ডিজিটেল ডেস্কঃ কেৰালাত এটা ভয়ানক গুৰুতৰ ৰোগে ৰাজ্যখনৰ বিভিন্ন অঞ্চল ছানি ধৰিছে। কথিত ভাষাত 'মগজু খাই পেলোৱা সূক্ষ্ম জীৱাণু' (ব্রেইন ইটিং এমিবা), বায়ুত মুকলিকৈ উৰি ফুৰা মাইক্ৰ'অর্গেনিজম 'নেগলেৰিয়া ফ'লেৰী'য়ে কেৰালাৰ বিভিন্ন অঞ্চলত হঠাতে বিপজ্জনক স্বাস্থ্য সংকটৰ সৃষ্টি কৰিছে। চলিত বৰ্ষত এতিয়ালৈকে ৰাজ্যখনত এই এমিবাত আক্রান্ত লোকৰ সংখ্যা ৪২জন হৈছে। ইয়াৰ ভিতৰত কেইবাজনো ৰোগীৰ শোকাৱহভাৱে মৃত্যু হৈছে।
আগষ্ট মাহৰ শেষৰ ফালে কোজিকোড়ত এটা তিনিমহীয়া শিশু আৰু এগৰাকী ৫২ বছৰীয়া মহিলাৰ এই ৰোগত আক্রান্ত হৈ মৃত্যু হয় আৰু এমাহৰ ভিতৰত মৃতকৰ সংখ্যা তিনিজন হয়।
আনহাতে, এই মগজু খাই পেলোৱা সূক্ষ্ম জীৱাণুৰ আক্রমণত আক্রান্ত হোৱা ৰোগীৰ সংখ্যা ক্ৰমাৎ ৰাজ্যখনত বৃদ্ধি পাইছে। শিশুৰ পৰা আৰম্ভ কৰি বয়স্ক লোক এই ৰোগত আক্ৰান্ত হৈ ৰাজ্যখনৰ বিভিন্ন চৰকাৰী হস্পিটেলত চিকিৎসাধীন হৈ আছে। কেৰালা চৰকাৰে এই ৰোগ প্ৰতিৰোধ কৰিবলৈ ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে।