ডিজিটেল ডেস্ক: পাঠকৰ অন্তহীন অপেক্ষাৰ অন্ত পৰিল। প্ৰকাশ পালে ‘দৈনিক জনমভূমি’ৰ ৰঙালী বিহু বিশেষ আলোচনী। পূৰ্বৰ দৰেই পাঠক সমাজ ৰৈ আছিল এই আলোচনীখনৰ বাবে। আলোচনীখন প্ৰকাশৰ পাছতেই পাঠকে জনাইছে ইতিবাচক সঁহাৰি।
‘দৈনিক জনমভূমি’ৰ মুখ্য কাৰ্যালয় প্ৰাগ টাৱাৰত মঙলবাৰে উন্মোচন কৰা হ’ল আলোচনীখন। মেটমৰা সম্ভাৰেৰে আলোচনীখন ৰাইজৰ মাজলৈ আহিল।
৪০০ পৃষ্ঠাৰে সজাই তোলা হৈছে এই বছৰৰ আলোচনীখন।
পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এইবেলিও সুন্দৰ সুন্দৰ লেখাৰে প্ৰকাশ পালে দৈনিক জনমভূমিৰ বিহু আলোচনী ২০২৬।
অসমৰ নবীন-প্ৰবীণ লেখকৰ মননশীল লেখা সমৃদ্ধ আলোচনীখনৰ সম্পাদনা কিশোৰ গোস্বামীৰ। প্ৰায় ছয়কুৰি মানসম্পন্ন কবিৰ কবিতা, প্ৰায় ডেৰকুৰি গল্প, কেইবাখনো উপন্যাস-উপন্যাসিকা, জুবিন গাৰ্গ বিষয়ক কেইবাটাও তথ্যসমৃদ্ধ লেখাকে ধৰি প্ৰায় ১৭০গৰাকী লেখকৰ সমাহাৰ ঘটিছে আলোচনীখনত।
অংগসজ্জা হৰিচন্দ্ৰ বৈশ্য(ৰাজ)ৰ। আৰ্হি পাঠ গুণমণি কলিতা আৰু সঞ্জীৱ ঠাকুৰীয়াৰ। বেটুপাত সুমন দাসৰ।
আলোচনীখন উন্মোচন কৰে AM Televisionৰ CMD ড° সঞ্জীৱ নাৰায়ণে। উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু, কাৰ্যবাহী সম্পাদক দেবজিত ভূঞা, মহাপ্ৰবন্ধক চন্দ্ৰশেখৰ শৰ্মা, দৈনিক জনমভূমিৰ মুখ্য সম্পাদক সঞ্জীৱ কুমাৰ ফুকন ,COO চিত্ৰৰঞ্জন ডেকাকে ধৰি দৈনিক জনমভূমিৰ কৰ্মচাৰীসকল।
উৎস : প্ৰাগ নিউজ ডিজিটেল