ডিজিটেল ডেস্ক : ৱাক ইণ্ডিয়া কিক্ বক্সিং ফেডাৰেশ্যন, এমেছাৰ কিক্ বক্সিং এছ'চি যে শ্যনৰ স্বীকৃতিপ্রাপ্ত ৱাক তিনিচুকীয়া কিক্ বক্সিং এছ'চিয়েশ্যনৰ উদ্যোগত যোৱা ১৮ জুলাইৰ পৰা ভাৱতী ভৱন দেৱ শিক্ষা নিকেতন স্কুল বিকাশপুৰ তিনিচুকীয়াত অনুষ্ঠিত সদৌ অসম গ্রীষ্মকালীন কিক্ বক্সিং প্রতিযোগিতাত তিনিচুকীয়া জিলাৰ ক্রীড়া সাংবাদিকগৰাকীক সম্বৰ্ধনা জনোৱা হয়।
উল্লেখযোগ্য যে শর্মাই বিগত ২৭ বছৰে সাংবাদিকতা জগতৰ লগত জড়িত থকাৰ লগতে দীঘলীয়া সময় ফটো সাংবাদিক হিচাপে সেৱা আগবঢ়াইছিল। অমৃত শর্মাই শেহতীয়াকৈ অসমৰ কেইবাখনো আগশাৰীৰ বাতৰিকাকতৰ লগত জড়িত থকাৰ উপৰি বিভিন্ন স্মৃতিগ্রন্থ, আলোচনীত ক্রীড়া বিষয়ক লেখা প্রকাশ পাইছে। তেওঁৰ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পষেকীয়া ক্রীড়া অনুষ্ঠান ক্রীড়াজগতত কেইবাটাও কাৰ্যসূচী প্ৰচাৰিত হৈছে। তেওঁক তিনিচুকীয়া কিক্ বক্সিং এছ'চিয়েশ্যনে গলবস্ত্র, সম্বর্ধনা-পত্র, স্মৃতিচিহ্ন প্ৰদান কৰে।