আপুনি মাংস খায় ভাল পায় নেকি? হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যয়নত গুৰুত্বপূৰ্ণ তথ্য

Kakali Deka November 16, 2023

ডিজিটেল ডেক্স:আপুনি বাৰু মাংস বিশেষকৈ, ছাগলীৰ মাংস খায় ভাল পায় নেকি– তেতিয়া হ’লে আপুনি সাৱধান হোৱা ভাল, কিয়নো হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এই সম্পৰ্কত এক গুৰুত্বপূৰ্ণ তথ্য আগবঢ়াইছে৷ গৱেষকসকলে প্ৰকাশ কৰা অনুসৰি ছাগলী, গাহৰি আৰু গো-মাংস [যাক ৰেড মিট বা ৰঙা মাংস বুলিও কোৱা হয়] সপ্তাহত দুদিনকৈ খোৱাটো স্বাস্থ্যৰ বাবে অপকাৰী৷

 

ইয়াৰ ফলত এনে ধৰণৰ ৰোগে শৰীৰত বাহ ল’ব পাৰে যি গোটেই জীৱনটো চিন্তিত কৰি ৰাখিব৷ বিশ্ববিদ্যালয়খনৰ গৱেষকসকলে প্ৰকাশ কৰা অনুসৰি এনে জন্তুৰ মাংস সপ্তাহত কমেও দুদিন খোৱা লোকসকলৰ বহুমূত্ৰ ৰোগ হোৱাৰ আশংকা বৃদ্ধি পায়৷ উল্লেখযোগ্য যে পূৰ্বতে কৰা কেইবাটাও অধ্যয়নত ৰঙা মাংস আৰু বহুমূত্ৰ ৰোগৰ মাজত এক সম্পৰ্ক আছে বুলি  তথ্য লাভ কৰিছিল৷ শেহতীয়াকৈ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকসকলে খাদ্য আৰু তেজত শৰ্কৰাৰ মাজত এক সম্পৰ্ক থকা বুলি জানিব পাৰে৷ তেওঁলোকে কৰা অধ্যয়নৰ পৰা জানিব পাৰে যে যিসকল লোকে সপ্তাহত কমেও দুদিনকৈ ৰঙা মাংস খায় তেওঁলোকৰ টাইপ-২ বহুমূত্ৰ ৰোগ হোৱাৰ আশংকা বৃদ্ধি পায়৷

 

গৱেষকসকলে কৰা এই অধ্যয়নটো কেইবাবছৰ ধৰি কৰা হৈছিল৷ ইয়াত ২ লাখ ১৬ হাজাৰ ৬৯৫জন লোকে ভাগ লৈছিল৷ তেওঁলোকে ৩৬ বছৰত প্ৰতি দুবছৰৰ মূৰে মূৰে এই লোকসকলৰ তথ্য বিশ্লেষণ কৰিছিল৷ তেতিয়া তেওঁলোকে জানিব পাৰিলে যে ২২ হাজৰতকৈ অধিক লোকৰ টাইপ-২ বহুমূত্ৰ ৰোগ হৈছে৷ যিসকল লোকে অধিক পৰিমাণে ৰঙা মাংস খাইছিল  তেওঁলোকৰ বহুমূত্ৰ হোৱাৰ আশংকা মাংস নোখোৱাসকলতকৈ ৬২ণ অধিক৷

Share This