজোৰা কাৰ্যসূচীৰে মৰিয়নিত আটাছুৰ প্ৰথম জাতীয় শ্বহীদ ডামচাও ডিম্বেশ্বৰ গগৈৰ মাতৃ ডামনাং পুণ্যকান্তি গগৈৰ প্ৰথম বার্ষিক মৃত্যু দিৱস পালন কৰা হয়। সেই অনুসৰি মৰিয়নিৰ ৰাজহুৱা প্রেক্ষাগৃহত এক মুকলি সভা আৰু বঁটা প্রদান অনুষ্ঠান অনুষ্ঠিত হয়। এই বঁটা প্রদান অনুষ্ঠানত কার্গিলৰ শ্বহীদ কেপ্টেইন জিন্টু গগৈৰ মাতৃ দুলুপ্রভা গগৈক আটাছুৰ পুণ্যকান্তি গগৈ সোঁৱৰণী 'বীৰপুৰুষ জন্মদাত্রী' বঁটা প্ৰদান কৰে।
অনুষ্ঠানটোত পুৱা আটাছুৰ পতাকা উত্তোলন কৰি দিনটোৰ কাৰ্যসূচী মুকলি কৰে আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁয়ে। আটাছুৰ সাধাৰণ সম্পাদক ভাস্কৰজ্যোতি বৰগোহাঁয়ে স্মৃতি তর্পণ কৰাৰ অন্তত চ্যুকাফাৰ প্রতিচ্ছবিত মাল্যার্পণ কৰে আটাছুৰ উপদেষ্টা অনিল গগৈয়ে। আনহাতে, লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত মাল্যার্পণ কৰে মৰিয়নি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হৰেন গোৱালাই।
ডিম্বেশ্বৰ গগৈ আৰু পুণ্যকান্তি গগৈৰ প্রতি শ্রদ্ধাঞ্জলি জনায় ক্রমে মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্রিতম কুমাৰ শইকীয়া আৰু মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মিয়ে। দুপৰীয়া মিলন বুঢ়াগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অংশগ্রহণ কৰি আটাছুৰ উপদেষ্টা অমৃত চেতিয়াই আটাছুৱে অসম আৰু অসমীয়াৰ লগতে নিজৰ জনগোষ্ঠীটোৰ বাবে কৰি অহা কামৰ বিষয়ে উল্লেখ কৰে। তেওঁ প্রসংগক্রমে কয় যে আটাছুৱে কেৱল টাই আহোম জনগোষ্ঠীটোৰ কথা চিন্তা কৰিলে নহ'ব। বৰ অসমৰ গঢ় দিয়া চাওলুং চ্যুকাফাৰ আদৰ্শেৰে সকলো জাতি- জনগোষ্ঠী, সমগ্র অসমবাসীক লগত লৈ আমি আগবাঢ়িব লাগিব। অসমীয়া জাতিটোক নতুনকৈ গঢ় দিব লাগিব বুলি উল্লেখ কৰি আটাছুৰ উপদেষ্টাজনে আটাছুৰ দুয়োটা গোটকে একগোট হ'বলৈ আহ্বান জনায়।
সভাখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি মৰিয়নি জাতীয় বিদ্যাপীঠৰ সঞ্চালক তথা বিশিষ্ট নাট্যকাৰ ৰঞ্জিত গোহাঁইবৰুৱাই সকলো জাতি-জনগোষ্ঠীৰ সৈতে একেলগে বৰ অসম গঢ়াৰ মানসেৰে কাম কৰিবলৈ আটাছুৰ প্রতি আহ্বান জনায়। তেওঁ কয়, আটাছুৱে অসমৰ সমস্যাসমূহক লৈ মাত মাতি যাব লাগিব। অসমীয়া জাতিটোৰ হকে কাম কাম কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে। ভাষণ প্ৰসংগত অসমীয়া