গৌৰৱ গগৈৰ পাকিস্তান ভ্রমণক লৈ অসন্তুষ্ট শ্বহীদ জিন্টু গগৈৰ পৰিয়াল

dainik janambhumi February 13, 2026

ডিজিটেল ডেস্ক : গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ অভিযোগক কেন্দ্ৰ কৰি ৰাজ্যত সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া। এই প্ৰসংগত খুমটাইৰ শ্বহীদ কেপ্টেইন জিন্টু গগৈৰ মাতৃয়ে গভীৰ অসন্তুষ্টি প্রকাশ কৰে। তেওঁ কয়, 'কোনো কাৰণতে শত্ৰু দেশ পাকিস্তানলৈ 
যোৱা উচিত নাছিল। গৌৰৱ গগৈৰ পাকিস্তান ভ্রমণৰ বিষয়টো ভাল পোৱা নাই। এজন আহোম সম্প্ৰদায়ৰ ব্যক্তি হৈ চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানলৈ যোৱাটো গ্রহণযোগ্য নহয়। গৌৰৱ গগৈ পাকিস্তানলৈ গ'ল যেতিয়া তেওঁ আমাৰ শত্রু।' লগতে, গৌৰৱ গগৈৰ পাকিস্তান ভ্রমণক কঠোৰ ভাষাৰে সমালোচনা কৰে কাৰ্গিলৰ শ্বহীদ জিন্টু গগৈৰ পিতৃ আৰু ভাতৃয়েও। 

ইফালে, সদৌ টাই আহোম ছাত্র সন্থায়ো বিষয়টোক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰে। আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁয়ে গৌৰৱ গগৈক সমগ্র বিষয় সন্দৰ্ভত শীঘ্রেই স্পষ্ট স্থিতি প্রকাশ কৰাৰ আহ্বান জনায়। তেওঁ কয় যে আহোম জনগোষ্ঠীয়ে গৌৰৱ গগৈক লৈ সদায় গৰ্ব কৰে। কিন্তু চিৰবৈৰী পাকিস্তানৰ সৈতে সম্ভাব্য সম্পৰ্কৰ অভিযোগ উত্থাপন হোৱাত সমগ্র সমাজ ক্ষুব্ধ হৈছে। লগতে, গৌৰৱ গগৈয়ে সংবাদমেলত দিয়া প্ৰত্যুত্তৰ সন্দৰ্ভত মন্তব্য কৰি মিলন বুঢ়াগোহাঁয়ে কয় যে উক্ত বক্তব্যত স্পষ্টতা পৰিলক্ষিত হোৱা নাই। 'যদি তেওঁ সত্যৰ পক্ষত আছে, তেন্তে প্রকৃত সত্য প্রকাশ কৰিবলৈ ভয় কিয়?' বুলি প্রশ্ন উত্থাপন কৰে তেওঁ। অতি শীঘ্ৰে স্পষ্ট ব্যাখ্যা আগবঢ়োৱা নহ'লে উত্থাপিত অভিযোগসমূহ সত্য বুলি গণ্য হ'ব পাৰে বুলিও তেওঁ সতর্ক কৰে। 

অনাগত দিনত পাকিস্তানৰ নাগৰিকত্ব গ্ৰহণৰ দৰে সন্দেহো উত্থাপন হ'ব পাৰে বুলি তেওঁ মন্তব্য কৰে। আনহাতে, শ্বহীদ জিন্টু গগৈৰ পিতৃ-মাতৃয়ে সমগ্র ঘটনাক লৈ দুখ প্রকাশ কৰি কয় যে এনে স্পৰ্শকাতৰ বিষয়ত ৰাজনীতি কৰা অনুচিত। বিষয়টো যাতে কোনো পক্ষই ৰাজনৈতিক স্বার্থত ব্যৱহাৰ নকৰে, তাৰ বাবে সকলোকে সংযম আৰু দায়িত্বশীলতা অৱলম্বন কৰিবলৈ তেওঁলোকে আহ্বান জনায়।

Share This