ছয়গাঁৱত জলসিঞ্চনৰ অভাৱত কৃষকৰ দুর্ভোগ

dainik janambhumi July 27, 2025

ডিজিটেল ডেস্কঃ  গ্রীষ্ম প্ৰৱাহে সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাৰ অন্তৰ্গত বৃহত্তৰ ছয়গাঁও অঞ্চলৰ খেতিয়কসকলকো দুঃশ্চিন্তাত পেলোৱা পৰিলক্ষিত হৈছে। ক্রমান্বয়ে ৰ'দে ৰূদ্রমূর্তি ধৰিবলৈ আৰম্ভ কৰাত অধিক সন্ত্ৰক্ত হৈ পৰিছে খেতিয়কসকল। বছৰেকৰ ভাতমুঠি কোনোমতে যোগাৰ কৰি নানা আহুকালৰ মাজেৰে পৰিয়াল পোহপাল দিবলৈ আপ্রাণ চেষ্টা কৰিও ভাগৰি নপৰা খেতিয়কসকলক শেহতীয়াকৈ বতৰৰ পৰিস্থিতিয়ে চিন্তান্বিত কৰি তুলিছে।

উৎপাদিত দুই-এপদ সামগ্রী বিক্ৰী কৰি ঘৰৰ অন্যান্য লাগতিয়াল সামগ্রী ঘৰলৈ বুলি অনা কৃষকসকলে ল'ৰা-ছোৱালীক শিক্ষা-দীক্ষাৰ খৰচ বহন কৰাতো দূৰৰে কথা, দুবেলা দুমুঠি অন্নৰ বাবে হেঁপাহৰ ভঁড়ালটোত সোণগুটি চপোৱাৰ আশা নির্বাপিত হোৱাৰ চিন্তাই সম্প্ৰতি কৃষকসকলক হতাশাগ্রস্ত কৰি তুলিছে। শাওণৰ মাহত খেতিপথাৰ হালোৱা-ৰোৱণীৰে ভৰি পৰাৰ বিপৰীতে হাল-কোৰ বায়ো পানীৰ অভাৱত ভূঁই ৰুব নোৱৰা ছয়গঞা খেতিয়কসকলে এতিয়া মূৰে-কপালে হাত দিব লগা অৱস্থা হৈছে।

উল্লেখযোগ্য যে ছয়গাঁও অঞ্চলৰ সাপৰটাৰীৰ লাঙতাৰ পথাৰ, শিমলুবাৰীৰ পথাৰ, কলহীৰ পাৰ, দুই নম্বৰ বালাসিদ্ধি, ধোৱাৰগাঁও, উত্তৰ বাংকাকাতা, বিহদিয়া, মিলনপুৰ, দলৈপাৰা, কটহী, মিলনপুৰ, বালাগাঁও, মাকেলী, দ-গাঁও কালাৰদিয়া, কছাৰীপাৰা আদি খেতি-পথাৰত পানীৰ অভাৱত হাল বাই থোৱা মাটি শুকাই যোৱা দেখা গৈছে। আনহাতে, একাংশ খেতিয়কে কষ্টৰে সিঁচা কঠীয়াবোৰো এতিয়া প্রচণ্ড খৰাঙৰ ফলত নষ্ট হোৱাৰ উপক্ৰম হৈছে। বছৰত নানা খেতিৰ ফচল উৎপাদনেৰে ৰাজ্যৰ বজাৰত এক বিশেষ ভূমিকা পালন কৰি অহা ছয়গাঁও অঞ্চলৰ খেতি-পথাৰবোৰত আজিকোপতি চৰকাৰে জলসিঞ্চনৰ ব্যৱস্থা নকৰাত উদ্বেগ প্রকাশ কৰিছে ৰাইজে। সস্তীয়া ৰাজনীতিৰে ছয়গঞা জনজীৱন বিপৰ্য্যস্ত কৰি তোলা বিভিন্ন দলৰ নেতা-বিধায়কসকলে খেতিয়কসকলৰ উন্নয়নৰ বাবে বিগত সময়ছোৱাত কোনো পদক্ষেপ গ্রহণ নকৰাৰ অভিযোগ কৰিছে ভুক্তভোগী ৰাইজে। তদুপৰি কৃষি কাৰ্যৰ সৈতে জড়িত বজাৰ ব্যৱস্থাৰ উত্তোৰণৰ বাবেও যোৱা সময়ত চৰকাৰ তথা জনপ্রতিনিধিয়ে যাৱতীয় কাম-কাজ নকৰাৰ অভিযোগ সততে উত্থাপিত হৈ আহিছে। সাৰ-বীজ আৰু কৃষি ঋণ দিয়াৰ নামত সময়ে সময়ে অনিয়মৰ আশ্রয় লোৱাৰ অভিযোগ উত্থাপিত হৈ অহা ছয়গাঁও খণ্ড কৃষি কার্যালয়ে এনে বিষয়বোৰত কোনো গুৰুত্ব দিয়া পৰিলক্ষিত নহ'ল। ফলত ৰাজ্যত বিয়াগোম বিভাগ এটা থকাৰ পাছতো পানীৰ অভাৱত এই বতৰত কৃষকে মূৰে-কপালে হাত দিবলগা হোৱাটো এটা চিন্তনীয় বিষয়। জীৱন-জীৱিকাৰ সৈতে জড়িত আৰু অসমৰ অৰ্থনৈতিক পৰিকাঠামোেত প্রভূত অৰিহণা আগবঢ়োৱা কৃষিৰ দৰে স্পৰ্শকাতৰ বিষয়টোত পৰৱৰ্তী সময়ত বিভাগৰ ঊর্ধ্বতন কর্তৃপক্ষ আৰু জিলাৰ আয়ুক্তৰ হস্তক্ষেপ কামনা কৰিছে দুৰ্ভগীয়া কৃষকসকলে।