জাতিটোৰ লগতে টাই আহোম জনগোষ্ঠীটোৰ স্বাৰ্থত আটাছুৰ দুয়োটা ফৈদক একলগ হ'বলৈ আহ্বান জনায়। ইফালে, সভাত সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰি শ্বহীদ কেপ্টেইন জিন্টু গগৈৰ পিতৃ, অৱসৰপ্ৰাপ্ত বায়ুসেনা বিষয়া ঠগীৰাম গগৈয়ে সকলোকে এক হৈ কাম কৰিবলৈ আহ্বান জনায়। ছালফাৰ প্ৰসংগ উত্থাপন কৰি শ্বহীদ জিন্টু গগৈৰ পিতৃ ঠগীৰাম গগৈয়ে কয়, আলফাৰ প্ৰসংগ বেলেগ আছিল। কিন্তু ছালফা জন্ম হোৱাৰ পাছতে অসমত অশান্তিৰ সৃষ্টি হৈছিল। ছালফাই অসমৰ উন্নয়নত বাধাৰ সৃষ্টি কৰিছিল। আমাক পিছুৱাইহে নিছিল ছালফাই। শ্বহীদ জিন্টু গগৈৰ বিষয়ে উল্লেখ কৰি আৱেগিক হৈ পৰা পিতৃ ঠগীৰাম গগৈয়ে অসমৰ সৰ্বত্রে টাই ভাষা শিকোৱাৰ ব্যৱস্থা কৰা, অসমীয়া ভাষাক শুদ্ধ ৰূপত ব্যৱহাৰ কৰা আৰু অসমৰ নাম ইংৰাজীত ASSAM ৰ পৰিৱৰ্তে AKHOM কৰাৰ ব্যৱস্থা কৰিবলৈ আটাছুৰ নেতৃত্বৰ প্রতি আহ্বান জনায়।
আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁয়ে ঠগীৰাম গগৈৰ পৰামৰ্শ অনুযায়ী এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্রুতি দিয়ে। সংগ্রামী যুৱ-ছাত্ৰ পৰিষদ, অসমৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক পৱিত্ৰপ্ৰাণ বৰঠাকুৰেও চমু বক্তব্য আগবঢ়াই আটাছুৰ এনে কাৰ্যৰ শলাগ লয়। ইয়াৰ পাছতেই আটাছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ভাস্কৰজ্যোতি বৰগোহাঁয়ে আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানত দুলুপ্রভা গগৈক 'বীৰপুৰুষ জন্মদাত্রী' বঁটা প্ৰদান কৰা হয়। প্রথম বৰ্ষৰ বাবে প্রদান কৰা এই বঁটাৰ সৈতে স্মাৰক, প্রশস্তি-পত্র, বানকাঁহী, টাই আহোমৰ ফা-চিট, এটা ড্রেগন, হেংদাং, গামোচা, মুগাৰ ৰিহা, চ্যুকাফাৰ প্ৰতিচ্ছবি আদি প্রদান কৰা হয়।
বঁটা গ্রহণ কৰি অভিভূত হৈ পৰা দুলুপ্ৰভা গগৈয়ে ইয়াৰ বাবে আটাছুক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে এনে সন্মানে সদায় উৎসাহিত কৰে বুলি মন্তব্য কৰে। আটাছুৰ কাৰ্যকৰী সভাপতি শশাংক দিহিঙীয়াই শলাগৰ শৰাই আগবঢ়োৱা সভাখনৰ পূৰ্বে টাই আহোমৰ পৰম্পৰাগত ফুৰালুং পূজা অনুষ্ঠিত কৰি স্বৰ্গগামী হোৱাসকলৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে ৰাইজৰ মংগল কামনা কৰা হয়। সভাখনত আটাছুৰ কেন্দ্ৰীয় নেতৃত্বৰ লগত কেবাখনো জিলাৰ তিনি শতাধিক প্রতিনিধিয়ে অংশগ্ৰহণ কৰে।