ডিজিটেল ডেস্ক: কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি সংসদত দাখিল কৰা ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰস্তাৱিত বাজেটখনে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বিশেষ আশাৰ বতৰা কঢ়িয়াই অনা নাই। সকলোৱে ভাবিছিল-অসমত বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ বাবে একাধিক বৃহৎ প্রকল্প ঘোষণা কৰাই নহয় ধনো ধার্য কৰিব। কিন্তু বাস্তৱত সেয়া নহ'ল।
তেজপুৰত থকা আঞ্চলিক মানসিক স্বাস্থ্য প্রতিষ্ঠানক কেন্দ্রীয় মানসিক স্বাস্থ্য প্রতিষ্ঠানলৈ উন্নীতকৰণৰ প্ৰস্তাৱ দাখিল কৰাৰ লগতে কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে উত্তৰ-পূবৰ অগৰ উৎপাদনত গুৰুত্ব দিয়াৰ লগতে মৎস্য উৎপাদনৰ বাবে পাঁচশটা জলাশয়ৰ বিকাশ সাধন কৰা হ'ব। আনহাতে উত্তৰ-পূবৰ ধৰ্মীয় ক্ষেত্ৰসমূহৰ উন্নয়নৰ কথা উল্লেখ কৰি তেওঁ অসম, ছিকিম, অৰুণাচল প্রদেশ, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাক সামৰি বৌদ্ধ ছার্কিট নিমাণ কৰা হ'ব বুলিও ঘোষণা কৰে। ইফালে প্ৰস্তাৱিত বাজেটখনত উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ বাবে ধাৰ্য কৰা ধন বিগত বর্ষতকৈ এইবাৰ মাত্র ২৫০২.১৪ কোটি টকাহে বৃদ্ধি কৰা হৈছে।
উল্লেখযোগ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলক দেশৰ অষ্ট লক্ষ্মী আখ্যা দি উত্তৰ-পূব দেশৰ বিকাশৰ ইঞ্জিন বুলি অভিহিত কৰিছিল যদিও কালি দাখিল হোৱা বাজেটত উত্তৰ-পূব উন্নয়ন মন্ত্ৰ্যালয় (ড'নাৰ), উত্তৰ-পূব পৰিষদ বা আন আন শিতানত যি পৰিমাণৰ পুঁজি ধাৰ্য কৰাৰ কথা ঘোষণা কৰা হ'ল, তাৰ পৰাই কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিভংগী স্পষ্ট হৈ পৰিছে। সকলোতকৈ ডাঙৰ কথা যে কালি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বাজেটত বৃহৎ পৰিমাণৰ ধন ধাৰ্য কৰিলেও পাছত সংশোধিত বাজেটত অভাৱনীয়ভাৱে ধন হ্রাস কৰে।
বাজেট প্রস্তাৱ অনুসৰি- ২০২৬-২৭ বৰ্ষৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ধাৰ্য কৰা পুঁজিৰ পৰিমাণ হৈছে ১,০৮,৩৩৫.৪২ কোটি টকা। বিগত বৰ্ষত উত্তৰ-পূবৰ বাবে ধাৰ্য কৰা পুঁজিৰ পৰিমাণ আছিল ১,০৫,৮৩৩.২৮ কোটি টকা। অর্থাৎ বিগত বৰ্ষৰ বাজেটতকৈ এইবাৰৰ বাজেটত ২৫০২.১৪ কোটি টকা বৃদ্ধি কৰা হৈছে। অৱশ্যে বাজেটৰ পাছত বিগত বৰ্ষৰ সংশোধিত বাজেটত এই ধন আশ্চর্যজনকভাৱে ৮৮,৭৪১.১৮ কোটি টকালৈ হ্রাস কৰা হৈছিল। এনে পৰিস্থিতিত এইবাৰো সংশোধিত বাজেটত এই ধন হ্রাস হোৱাৰ সম্ভাৱনা আছে।
আনহাতে বিগত বৰ্ষত ড'নাৰ মন্ত্ৰ্যালয়ৰ বাবে ৫৯১৫ কোটি টকা ধাৰ্য কৰা হৈছিল। ইয়াৰ বিপৰীতে এইবাৰ এই ধন ৬৮১২.৩০ কোটিলৈ বৃদ্ধি কৰা হৈছে। অর্থাৎ বাজেটত পূর্বতকৈ ৮৭৯.৩ কোটি টকা বৃদ্ধি কৰা হ'ল। লক্ষণীয় বিষয়টো হ'ল যে বিগত বৰ্ষৰ বাজেটত কেন্দ্ৰীয় চৰকাৰে ড'নাৰ মন্ত্ৰ্যালয়ৰ বাবে ৫৯১৫ কোটি টকা ধাৰ্য কৰাৰ কথা ঘোষণা কৰিলেও পৰৱৰ্তী সময়ত সংশোধিত বাজেটত এই ধন ৪৪৭৯.২০ কোটি টকালৈ হ্রাস কৰা হয়।