প্রণিধানযোগ্য যে পথাৰবোৰত বিগত সময়বোৰত হোৱা অবৈধ খনন, নদী সংযোগী জান-জুৰিবোৰ বেদখল কৰা, পথাৰবোৰত জধে-মধে গঢ় লোৱা ইটাভাতী আৰু নদীৰ বক্ষ বিদাৰি কৰি অহা বালিৰ অবৈধ খননো খেতি-পথাৰ বিনষ্ট হোৱাৰ অন্যতম কাৰণ বুলি সচেতন ৰাইজে মত পোষণ কৰিছে। তদুপৰি উত্থাপিত অভিযোগ অনুসৰি কৃষিভূমি বণিয়া গোষ্ঠীক হস্তান্তৰে দিনক দিনে ছয়গাঁও অঞ্চলৰ কৃষিভূমি সংকুচিত হৈ আহিছে। এই বিষয়বোৰত সংশ্লিষ্ট কর্তৃপক্ষৰ হস্তক্ষেপ কামনা কৰিছে ছয়গাঁও অঞ্চলৰ বহু সচেতন ব্যক্তিয়ে। নানা অভিলাষী আঁচনিৰে ৰাইজৰ ওচৰ চাপিবলৈ সক্ষম হোৱা মুখ্যমন্ত্ৰীৰ সদিচ্ছাই কৃষকসকলক উপকৃত কৰাৰ কথাও ব্যক্ত কৰে কৃষি প্রধান অঞ্চলটোৰ জনসাধাৰণে। আনহাতে, বিশিষ্ট সমাজকর্মী উমেশ চৌধুৰীয়ে কৃষিভূমিত কৃষকৰ হাৰাশাস্তিৰ গুৰুতৰ বিষয়টো সন্দৰ্ভত গভীৰ উদ্বেগ প্রকাশ কৰিছে। তেওঁ কয় যে এতিয়া দেশৰ বহু ৰাজ্যৰ খেতিয়কে বতৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয়। সময় সলনি হ'ল আৰু নানা প্ৰযুক্তিৰ পয়োভৰ হৈছে। তেনে সময়ত অসমৰ জনসাধাৰণে একবিংশ শতিকাতো বতৰৰ ওপৰত নিৰ্ভৰ কৰি খেতিয়কে মূৰে-কপালে হাত দিব লগা হোৱাটো অত্যন্ত দুখৰ বিষয় আৰু এই ক্ষেত্ৰত চৰকাৰৰ সংশ্লিষ্ট বিভাগটোৱে যথোচিত ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰিছে তেওঁ। খৰাংপীড়িত ছয়গাঁও অঞ্চলৰ কলহীপৰীয়া কৃষকৰ কৃষিভূমি ৰক্ষাৰ ক্ষেত্ৰত অনাগত সময়ত চৰকাৰে কেনে পদক্ষেপ গ্রহণ কৰে সেয়া সম্প্রতি লক্ষণীয় বিষয় হিচাপে বিবেচিত হৈছে।

Share This