পুৱা ডালচেনি দিয়া চাহ খাওক ওজন কমোৱাত সহায় হ'ব 

Kakali Deka December 20, 2023

ডিজিটেল ডেস্কঃ বৰ্তমানৰ ব্যস্ততপূর্ণ জীবন তথা অতি আধুনিক জীবন শৈলীয়ে মানুহক বিভিন্ন ধৰণেৰে ক্ষতি কৰি আহিছে। বিশেষকৈ আধুনিক খাদ্যাভ্যাসে মানুহক এতিয়া ৰুগীয়া কৰি তুলিছে। মানুহে বিভিন্ন ধৰণৰ ৰোগৰ সৈতে যুঁজ দিব লগা হৈছে। ইয়াৰ লগতে মেদবহুলতাৰ দৰে সমস্যা আছেই।

মেদবহুলতাই বহুমূত্ৰৰ দৰে ৰোগৰ আশংকাও বৃদ্ধি কৰে। এনে ধৰণৰ সমস্যাৰ পৰা বহুখিনি মুক্ত কৰিব পাৰে ডালচেনিয়ে। ডালচেনিয়ে ওজন হ্রাস কৰাত সহায় কৰে। ডালচেনি বিভিন্ন ধৰণেৰে খাব পাৰি। বহুতো লোকে বিভিন্ন ব্যঞ্জনত ডালচেনি দি খাই ভাল পায়। কিছুমানে গাখীৰ আৰু চাহত ডালচেনি দি খাই ভাল পায়। কিন্তু ডালচেনি দিয়া চাহ খোৱাটো সকলোৰে বাবে উপকাৰী বুলি স্বাস্থ্য বিশেষজ্ঞসকলে মত প্রকাশ কৰিছে। ডালচেনিত মেগনেছিয়াম, আয়ৰন, ফছফৰাছ, কার্বহাইড্রেট, প্রটিন, কেলচিয়াম, মেংগানিজ, তাম, জিংক, নিয়াচিন, থায়চিন আৰু লাইকোপিনৰ দৰে দ্রব্য থাকে। এই বিলাক শৰীৰৰ বাবে অতি উপকাৰী।

ওজন হ্রাস কৰাৰ কাৰণে পুৱা ডালচেনি দিয়া চাহ সেৱন কৰিব পাৰি। ডালচেনিত এন্টিঅক্সিডেন্টো আছে। ই শৰীৰৰ পৰা বিষাক্ত পদার্থ উলিয়াই দিয়াত সহায় কৰে। ইয়াৰ লগতে ডালচেনিয়ে বহুমূত্ৰ ৰোগ নিয়ন্ত্রণতো সহায় কৰে। পুৱা খালী পেটত ডালচেনি দিয়া চাহ খালে পাচনতন্ত্রও শক্তিশালী হয়। ইয়াৰ লগতে গেছ, ব্লটিং, এচিডিটিৰ দৰে সমস্যাৰ পৰা মুক্ত হোৱাতো সহায় কৰে।

আনহাতে ডালচেনিৰ প্রদাহ প্ৰতিৰোধী তথা এণ্টিবেক্টেৰিয়েল বুলি জনা যায়। ডালচেনিয়ে ছালৰ উজ্জ্বলতা বৃদ্ধিতো সহায় কৰে। শৰীৰৰ ৰোগ প্ৰতিৰোধী শক্তিও বৃদ্ধি কৰে বুলি কোৱা হয়। ইয়াৰ লগতে আন ভালেমান ৰোগৰ পৰা শৰীৰক ই ৰক্ষা কৰে। ইয়াৰ নিয়মীয়া সেৱনে ভালেমান ৰোগৰ পৰা ৰক্ষা কৰে। উল্লেখযোগ্য যে ডালচেনি খুন্দি পুৱা চাহত দি খাব পাৰে।

Share This