গৰমৰ দিনত বাদাম কমাই খাওক স্বাস্থ্যৰ বাবে মঙ্গলজনক! নহ'লে বিপদ অনিবাৰ্য্য

Kakali Deka August 26, 2023

ডিজিটেল ডেস্ক: বাদামত আঁহ, মেগনেছিয়াম, প্ৰ'টিন, ভিটামিন থকাৰ বাবে স্বাস্থ্যৰ অতি উপকাৰী বুলি গণ্য কৰা হয়। ৰাতিপুৱা শুই উঠিয়ে তিয়াই থোৱা কাঠবাদাম খোৱাৰ অভ্যাস আছে নেকি আপোনাৰো? কিন্তু সাৱধান! গ্ৰীষ্মকালত কাঠবাদাম খোৱাটো স্বাস্থ্যৰ বাবে একেবাৰে অপকাৰী। কাঠবাদামক শৰীৰৰ বাবে গৰম বুলি বিবেচনা কৰা হয়। সেই বাবে গৰমৰ দিন কেইটাত বাদাম কমাই খোৱাটোয়েই স্বাস্থ্যৰ বাবে মঙ্গলজনক।

* কাঠবাদামত প্ৰচুৰ পৰিমাণে ভিটামিন থাকে। সেয়েহে বেছিকৈ কাঠবাদাম গ্ৰহণ কৰিলে শৰীৰত ভিটামিন-ই-ৰ পৰিমাণ বৃদ্ধি হয়। ইয়াৰ বাবে এজন ব্যক্তিয়ে ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰে লগতে ডায়েৰিয়াৰ দৰে সমস্যাত পৰাৰ সম্ভাৱনা থাকে।

* গৰম দিনত অধিক কাঠবাদাম খোৱাৰ ফলত শৰীৰত কেলৰিৰ পৰিমাণ বৃদ্ধি হয়। তাৰ ফলতেই চৰ্বি বৃদ্ধি হয়। শৰীৰত এই দুটাৰ পৰিমাণ বেছি হোৱাৰ লগে লগে ওজন বাঢ়িবলৈ আৰম্ভ কৰে আৰু ব্যক্তিজন ভোকতুৰ হৈ পৰে। সেয়েহে ,গৰমৰ দিনত অতি বেছি কাঠবাদাম খাব নালাগে। 

* গ্ৰীষ্মকালত অধিক কাঠবাদাম খালে শৰীৰত আঁহৰ পৰিমাণ বৃদ্ধি হয়। যিয়ে হজম শক্তিক প্ৰভাৱিত কৰে। ইয়াৰ ফলত পেট ফুলা, বদহজম আদিৰ দৰে সমস্যাবোৰ হবলৈ আৰম্ভ কৰে।

* যিজন ব্যক্তিয়ে গৰমৰ দিনত অধিক বাদাম খায়, সেই ব্যক্তিজনৰ ছালৰ সমস্যা হোৱাটো প্ৰায় নিশ্চিত।  মুখত ৰঙা দাগ, শালমইনা আদি সমস্যাসমূহে দেখা দিব পাৰে

Share This