ইফালে উত্তৰ-পূব পৰিষদৰ বাবে ধাৰ্য কৰা ধন হৈছে মাত্র ৮২৫ কোটি। বিগত বৰ্ষৰ বাজেটত ঘোষণা কৰাতকৈ এইবাৰ মাত্র তিনি কোটি টকা বৃদ্ধি কৰা হৈছে। উত্তৰ-পূবৰ বাবে থকা চেন্ট্রেল পুল অব্ ৰিছৰ্চ শিতানত আন্তঃগাঁথনি উন্নয়নৰ বাবে ধাৰ্য কৰা হৈছে ২৫০০ কোটি টকাহে। যোৱাবাৰ বাজেটত এই শিতানত ২৪৮১ কোটি টকা ধার্য কৰিও পাছত সংশোধিত বাজেটত এই ধন ১৬০০ কোটিলৈ হ্রাস কৰা হৈছিল। আনহাতে এইবাৰ বি টি চিৰ বাবে ধাৰ্য কৰা হৈছে ১৫৬ কোটি টকা। যোৱা বছৰ বি টি চিৰ বাবে বাজেটত ধাৰ্য কৰা পুঁজিৰ পৰিমাণ আছিল ৫০ কোটি টকা। একেদৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বাবে এইবাৰ ২০০ কোটি ধাৰ্য কৰা হৈছে যদিও ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে কোনো ধন ধাৰ্য কৰা হোৱা নাই। যোৱাবাৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বাবে ৫০ কোটি টকা ধাৰ্য কৰি অৱশ্যে পাছত এই ধন ৯৫ কোটিলৈ বৃদ্ধি কৰা হৈছিল। তাৎপর্যপূর্ণ কথা যে যোৱাবাৰ বাজেটত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে এশ কোটি টকা ধাৰ্য কৰিও পাছত সংশোধিত বাজেটত এই ধন ১৬.৯৬ কোটিলৈ হ্রাস কৰা হৈছিল। অথচ এইবাৰ ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদক ধনেই দিয়া হোৱা নাই।
ইফালে আদিবাসী সংগঠনৰ সৈতে হোৱা শান্তি চুক্তি মর্মে এইবাৰ ৭০ কোটি, ডিমাচা সংগঠনৰ সৈতে হোৱা চুক্তি মর্মে ৭০ কোটি, আলফাৰ সৈতে হোৱা শান্তি চুক্তি অনুসৰি ৫০০ কোটি টকা ধাৰ্য কৰা হৈছে। পি এম ডিভাইন আঁচনিৰ বাবেও এইবাৰ ধাৰ্য কৰা হৈছে ২৩০৬ কোটি টকা। ইফালে নর্থ ইষ্ট ইণ্ডাষ্ট্রিয়েল এণ্ড ইনভেষ্টমেন্ট প্রমোচন পলিচিৰ বাবে ধন পূৰ্বতকৈও কমকৈহে ধাৰ্য কৰা হৈছে। যোৱা বছৰ বাজেটত এই শিতানত ৫০ কোটি টকা ধাৰ্য কৰাৰ বিপৰীতে এইবাৰ মাত্র ৪০ কোটি টকা ধাৰ্য কৰা হৈছে। একেদৰে নৰ্থ ইষ্ট ইণ্ডাষ্ট্রিয়েল ডেভেলপমেন্ট স্কিমৰ অধীনত যোৱাবাৰ চাৰিশ কোটি টকা ধাৰ্য কৰি পাছত মাত্র এশ কোটি টকালৈ হ্রাস কৰা চৰকাৰখনে এইবাৰ এই শিতানত ধাৰ্য কৰিছে মাত্র ৯০ কোটি টকা। ইফালে প্রতিটো মন্ত্ৰ্যালয়ে নিজৰ বাজেটৰ পৰা দহ শতাংশ ধন উত্তৰ-পূবৰ বাবে ব্যয় কৰাৰ যি নিয়ম আছে সেই অনুসৰি সামগ্রিকভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ কৃষি আৰু কৃষি কল্যাণৰ বাবে ১৩৬৮৫.২০ কোটি, কৃষি গৱেষণাৰ বাবে ৬৬৮.০৬ কোটি, আয়ুস মন্ত্ৰ্যালয়ৰ অধীনত ২৫১ কোটি টকা, উচ্চ শিক্ষাৰ বাবে ৪৪২৪ কোটি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্র্যালয়ে ৭৩৭১ কোটি, গৃহ আৰু নগৰ উন্নয়ন দপ্তৰে ১৩২৩ কোটি টকা, খোৱাপানী, অনাময়ৰ বাবে ৭৩৮২ কোটি, শক্তিখণ্ডৰ বাবে ২৯১৯ কোটি টকা, পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে ১৮,৩৮১ কোটি টকা ধার্য কৰা হৈছে।