নতুন অসমীয়া গীতৰ শুভমুক্তি: প্ৰেমৰ বতৰত প্ৰেমৰ বতৰা লৈ ৰাইজৰ মাজলৈ আহিল পাৰ্থজিৎ নেওগৰ ‘এপল দুপল’

Nikimoni Kachari February 13, 2026

ডিজিটেল ডেস্ক: এতিয়া ফাগুনৰ বতৰ। ফাগুন মানেই প্ৰেমৰ বতৰ। ফাগুনৰ আঁচলত ধৰি আহিল ভেলেণ্টাইন ডে’। কাইলৈ অৰ্থাৎ ১৪ ফেব্ৰুৱাৰীত সমগ্ৰ বিশ্বজুৰি পালন কৰা হ’ব ভেলেণ্টাইন ডে’। 

প্ৰেমৰ দিৱসৰ প্ৰাকক্ষণতে উদীয়মান কণ্ঠশিল্পী পাৰ্থজিৎ নেওগে আজি অসমবাসীক উপহাৰ দিলে ‘এপল দুপল’ শীৰ্ষক প্ৰেমৰ এটি সুৰীয়া গীত৷  

প্ৰেমৰ মিঠা মিঠা অনুভবেৰে গীতটি লিখি উলিয়ালে সোণমণি গোৱালাই৷ গীতটিৰ সুৰ পাৰ্থজিত নেওগৰ৷ সংগীত আৰু মিক্স-মাষ্টাৰিং ৰিপুঞ্জয় কলিতাৰ৷ গীটাৰ সমীৰ হাজৰিকাৰ। 

গীতটিৰ ভিডিঅ’ পৰিচালনা ‘এপল দুপল’ টীম(ৰাজনীশ শইকীয়া, উৎপল নেওগ, গৌতম বৰা, জ্ঞানজ্যোতি বৰা, পাৰ্থজিৎ নেওগ)ৰ।
অভিনয় কৰিছে জ্ঞানজ্যোতি বৰা, প্ৰিয়ংকা বৰা, উৎপল নেওগ, গৌতম বৰা, সাগৰ বৰা, ঐশ্বৰ্য আৰু স্নেহা ভৰদ্বাজে। চিত্ৰগ্ৰহণ ৰাজনীশ শইকীয়াৰ। গ্ৰাফিক্স আৰু কালাৰ প্ৰাঞ্জল শৰ্মাৰ। এডিটিং ৰাজনীশ শইকীয়া আৰু প্ৰাঞ্জল শৰ্মাৰ।

ফটোগ্ৰাফী আকাশ শইকীয়াৰ। গীতটিৰ প’ষ্টাৰ প্ৰস্তুত কৰে নিৰঞ্জন দাসে।  

গীতটি অসমবাসীয়ে মৰমেৰে আঁকোৱালি ল’ব বুলি আশা কৰিছে পাৰ্থজিত নেওগ আৰু তেওঁৰ দলে। উল্লেখযোগ্য যে ‘মায়ঙৰ বেজালি’ শীৰ্ষক গীতটিত কণ্ঠদান কৰি ইতিমধ্যেই ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে পাৰ্থজিৎ নেওগে।

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This