ভগৱান শ্ৰীকৃষ্ণৰ জন্মস্থান বৃন্দাবনৰ নিধিবনৰ ৰহস্য আপুনি জানেনে? সন্ধিয়াৰ পৰা এই নিধিবনত কোনো জীৱ‌ই প্ৰৱেশ কৰিব নোৱাৰে যদি প্ৰৱেশ কৰে মৃত্যু নিশ্চিত! কিন্তু কিয় ?

Kakali Deka August 10, 2023

ডিজিটেল ডেস্কঃ পৃথিৱীত এনে বহু ঠাই আছে যাক লৈ ৰহস্য এতিয়াও অব্যাহত আছে। এই ৰহস্যময় ঠাই সমূহক লৈ প্ৰত্যেকে বেলেগে বেলেগ ধাৰণা কৰে । এনে ধৰণৰ এখন ঠাই আছে মথুৰাৰ বৃন্দাবনত।
বৃন্দাবনস্থিত নিধিবনক লৈ প্ৰচলিত আছে এনে বহু কাহানী। নিধিবন হৈছে ভগৱান শ্ৰীকৃষ্ণৰ জন্মস্থান। শ্ৰীকৃষ্ণৰ লীলাৰ বিষয়ে নজনা মানুহ হয়টো কমেই ওলাব। শ্ৰীকৃষ্ণৰ লীলাৰ লগতেই জড়িত হৈ আছে এই নিধিবন।
উত্তৰ প্ৰদেশৰ মথুৰা জিলাৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত অৱস্থিত নিধিবন। বহুলোকে  বিশ্বাস কৰে যে এই নিধিবনত এতিয়াও শ্ৰীকৃষ্ণই ৰাসলীলা গোপীসকলৰ লগত । 
লোকবিশ্বাস অনুসৰি, প্ৰতিটো নিশাই শ্ৰীকৃষ্ণ আহে ৰাধাৰ লগত এই নিধিবনলৈ। লগত আহে গোপীসকলো। সেয়েহে সন্ধিয়াৰ পৰা ভক্তৰ বাবে বন্ধ কৰি দিয়া হয় এই নিধিবনৰ দুৱাৰ।
কেৱল ভক্তই নহয়,সন্ধিয়া ৭ বজাৰ পাছত এই নিধিবনত চৰাই, পশু-পক্ষীকো দেখিবলৈ পোৱা নাযায়। কোৱা হয়, সন্ধিয়াৰ পাছত যদি কোনোবাই নিধিবনৰ ভিতৰলৈ যায় তেন্তে তেওঁৰ মৃত্যু বা মানসিক শক্তি হেৰুৱাই পেলায়।
এই নিধিবনৰ ওচৰে-পাজৰে থকা লোকসকলে ঘৰত খিৰিকী নলগায়। কিয়নো তেওঁলোকে বিশ্বাস কৰে যিয়ে এই নিধিবনৰ ফালে নিশা চাবলৈ চেষ্টা কৰে তেওঁৰ মৃত্যু অনিবাৰ্য। নিধিবনৰ ওচৰে-পাজৰে থকা লোকসকলে সন্ধিয়া পায়েলৰ শব্দ অনুভৱ কৰে তেওঁলোকে বিশ্বাস কৰে যে সেয়া ৰাধা আৰু গোপীসকলে শ্ৰীকৃষ্ণৰ লগত ৰাসলীলা কৰে ।
অৱশ্যে এই কথাক নস্যাৎ কৰে একাংশ লোকে। তেওঁলোকৰ ভক্তক ভ্ৰমিত কৰিবলৈ এনেধৰণৰ প্ৰচাৰ কৰে। ইয়াৰ কোনো সত্যাসত্য নাই। বাস্তু শাস্ত্ৰ মতেও এই ধাৰণাৰ কোনো ভিত্তি নাই। অৱশ্যে কি সত্য, কি অসত্য সেই সন্দৰ্ভত কোনো তথ্য আমাৰ হাতত নাই। এয়া মাত্ৰ মানুহৰ এক বিশ্বাস যি বছৰ বছৰ ধৰি প্ৰচলন হৈ আহিছে।

Share This